শব্দৰ গঠনঃ শব্দৰ গঠন সম্পৰ্কে জানিবলৈ যোৱাৰ আগতে শব্দনো কি সেই কথা আগতে জানি ল'ব লাগিব। ভাষাৰ ক্ষুদ্ৰতম একক গোটটো হ'ল ধ্বনি। দুটা বা ততোধিক ধ্বনিৰে গঠিত অৰ্থপূৰ্ণ ৰূপটোকেই সাধাৰণ অৰ্থত শব্দ বুলি কোৱা হয়। ইংৰাজীত শব্দক Word বুলি কোৱা হয়। ডেভিড ক্ৰিষ্টটেলৰ মতে, “ A word is the smallest unit of grammar that can stand alone as a complete utterance, separated by space in written language and potentially by pauses in speech.” (The Cambridge Encyclopedia of English Language. Cambridge University press, 2003)। ধ্বনিৰ সংযোগত শব্দ গঠন কৰা হয়। কেইবাটাও শব্দ লগলগাই বাক্য গঠন কৰা হয় । বাক্যৰ সহায়ত আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ যাক আমি ভাষা বুলি কওঁ। শব্দৰ নিজা অৰ্থ থাকে। দুটা বা ততোধিক ধ্বনি একগোট হ'লেই সি শব্দ নহয়। শব্দ হ'বলৈ হ'লে অৰ্থযুক্ত হ'ব লাগিব। উদাহৰণৰ সহায়ত যদি চাওঁ, কলহ (ক+ল+হ) তিনিটা ধ্বনিৰ সমষ্টি। ইয়াৰ অৰ্থ হ'ল পানী ৰাখিবৰ বাবে এক বিশেষ ধৰণৰ মাটিৰে তৈয়াৰী পাত্ৰ। যিহেতু কলহৰ নিজা অৰ্থ আছে, গতিকে ই এটা শব্দ। লহক (ল+হ+ক) তিনিটা ধ্বনিৰ সমষ্টি। কিন্তু ইয়াৰ কোনো অৰ্থ নাই, গতিকে ই শব্দ নহয়। শব্দ হ'বলৈ হ'লে ধ্বনিসমষ্টি অৰ্থযুক্ত হ'ব লাগিব। গঠনৰ ওপৰত ভিত্তি কৰি শব্দক দুটা ভাগত ভাগ কৰিব পাৰি- মোলিক শব্দ (Basic word): যিবিলাক শব্দৰ নিজা অৰ্থ থাকে আৰু অৰ্থপূৰ্ণভাৱে খণ্ডিত কৰিব নোৱাৰি তেনে শব্দক মৌলিক শব্দ বোলে। যেনে- আকাশ, নদী, পাহাৰ, মানুহ, ঘৰ, গছ, চৰাই, মাটি ইত্যাদি। যৌগিক শব্দ(Derived word): যিবিলাক শব্দৰ নিজা অৰ্থ নাথাকে, দুটা বা তিনিটো মৌলিক শব্দ লগ লাগি এটা নতুন শব্দৰ সৃষ্টি কৰি অৰ্থ প্ৰকাশ কৰে তেনে শব্দক যৌগিক শব্দ বোলে। যৌগিক শব্দবোৰ অৰ্থপূৰ্ণভাৱে খণ্ডিত কৰিব পাৰি। যেনে- বুদ্ধিয়ক, ধাননি, কলিতানী, পেটমোচা, ছাত্ৰ-ছাত্ৰী ইত্যাদি। ( বুদ্ধি+অক= বুদ্ধিয়ক, ধান+অনি= ধাননি, কলিতা+নী=কলিতানী, পেট+মোচা=পেটমোচা, ছাত্ৰ+ছাত্ৰী=ছাত্ৰ-ছাত্ৰী ইত্যাদি। ) অসমীয়া ভাষাৰ শব্দসাধন প্ৰক্ৰিয়াক তলত উল্লেখ কৰাৰ ধৰণেৰে ভাগ কৰি দেখুৱাব পাৰি: ক) ভিন্ন অৰ্থ প্ৰকাশ কৰা দুটা ভিন্ন মোলিক শব্দ যোগ কৰি: বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা ভিন্ন শব্দ লগলাগি অসমীয়াত বহুতো নতুন শব্দৰ গঠন হয়। নতুনকৈ সৃষ্টি হোৱা শব্দবোৰক যৌগিক শব্দ বুলি কোৱা হয়। যেনে, উৰাজাহাজ= উৰা+জাহাজ পপীয়াতৰা=পপীয়া+তৰা ভাওনাসবাহ=ভাওনা+সবাহ কিতাপপত্ৰ= কিতাপ+পত্ৰ খ) নিজা অৰ্থ নথকা ভিন্ন সৰ্গ যোগ কৰি: সৰ্গ (affixes) বুলি ক'লে উপসৰ্গ (prefix) আৰু পৰসৰ্গ (suffix) দুটাৰ কথা বুজা হয়। শব্দৰ আগত বহা সৰ্গক উপসৰ্গ আৰু শব্দৰ পিছত বহা সৰ্গক পৰসৰ্গ বোলে। নিজা অৰ্থবিহীন দুটা সৰ্গ লগলাগিও অসমীয়াত নতুন শব্দ গঠন হয়। এনেদৰে গঠন হোৱা শব্দই সাধাৰণতে পৰিমান বা কোনো বস্তুৰ সংখ্যাৰ ধাৰণা দিয়ে। উদাহৰণস্বৰূপে তলৰ উদাহৰণকেইটালৈ মন কৰা- কেইটামান=কেইটা+মান গোটাচেৰেক=গোটা+চেৰেক কিছুমান=কিছু+মান কেইজন=কেই+জন গ) উপসৰ্গৰ যোগত শব্দ গঠন: উপসৰ্গ বুলি ক'লে প্ৰধানকৈ অ, নি, অনা, আও, বি, বদ, সু, সদ, বে, কু, দু এইকেইটাৰে গঠন হোৱা শব্দ বেছি। উদাহৰণকেইটালৈ মন কৰা- অদৰকাৰী, অপ্ৰয়োজনীয়, নিৰ্ভেজাল, নিখোঁজ, অনানুষ্ঠানিক, অনাঅসমীয়া, আওবাট, আওমৰণ, বিজতৰীয়া, বিপৰ্যয়, বদমাছ, বদনাম, সুনাগৰিক, সুদৰ্শন, সদনাম, সদভ্যাস, বেনামী, বেআইনী, কুকৰ্ম, কুখ্যাত, দুৰ্যোগ, দুসাহস। ঘ) পুনৰুক্তিৰদ্বাৰা শব্দগঠন: পুনৰুক্তিৰদ্বাৰা একেটা শব্দকে দুবাৰ উচ্চাৰণ কৰি নতুন শব্দগঠন কৰা হয়। সাধাৰণতে বহুবচন বুজাবৰ বাবে অৰ্থযুক্ত একোটা শব্দক দুবাৰ উচ্চাৰণ কৰি নতুন শব্দ সৃষ্টি কৰা হয়। বিশেষণ, সৰ্বনাম, ক্ৰিয়া, ক্ৰিয়া বিশেষণ আৰু সংখ্যাবাচক শব্দৰ পুনাৰাবৃত্তি বেছিকৈ হয়। যেনে- ভাল ভাল, সৰু সৰু, কাক কাক, মনে মনে, হাজাৰ হাজাৰ ইত্যাদি। ঙ) অনুৰূপ শব্দ: অনুৰূপ মানে হ'ল একেধৰণৰ শব্দ। অৰ্থযুক্ত শব্দৰ আংশিক পৰিৱৰ্তন হৈ সৃষ্টি হোৱা নতুন শব্দক অনুৰূপ শব্দ বুলি কোৱা হয়। দ্বিতীয়বাৰ উচ্চাৰিত হোৱা শব্দৰ প্ৰথম বৰ্ণৰ সামান্য পৰিৱৰ্তন ঘটে। কথাত জোৰ বুজাবৰ বাবে আৰু বহুবচনৰ অৰ্থ প্ৰকাশ কৰিবৰ বাবে এনে শব্দৰ ব্যৱহাৰ কৰা হয়। যেনে- মাছ-চাছ, ঘৰ-চৰ, ছাগলী-তাগলী, পানী-দুনী, মানুহ-দনুহ ইত্যাদি। চ) প্ৰতিধ্বন্যাত্মক শব্দ: প্ৰতিধ্ব্যনাত্মক শব্দবোৰো প্ৰথম শব্দৰ পুনৰুক্তি মাথোন। ইয়াত মূলশব্দটোৰো নিজা অৰ্থ নাথাকে। পুনৰুক্তি হোৱাৰ পিছতহে প্ৰতিধ্ব্যানাত্মক শব্দৰ অৰ্থ প্ৰকাশ পায়। এই শব্দবোৰ কোনো ধ্বনিৰ অনুকৰণত সৃষ্টি হয়। যেনে- জীৱ-জন্তুৰ মাত, ঘড়ীৰ কাটাৰ শব্দ আদি।