বাক্যৰ শ্ৰেণীবিভাগ বাক্য হৈছে কিছুমান অৰ্থযুক্ত পদৰ সমষ্টি। এটা পদ বা তাতোকৈ অধিক পদ লগ লাগি এটা চুটি বাক্য গঠন কৰা হয় আৰু অধিক পদ বা বাক্যাংশ লগ লাগি একোটা দীঘল বাক্য গঠন কৰা হয়। বাক্যত ব্যৱহৃত বাক্যাংশ কেতিয়াবা স্বাধীন হয় আৰু কেতিয়াবা অন্য এটা বাক্যাংশৰ নিৰ্ভৰশীল হোৱা দেখা যায়। এনেদৰে বাক্যাংশৰ ওপৰত ভিত্তি কৰি বাক্যক তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে- (ক) সৰল বাক্য (Simple Sentence) (খ) জটিল বাক্য (Complex Sentence) (গ) যৌগিক বাক্য (Compound Sentence) / (ক) সৰল বাক্যঃ সৰল বাক্য স্বাধীন বাক্যাংশেৰে গঠিত। একোটা সৰল অসমীয়া বাক্যৰ গঠন হৈছে কর্তা-কর্ম-ক্রিয়া (s-o-v)। অৱশ্যে কেতিয়াবা কর্তাহীন, কর্মহীন আৰু ক্রিয়াহীন সৰল বাক্যও পোৱা যায়। ইয়াত সাধাৰণতে দুটা শ্ৰেণীৰ শব্দগুচ্ছ থাকে বিশেষ্য শব্দগুচ্ছ আৰু ক্রিয়া শব্দগুচ্ছ। সাধাৰণতে কর্তা আৰু ক্রিয়া পদযুক্ত চুটি চুটি বাক্যসমূহক একোটা পূর্ণবাক্য বুলি ধৰা হয়। যেনেঃ (১) মই ফুটবল খেলোঁ। (২) মা বজাৰৰপৰা আহিছে। (৩) তুমি আজি স্কুললৈ যাবানে? অসমীয়াত ক্রিয়া পদ উহ্য থকা সৰল বাক্যও পোৱা যায়। এটা বিশেষ্য শব্দগুচ্ছৰ লগত আন এটা বিশেষ্য শব্দগুচ্ছ মিলি একোটা সৰল বাক্য হ'ব পাৰে। তলত ক্রিয়া উহ্য থকা অসমীয়া বাক্যৰ উদাহৰণ দিয়া হ'ল- (৫) মোৰ দেউতা এজন শিক্ষক। (৬) তাৰ ঘৰ যোৰহাটত। (৭) অসম এখন বৃহৎ ৰাজ্য। (খ) জটিল বাক্যঃ জটিল বাক্যত সাধাৰণতে অৰ্থৰ দৃষ্টিকোণৰপৰা এটা প্রধান বাক্য থাকে আৰু এই প্রধান বাক্যটো এটা অপ্রধান বাকজটিল বাক্যত সাধাৰণতে অৰ্থৰ দৃষ্টিকোণৰপৰা এটা প্রধান বাক্য থাকে আৰু এই প্রধান বাক্যটো এটা অপ্রধান বাক্যৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। তলত জটিল বাক্যৰ নমুনা দাঙি ধৰা হৈছে- (৮) বৰষুণ দিলে মই সভাখনলৈ নাযাওঁ। (৯) আজি গাখীৰ দিলে মায়ে পায়স বনাব। (১০) বৰষুণ হোৱাৰ বাবে খেতি ভাল হৈছে। ওপৰৰ বাক্যকেইটাত বৰষুণ দিলে, গাখীৰ দিলে, বৰষুণ হোৱাৰ বাবে আদি বাক্যাংশ কেইটা অপ্রধান বাক্য আৰু এই অপ্রধান বাক্য কেইটা ক্রমে আমি গ'লোহেঁ মই সভাখনলৈ নাযাওঁ, মায়ে পায়স বনাব, খেতি ভাল হৈছে আদি প্রধান বাক্যৰ লগত সম্পৰ্ক নিৰ্ভৰ। (গ) যৌগিক বাক্যঃ একাধিক সৰল বাক্য বা জটিল বাক্যক কিন্তু, যদি, তেন্তে, তথাপি, আৰু, অথবা, নাইবা আদি সংযোজক অব্যয়ৰ সহায়ত জোৰা লগাই যৌগিক বাক্য ৰচনা কৰা হয়। এই যৌগিক বাক্যসমূহৰ অব্যয়সমূহ আঁতৰাই দিলে দুটা বা ততোধিক সৰল বা জটিল বাক্যত পৰিণত হ'ব। অৱশ্যে ক্ষতিপূৰক হিচাপে কোনো ঠাইত একোটা শব্দগুচ্ছ যোগ দিব লগা হ'ব পাৰে, কিন্তু অৰ্থৰ ফালৰপৰা বিশেষ কোনো পৰিবৰ্তন নহয়। তলত যৌগিক বাক্যৰ নমুনা দাঙি ধৰা হ'ল- (১১) পিতৃদেৱতাৰ প্ৰতি আমাৰ অশেষ ভয় আৰু ভক্তি আছিল। (১২) ছোৱালীজনী দেখিলত মোৰ কথাটো মনত পৰিল আৰু লগে লগে ৰামৰ ওচৰলৈ গৈ কথাটো কৈ আহিলোঁ। (১৩) সি যদি আহিবলৈ বিচাৰে, তেতিয়া লৈ আহিবা। ওপৰৰ প্ৰতিটো বাক্য ভাঙিলে কেইবাটাও সৰু সৰু সৰল বাক্য উলিয়াব পৰা হ'ব। এই বাক্য কেইটাৰ পৰা সংযোজক অব্যয়বোৰ আঁতৰাই দিলেও অৰ্থৰ তাৰতম্য নঘটে, অৱশ্যে দুই এঠাইত ক্ষতিপূৰক হিচাপে একোটা শব্দগুচ্ছ সংযোগ কৰিব লগা হ'ব পাৰে। ওপৰৰ বাক্য এটা তলত ভাঙি দেখুওৱা হৈছে- ১২ (ক) ছোৱালীজনী দেখিলোঁ। (খ) মোৰ কথাটো মনত পৰিল। (গ) লগে লগে ৰামৰ ওচৰলৈ গলোঁ। (ঘ) কথাটো কৈ আহিলোঁ।