বাক্যৰীতি: এটা বা ততোধিক পদ লগলাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশক কৰা পদসমষ্টিকে বাক্য বোলে। শুদ্ধ বাক্য হ'বলৈ হ'লে বাক্যটোত কৰ্তা (subject), কৰ্ম (object) আৰু ক্ৰিয়া (verb) থাকিব লাগে। কৰ্তা অৰ্থাৎ যি কাৰ্যটো সম্পাদান কৰে, কৰ্ম অৰ্থাৎ যাৰ ওপৰত কাৰ্য সম্পাদান কৰা হয় । অসমীয়া ভাষাত ক্ৰিয়া আৰু কৰ্তা উহ্য হৈ থকা বাক্যও পোৱা যায়। অসমীয়া ভাষাৰ বাক্য গঠনৰ ৰীতি হ’ল- কৰ্তা + কৰ্ম + ক্ৰিয়া। যেনে- গৰুৱে ঘাঁহ খায়। কৰ্তা কৰ্ম ক্ৰিয়া বাক্যৰ প্ৰকাৰ: গঠনৰ দিশৰ পৰা বাক্যৰ প্ৰকাৰ তিনিটা। ক) সৰল বাক্য (Simple sentence) খ) যৌগিক বাক্য (Compound sentence) ত) জটিল বাক্য (Complex sentence) ক) সৰল বাক্য: যি বাক্যত কৰ্তা, কৰ্ম আৰু এটা সমাপিকা ক্ৰিয়া থাকে তেনে বাক্যক সৰল বাক্য বোলে। যেনে- ৰীতাই কিতাপ পঢ়ে, মানুহে ভাত খায়, চৰাই উৰে, মই এজনী ছোৱালী, তোমাৰ ঘৰ যোৰহাটত ইত্যাদি। খ) যৌগিক বাক্য: দুটা বা তাতকৈ অধিক সৰল বাক্য অব্যয়ৰ (conjunction) যোগত সংযুক্ত হৈ এটা দীঘল বাক্যৰ সৃষ্টি কৰিলে তাক যৌগিক বাক্য (compound sentence) বোলে। যেনে- ১. ৰাম আৰু লক্ষ্মণ দশৰথ ৰজাৰ পুতেক। ওপৰৰ বাক্যটোত দুটা ভিন্ন বাক্য আছে। আৰু অব্যয়ৰ দ্বাৰা বাক্য দুটা সংযুক্ত কৰা হৈছে। বাক্য দুটা হ’ল- ক. ৰাম দশৰথ ৰজাৰ পুতেক। খ. লক্ষ্মণ দশৰথ ৰজাৰ পুতেক ২. মোৰ জ্বৰ হৈ আছে কিন্তু কাহ নাই ক. মোৰ জ্বৰ হৈ আছে। খ. মোৰ কাহ হৈছে। গ) জটিল বাক্য: যি বাক্যত এটা প্ৰধান বাক্যৰ (main sentence) উপৰিও আৰু বহুতো অপ্ৰধান বাক্য (ordinary sentence) সংযুক্ত হৈ থাকে তেনে বাক্যক জটিল বাক্য (complex sentence) বোলে। যেনে- · মই বজাৰলৈ গৈ থাকোতে হৰ্ঠাৎ বৰষুণজাক জোৰেৰে আহিল আৰু মোৰ সকলো কাপোৰ তিতি মই নিজে জুৰুলী জুপুৰী হ'লো। · এইবছৰ খেতিৰ সময়ত বৰষুণ হ'লেহে খেতি ভাল হ'ব। ভাব অনুসৰি বাক্যক পাঁচটা ভাগত ভাগ কৰিব পাৰি- ১. বৰ্ণনাত্মক বাক্যঃ যিবোৰ বাক্য কোনো বিষয়ৰ বৰ্ণনা কৰা বা তথ্য প্ৰকাশ কৰিবৰ বাবে কোৱা হয় তেনে বাক্যক বৰ্ণনাত্মক বাক্য বোলে। যেনে- ভাৰতৰ ৰাজধানী দিল্লী, লাচিত বৰফুকন অসমৰ এজন বীৰ। ২. অনুৰোধসূচক বাক্যঃ আদেশ বা অনুৰোধ কৰিবৰ বাবে যি ধৰণৰ বাক্য কোৱা হয় তেনে বাক্যক অনুৰোধসূচক বা আদেশসূচক বাক্য বোলে। অনুৰোধ কৰিবৰ বাবে –দেই আৰু –চোন অব্যয় দুটা ব্যৱহাৰ কৰা হয়। যেনে- তুমি এই কামটো আজি কৰিবা দেই, ৰাতিপুৱা সোনকালে শুই উঠিবা। ৩. প্ৰশ্নসূচক বাক্যঃ যিবোৰ বাক্য ব্যৱহাৰ কৰি প্ৰশ্ন সোধা হয়, তেনে বাক্যক প্ৰশ্নসূচক বাক্য বোলে। প্ৰশ্নবোধক শব্দ (কি, ক'ত, কিয়, কোন, কাৰ, ক'লৈ, কেনেকৈ) ব্যৱহাৰ কৰি আৰু বাক্যৰ শেষত নে, নেকি অব্যয় ব্যৱহাৰ কৰি প্ৰশ্নসূচক বাক্য সজা হয়। যেনে- তুমি কোনফালে যোৱা?, আপুনি চাহ খাব নেকি?, চিৰিয়াখানা অসমৰ ক'ত আছে? ৪. আশ্চৰ্যসূচক বাক্যঃ যিবোৰ বাক্যই আচৰিত হোৱাৰ ভাব প্ৰকাশ কৰে তেনে বাক্যক আশ্চৰ্যসূচক বাক্য বোলে। কিছুমান অব্যয় শব্দ ব্যৱহাৰ কৰি আশ্চৰ্য প্ৰকাশ কৰা হয়। যেনে- ছিঃ ছঃ! ইমান লেতেৰা, ইচ্ ইচ্! তোমাৰ বহুত কষ্ট হৈছে। ৫. সন্দেহসূচক বাক্যঃ যিবোৰ বাক্যৰ সহায়ত সন্দেহ ভাব প্ৰকাশ কৰা হয় তেনে বাক্যক সন্দেহসূচক বাক্য বোলে। যেনে- আজি ৰাতিৰ ভাগলৈ বৰষুণ দিব ছাগৈ!, দেউতা আজি বজাৰলৈ যাব হ'বলা।