জতুৱা খণ্ডবাক্য (phrases in Assamese with meaning and examples) জতুৱা খণ্ডবাক্যঃ খণ্ডবাক্যসমূহে অভিধানগত সাধাৰণ অৰ্থ প্ৰকাশ নকৰি একোটা বিশেষ অৰ্থ বা ভাৱ প্ৰকাশ কৰে। ১. অজীন পাতকী (কাৰো লগত মিলিব নোৱৰা)- অজীন পাতকী স্বভাৱৰ বাবে তাক কোনেও ভাল নাপায়। ২. আঁঠু ল (সেৱা কৰ)- আঁঠু লৈ সি সকলোৰে আগত ক্ষমা খুজিলে। ৩. আলাসৰ লাড়ু (অতি মৰমৰ)- ঘৰখনৰ সকলোৰে বাবে তাই আলাসৰ লাড়ু। ৪. এলাই বাদু (অকামিলা,অকৰ্মণ্য)- এলাই বাদু হৈ থাকিলে জীৱনত একো কৰিব নোৱাৰিবা। ৫. কথা চহকী (কামতকৈ কথা বেছি কোৱা লোক)- মানুহজন বৰ কথা চহকী। ৬. কপাল ফুল (সৌভাগ্য উপস্থিত হোৱা)- চাকৰি পাই তাৰ কপাল ফুলিল। ৭. কুন্দত কটা (ধুনীয়া)- ছোৱালীজনী দেখিবলৈ সঁচাই একেবাৰে কুন্দত কটা। ৮. চকুৰ মণি (অতি আদৰৰ)- মাক-বাপেকৰ বাবে সি চকুৰ মণি। ৯. চকু মুদা (মৃত্যু হোৱা)- আজি পুৱাই তেখেতে চকু মুদিলে। ১০. চুকৰ ভেকুলী (অজ্ঞ মানুহ)- আজিৰ দিনত চুকৰ ভেকুলী হৈ থাকিলে কেনেকৈ চলিবা? ১১. ডলাৰ বগৰী (থিত নোহোৱা, ঘনাই ঠাই সলাই ফুৰা মানুহ)- সি এতিয়া ডলাৰ বগৰীৰ দৰে ঘুৰি ফুৰিছে। ১২. তিলকে তাল কৰা (সৰু কথাকে ডাঙৰ কৰা, বৰকৈ বঢ়াই কোৱা)- তিলকে তাল কৰি কিয় ক’ব লাগে বাৰু! ১৩. নপতা ফুকন (অযোগ্য হৈয়ো নিজকে ডাঙৰ দেখুওৱা)- নপতা ফুকনটো ওলালহি আকৌ। ১৪. পেট কুলি (কপটীয়া মানুহ)- মানুহজন বৰ পেটকুলি স্বভাৱৰ। ১৫. মুধা ফুটা (বিজ্ঞ, জনাজাত হোৱা)- গাঁওখনৰ ভিতৰত তেওঁ মুধা ফুটা ব্যক্তি। ১৬. সময়ৰ শৰ (যথা সময়ত কৰা কাম)- সময়ৰ শৰ সময়ত মাৰিবা। ১৭. হাত উজান দে (সহায় কৰা)- সকলোৱে হাত উজান দিছে যেতিয়া কামটো হ’বই। ১৮. হাত দীঘল (ক্ষমতাশালী)- তেওঁ বৰ হাত দীঘল মানুহ। ১৯. হাত লৰ (চোৰ প্ৰকৃতিৰ)- মানুহজন হাত লৰ স্বভাৱৰ। ২০. হাড়ত বন গজা (বহুকাল পূৰ্বে মৃত্যু হোৱা)- তেখেতৰ কেতিয়াবাই হাড়ত বন গজিল।