এটা শব্দত প্ৰকাশ কৰা ১. আনৰ ভাল দেখিব নোৱৰাঃ পৰশ্ৰীকাতৰ/চকু-চৰহা। ২. যি আনৰ অধীন নহয়ঃ স্বাধীন। ৩. যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়েঃ ডকাইত। ৪. যি লোকে বিশ্বাস ৰাখিব নোৱাৰেঃ অবিশ্বাসী। ৫. যি মাগি খায়ঃ মগনিয়াৰ। ৬. যি কথা জনা নাযায়ঃ অজ্ঞাত। ৭. যাক সহজে লাভ কৰা যায়ঃ সুলভ। ৮. যাক সহজে লাভ কৰিব নোৱাৰিঃ দুৰ্লভ। ৯. যি মানুহৰ নিজা ঘৰ-বাৰী নাইঃ অঘৰী। ১০. যি দুয়োটা চকুৰে দেখা নাপায়ঃ অন্ধ। ১১. বৰষুণ নোহোৱা বতৰঃ খৰাং। ১২. হঠাতে হোৱা ঘটনাঃ আকস্মিক। ১৩. বিহুৰ আগদিনাঃ উৰুকা। ১৪. যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰেঃ কৃতজ্ঞ। ১৫. যি বিধিসন্মত নহয়ঃ অবৈধ। ১৬. যাৰ মৰণ নাইঃ অমৰ। ১৭. যাৰ সীমা নাইঃ অসীম। ১৮. যাক মূল্য দি কিনিব নোৱাৰিঃ অমূল্য। ১৯. যি নিয়ম মতে খৰচ কৰেঃ মিতব্যয়ী। ২০. যি একো নাজানেঃ অজ্ঞ। ২১. যি অনাই বনাই ঘূৰি ফুৰেঃ যাযাবৰ। ২২. যাৰ মূৰত চুলি নাইঃ তপা। ২৩. যি ধন খৰচ নকৰেঃ কৃপণ। ২৪. যি অলপতে ভয় খায়ঃ ভয়াতুৰ। ২৫. যাৰ নাম নাইঃ অনামী। ২৬. যি মাটিৰ পাত্ৰ গঢ়েঃ কুমাৰ ২৭. যি ধাতুৰ পাত্ৰ গঢ়েঃ কমাৰ। ২৮. যাক সহজতে ভাঙিব পাৰেঃ ভংগুৰ। ২৯. য’ত মানুহ বেছিঃ জন-বহুল। ৩০. ধান থোৱা ঘৰঃ ভঁৰাল। ৩১. যি দেশৰ হকে মৃত্যুবৰণ কৰেঃ শ্বহীদ/ছহিদ। ৩২. একে মাকৰ সন্তানঃ সহোদৰ। ৩৩. যি মিছা কথা কয়ঃ মিছলীয়া। ৩৪. বাটেৰে যোৱা মানুহঃ বাটৰুৱা। ৩৫. ঘৰত থকা জন্তুঃ ঘৰচীয়া। ৩৬. যি এটা চকুৰে নেদেখেঃ কণা। ৩৭. কাণেৰে নুশুনা মানুহঃ কলা। ৩৮. যি বিদেশৰ পৰা আহেঃ বিদেশী। ৩৯. যাৰ ধন আছেঃ ধনী। ৪০. যি সমাপ্ত হোৱা নাইঃ অসমাপ্ত। ৪১. ধান থোৱা ঘৰঃ ভঁৰাল ৪২. গৰু বন্ধা ঘৰঃ গোহালি ৪৩. খাবলৈ অনা কলপুলিঃ পচলা