ভাব অনুযায়ী বাক্যৰ প্ৰকাৰ অর্থ বা ভাব অনুযায়ী বাক্যক পাঁচোটা ভাগত ভগাব পাৰি। যেনে- (ক) বর্ণনাত্মক বাক্য: সাধাৰণ তথ্য প্রকাশক। (খ) আদেশ, অনুৰোধসূচক বাক্য: আদেশ, অনুৰোধ ভাবপ্রকাশক। (গ) প্রশ্নসূচক বাক্য: প্রশ্ন সোধা ভাবপ্রকাশক। (ঘ) বিস্ময় বা আশ্চর্যসূচক বাক্য: আচৰিত বা আশ্চর্য ভাবপ্রকাশক। (ঙ) ইচ্ছা বা ভাবসূচক বাক্য: ইচ্ছা বা মনৰ ভাবপ্রকাশক। উক্ত পাঁচ প্ৰকাৰৰ বাক্যৰ প্ৰত্যেকৰে সদৰ্থক আৰু নঞর্থক দুটা ৰূপ পোৱা যায়। ইতিবাচক বা অস্তি অর্থসূচক বাক্যক সদর্থক বাক্য বোলা হয়। আনহাতে নহয়বোধক বা নাস্তি অর্থসূচক বাক্যক নঞর্থক বাক্য বোলে। সাধাৰণতে অসমীয়া ভাষাৰ নঞর্থক বাক্য গঠনৰ বেলিকা 'ন' নেতিবাচক ৰূপ সংযোগ কৰি বা 'নাই' অনিয়মিত ৰূপ যোগ কৰা হয়। তলত ওপৰৰ পাঁচ প্ৰকাৰৰ বাক্যৰ উদাহৰণ অসমীয়া ভাষাৰপৰা দাঙি ধৰা হৈছে: (ক) বর্ণনাত্মক বাক্য – সদর্থক: দিল্লী ভাৰতৰ ৰাজধানী। নঞর্থক: দিল্লী ভাৰতৰ ৰাজধানী নহয়। (খ) আদেশসূচক বাক্য সদর্থক: তুমি মোক ক্ষমা খুজিব লাগিব। নঞর্থক: তুমি মোক ক্ষমা খুজিব নালাগে। (গ) প্রশ্নসূচক বাক্য: সদর্থক: শিক্ষকজন আহিল জানো/নেকি? নঞর্থক: শিক্ষকজন নাহিল নেকি? (ঘ) বিস্ময়সূচক বাক্য: সদর্থক: মই ভাবিলোঁ, কথাটো ডাঙৰেই হ'ল! নঞর্থক: কথাটো ইমান ডাঙৰ হ'ব বুলি মই ভাবিব পৰা নাছিলো। (ঙ) ইচ্ছাসূচক বাক্য: সদর্থক: ঈশ্বৰে তেওঁক দীর্ঘজীৱী কৰি কুশলে ৰাখক। নঞর্থক: ঈশ্বৰৰ ইচ্ছা নহ'লে আমি একো কৰিব নোৱাৰো। বাচ্য অনুসৰিও বাক্যৰ প্ৰকাৰ ভেদ কৰিব পাৰি। বাক্যৰ মূল অংগ কর্তা, কর্ম, ক্রিয়া এই কেইটাক প্রাধান্য দি বাক্য ৰচনা কৰা হয়। কিছুমান বাক্যত কেতিয়াবা কর্তাক, কেতিয়াবা কৰ্মক আৰু কেতিয়াবা ক্রিয়াক প্রাধান্য দিয়া হয়। এনে গুৰুত্ব অনুসৰি বাক্যৰ গঠনৰ তাৰতম্য ঘটে আৰু পদৰ প্ৰয়োগৰ সাল-সলনি হয়। বাচ্য অর্থাৎ কথা কোৱাৰ ভঙ্গী বা বাক্য প্ৰকাশৰ ধৰণ অনুসৰি চাৰিপ্ৰকাৰৰ বাক্য পোৱা যায়। যেনে- (ক) কর্তৃবাচ্যৰ বাক্য। (খ) কর্মবাচ্যৰ বাক্য। (গ) কর্তৃ-ভাববাচ্যৰ বাক্য। (ঘ) কৰ্ম-ভাববাচ্যৰ বাক্য।