মধ্য অসমীয়া ভাষা ষোড়শ শতিকাৰ শেষৰপৰা ঊনবিংশ শতিকাৰ প্ৰাৰম্ভলৈকে মাজৰ সময়ছোৱাক মধ্য অসমীয়া ভাষাৰ যুগ হিচাপে ধৰা হয়। অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত মধ্যযুগটো অতি গুৰুত্বপূৰ্ণ, কিয়নো এই সময়ছোৱাতে প্রকৃতাৰ্থত অসমীয়া গদ্য ৰচনা পৰম্পৰাৰ সূচনা হয়। শংকৰদেৱ আৰু মাধৱদেৱৰ নাটৰ ভাষাত গদ্যধর্মী গুণ দেখা গ'লেও সেয়া প্রকৃত গদ্য বুলি ক'ব পৰা হোৱা নাছিল। গুৰু দামোদৰদেৱৰ আজ্ঞা অনুসৰি বৈকুণ্ঠনাথ ভাগবত ভট্টাচার্য্য অর্থাৎ ভট্টদেৱে গদ্যৰীতিত 'কথা-গীতা', 'কথা-ভাগৱত' 'কথা-ৰত্নাৱলী' ৰচনা কৰি নিজে সুপ্রতিষ্ঠিত হোৱাৰ লগতে অসমীয়া গদ্যক উচ্চ আসনত প্রতিষ্ঠা কৰি থৈ যায় আৰু তেতিয়াৰপৰাই অবিৰতভাবে অসমীয়া গদ্য সাহিত্যই বিকাশ আৰু বিস্তৃতি লাভ কৰি আহিছে। এই সময়ছোৱাত চৰিত-সাহিত্য, বুৰঞ্জী সাহিত্য আৰু অন্যান্য ব্যৱহাৰিক পুথিৰ গদ্যই অসমীয়া ভাষাক বিশেষ ৰূপত চহকী কৰি তোলে। আহোমসকলৰ অসমলৈ আগমন আৰু অসমত আহোমৰ ৰাজত্বৰ ফলস্বৰূপে আর্যভাষাৰ লগত তেওঁলোকৰ ভাষাৰ সংমিশ্রণত অসমীয়া ভাষাটোত এটা সুকীয়া প্রকাশ ৰীতিৰ সৃষ্টি হয়। তেওঁলোকে পোনতে আহোম বা টাই ভাষাতে বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ কৰিলেও ষোড়শ শতিকাৰপৰা অসমীয়া গদ্যত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ কৰি অসমীয়া ভাষাৰ বিকাশত এটা নতুন দিশৰ সূচনা কৰে। 'বুৰঞ্জী' অসমীয়া ভাষালৈ আহোমসকলৰ অনবদ্য অৱদান। এই সময়ছোৱাতে ৰচিত পদ্যত লিখা 'চৰিত পুথি', গদ্যত ৰচিত 'গুৰু চৰিত কথা', বিভিন্ন ব্যাৱহাৰিক সাহিত্য, ৰঘুনাথ মহন্তৰ 'কথা ৰামায়ণ' ইত্যাদিত মধ্য যুগৰ অসমীয়া ভাষাটোৰ স্বকীয় ৰূপটো প্রতিফলিত হৈছে। মধ্য যুগৰ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য বিচাৰ কৰিলে দেখা যায়- (ক) আধুনিক অসমীয়াৰ দৰেই ক্ৰিয়াৰ কালবাচক ৰূপত পুৰুষবাচক চিন লগ লাগে। যেনে- থম পুৰুষ- নিওঁ দ্বিতীয় পুৰুষ (মান্য)- কৰা দ্বিতীয় পুৰুষ (তুচ্চ)- ধৰাইছ তৃতীয় পুৰুষ- কৰে, গ'ল আদি (কথা গুৰু চৰিত)। (খ) মধ্য যুগৰ 'কথা গুৰু চৰিত'ৰ ভাষাত কামৰূপী উপভাষাৰ বৈশিষ্ট্যই অধিক। বৈষ্ণৱ ধৰ্মৰ প্রত্যক্ষ প্রভাব আৰু সত্ৰীয়া প্রকাশভংগীয়ে ইয়াৰ ভাষাটোক স্বকীয় মাত্রা প্রদান কৰিছে। (গ) আধুনিক অসমীয়াত ব্যৱহৃত সকল, বোৰ, -বিলাক, হঁত, -পাল আদি বহুবচনৰ প্রত্যয়ৰ প্রয়োগ মধ্যযুগৰ ভাষাতে পোন প্ৰথমবাৰৰ বাবে পোৱা যায় (বুৰঞ্জী)। (ঘ) দিয়েক, -চেৰেক, মান আদি অনির্দিষ্টতাবাচক প্রত্যয়ৰ প্রয়োগ। (ঙ) অসমীয়া ভাষাৰ নাস্ত্যার্থক 'ন' ক্ৰিয়াৰ আগত বহে আৰু পুৰণি অসমীয়াত এই ৰূপ অপৰিৱৰ্তিত হৈ ব্যৱহৃত হৈছিল; কিন্তু মধ্য যুগত ৰচিত বুৰঞ্জীত এইবোৰৰ সমীভৱন হৈ ক্রমে ন কৰোঁ, না-খাওঁ, নি-লিখোঁ, নু-চুওঁ, নে-খেলোঁ, নো-পোৰে আদি ৰূপত প্রয়োগ হোৱা দেখা যায়। (চ) প্রচলিত কথিত ভাষাৰ লগতে ফকৰা-যোজনা, জতুৱা খণ্ডবাক্য আদিৰ বহুল প্রয়োগ। ভট্টদেৱৰপৰা বুৰঞ্জীৰ ৰচনা কাললৈ এশ বছৰৰ ব্যৱধান। এই এশ বছৰৰ ভিতৰত অসমীয়া ভাষাই কি গঢ় ল'লে তাৰ প্ৰকৃত নিদর্শন বুৰঞ্জীত পোৱা যায়। সংস্কৃত ভাষাৰ প্ৰয়োগ, পশ্চিম আৰু পূৱ অসমৰ ভাষাৰ লগতে প্রাচীন অসমীয়া আৰু থলুৱা কথিত ভাষাৰ প্ৰয়োগ, আহোম শব্দৰ প্রয়োগ, পাচী, আৰৱী শব্দৰ প্ৰয়োগ- এই যুগৰ অসমীয়া ভাষাৰ অন্যতম বৈশিষ্ট্য। মধ্য যুগৰ ভাষাৰীতিয়ে প্রাচীন অসমীয়া আৰু আধুনিক অসমীয়াৰ মাজত যোগসূত্ৰ নিৰ্মাণ কৰা বুলি ক'ব পাৰি। সেইবাবেই মধ্য যুগৰ অসমীয়া ভাষাটোক 'সমন্বয়ৰ ভাষা' আখ্যা দিব পাৰি ।