অঙ্কীয়া নাট সংস্কৃত নাট্যশাস্ত্রত অঙ্ক শব্দৰ অৰ্থ হ'ল চিহ্ন, অর্থাৎ নাটকীয় কাহিনীৰ স্তৰ চিহ্নিত কৰা বিভাগ। সংস্কৃত ৰূপকত একৰপৰা দহ-বাৰটালৈ অঙ্ক পোৱা যায়। অঙ্কীয়া নাটৰ বৈশিষ্ট্য: অঙ্কীয়া নাটসমূহলৈ লক্ষ্য কৰিলে কেইটামান সাধাৰণ বৈশিষ্ট্য চকুত পৰে; (১) সূত্ৰধাৰৰ প্ৰাধান্য, (২) কাব্যধর্মী গীত, শ্লোক আৰু পয়াৰ প্রাচুর্য (৩) ব্ৰজাৱলী ভাষাৰ প্রয়োগ (৪) লয়যুক্ত গদ্যৰ ব্যৱহাৰ। (৫) সংগীত-নৃত্য। অঙ্কীয়া নাটৰ সূত্ৰধাৰ – সংস্কৃত নাটৰ সূত্ৰধাৰৰ আদৰ্শতে সৃষ্টি কৰা হৈছে যদিও, অসমীয়া দর্শকৰ শিক্ষা-দীক্ষা আৰু সংস্কাৰলৈ লক্ষ্য ৰাখি মহাপুৰুষে সূত্ৰধাৰক নতুন ৰূপত অঙ্কীয়া নাটত প্রয়োগ কৰিলে। সংস্কৃত নাটৰ সূত্ৰধাৰৰ দৰে প্ৰস্তাৱনাতে কাম শেখ নহয়; ৰঙ্গস্থলীত আদিৰ পৰা শেহলৈকে উপস্থিত থাকি অভিনয় শেষ নকৰালৈকে সূত্ৰধাৰৰ কাম শেষ নহয়। অঙ্কীয়া নাটৰ সূত্ৰধাৰ একেধাৰে গায়ক, নর্তক, পৰিস্থিতি ব্যাখ্যাকাৰী আৰু অভিনয় পৰিচালক। অঙ্কীয়া ভাৱনাত সূত্ৰধাৰৰ দ্বাৰা অনুষ্ঠিত কাৰ্য্যসমূহ প্রধানকৈ এইখিনি: ১) নান্দী আৰু প্ৰাৰম্ভিক ভটিমাৰ আবৃত্তি আৰু তাৰ লগে লগে মাঙ্গলিক ভক্তিজ্ঞাপক নৃত্য। ২) সঙ্গীৰ লগত কথা-প্রসঙ্গত নাটৰ নাম আৰু অভিনয়-দৰ্শনৰ ফলকখন। ৩) বক্ষস্থলত প্রধান চৰিত্ৰকে প্রমুখ্য কৰি পাত্র-পাত্ৰীসমূহক প্ৰৱেশকৰণ আৰু দৰ্শকৰ আগত গীত-কথাৰ যোগেদি পৰিচয় জ্ঞাপন। ৪) নাটকীয় ঘটনা-পৰম্পৰা আৰু পৰিস্থিতিসমূহ গীত আৰু কথা-সূত্ৰৰ যোগেদি মুকলিকৈ প্ৰকাশ কৰা আৰু ঘটনা পৰম্পৰাৰ সংযোগসূত্র স্থাপন কৰা। সংস্কৃত শ্লোক, ব্ৰজাৱলী গীত আক পয়াৰ আৰু গদ্যাত্মক বর্ণনা বা ব্যাখ্যা এই তিনিটা অঙ্গ সূত্ৰধাৰৰ দ্বাৰাই অনুষ্ঠিত হয় আৰু ইয়াৰ যোগেদিয়ে তেওঁ অভিনেয় ঘটনা-পৰম্পৰা আৰু পৰিস্থিতিসমূহ দৰ্শকৰ আগত গাম্ভীৰ্য ৰক্ষা কৰি আকর্ষণীয় ৰূপত উপস্থাপিত কৰে। অৱশ্যে চবিত্র-বিশেষৰ বিলাপ বা তেনেধৰণৰ ব্যক্তিগত সুখ-দুখ জ্ঞাপক গীত সূত্ৰধাৰে নাগায়। ৫) আধুনিক অভিনয়ৰ স্মাৰকৰ দৰে কোন চৰিত্ৰই কেতিয়া আৰু কাৰ পিছত বচন মাতিব লাগে আৰু কি কাৰ্য কৰিব লাগে তাৰ নিৰ্দেশ দিয়ে। ৬) বঙ্গস্থলত অভিনয় কৰি দেখুৱাব নোৱাৰা ঘটনাসমূহৰ দৰ্শকে অনুমান কৰি ল'বলৈ বর্ণনা প্রদান। ৭) মুক্তিমঙ্গল ভটিমাৰ যোগেদি নাটৰ পৰিসমাপ্তি। সূত্ৰধাৰ হ'ল নাটকীয় চৰিত্ৰ আৰু দৰ্শকৰ মাজত মধ্যস্থ ব্যক্তি। তেওঁ চৰিত্ৰৰ ব্যৱহাৰ আৰু কার্যাবলী দর্শকক বোধগম্য কৰাত সহায় কৰে। উপযুক্ত পটভূমি আৰু পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে আধুনিক নাট্যকাৰে নাটৰ ভিতৰত যি নিৰ্দেশ আৰু ইঙ্গিত দিয়ে, অঙ্কীয়া নাটত সেই কাম সূত্ৰধাৰৰ যোগেদি সম্পন্ন হয়। গীতিধর্মীতা অঙ্কীয়া নাটৰ দ্বিতীয় উল্লেখনীয় বৈশিষ্ট্য হ'ল ইয়াৰ গীতিধর্মীতা। নাটৰ আৰম্ভ আৰু পৰিসমাপ্তি কেৱল গীতিমুখৰেই নহয়, গোটেই নাটকীয় কাহিনী বা বিষয়বস্তুকে গীতৰ মাধ্যমেদি পৰিণতিৰ পথত আগবঢ়াই নিয়া হয়। নাটৰ সংলাপ আৰু কথা-সূত্ৰখিনি পৰিহাৰ কৰি যদি কেৱল গীত আৰু পয়াৰখিনি পাঠ কৰা যায়, তেতিয়াও নাট্য কাহিনীৰ বিকাশৰ ৰূপটো অনুধাৱন কৰাত একো অসুবিধা নহয়। বস্তু বিকাশৰ বিভিন্ন স্তৰ আৰু পৰিস্থিতি, চৰিত্ৰৰ ব্যৱহাৰ, মানসিক অৱস্থা আৰু কার্যকলাপ এই সকলোবোৰ গীতৰ যোগেদি আকর্ষণীয়ভাবে প্রকাশ কৰা হৈছে। নাটকীয় ঘটনাৰ প্রত্যেকটো অৱস্থাকে প্রথমতে অতি চমুকৈ শ্লোকত আভাস দি তাৰ পিছত গীতত বহলাই বিশ্লেষণ কৰা হয়। পাত্র-পাত্ৰীৰ সুখ, দুখ, আবেগ-অনুভূতিৰে ভাৰাক্ৰান্ত মুহূৰ্তবোৰ চিত্ৰিত কৰিবলৈ গীতৰ আশ্ৰয় অধিক পৰিমাণে লোৱা হৈছে। চাৰি প্ৰকাৰৰ গীত নাটসমূহত ব্যৱহাৰ কৰা হৈছে- (১) ভক্তিপ্রধান, গুৰু গম্ভীৰ ভটিমা, (২) নাট্যকাহিনীৰ অংগীভূত ৰাগ তালযুক্ত অনুভূতিশীল গীত আৰু (৩) বর্ণনাত্মক পয়াৰ আৰু চপয় (৪) প্ৰবেশৰ গীত; শেষৰবিধ গীতত চৰিত্ৰৰ আৱয়িক বর্ণনা আৰু স্বভাৱৰ আভাস দিয়া হয়। গীতবোৰৰ সাংগীতিক মূল্যৰ উপৰি সাহিত্যিক মূল্যও কম নহয়। ভাবানুগামী ছন্দ, অনুপ্রাস, যমক আৰু বিভিন্ন অৰ্থালঙ্কাৰ প্ৰয়োগৰ দ্বাৰা বৰ্ণনীয় বিষয়ক ৰমণীয় আৰু শ্রুতিমধুৰ কৰি পৰিস্থিতি একোটি গীতত অঙ্কন কৰাৰ প্ৰয়াস দেখা যায়। ভাষা অঙ্কীয়া নাটৰ তৃতীয় বৈশিষ্ট্য হ'ল ইয়াৰ ভাষা। এই ভাষাক অসমত ব্ৰজাৱলী, বঙ্গদেশত ব্রজবুলি কোৱা হয়। এই ভাষা কোনো বিশেষ অঞ্চলৰ হুবহু কথিত ভাষা নহয়, মধ্যযুগীয় বৈষ্ণৱ কবিসকলে গঢ়ি লোৱা এটা কৃত্রিম সাহিত্যিক ভাষা। বিদ্যাপতিৰ পদাৱলীসমূহত যি ভাষা প্রয়োগ কৰিছে সেই ভাষাৰ লগত কবিসকলে স্বকীয় ভাষা আৰু আন দুই-এঠাইৰ দুই চাৰিটা শব্দ সংমিশ্রণ ঘটাই এই নতুন ভাষাৰ সৌধ নির্মাণ কৰিছে। বৌদ্ধসকলৰ পালি ভাষা যেনেকৈ কোনো বিশেষ অঞ্চলৰ কথিত ভাষাৰ সাহিত্যিক ৰূপ নহয়, কেইবাটাও ভাষাৰ সংমিশ্ৰণৰ মাত্ৰাভেদে সৰ্বজনবোধ্য কৰি এই ভাষা গঢ়ি লৈছিল, তেনেকৈ ব্ৰজাৱলীও সৃষ্টি হৈছে। আকৌ যেনেকৈ পালি ভাষাৰ গঠনত মগধ অঞ্চলৰ কথিত ভাষাকে অধঃস্তৰ স্বৰূপে লৈ আন অঞ্চলৰ ভাষাৰ শব্দাৱলী আৰু প্ৰকাশৰীতি গ্রহণ কৰি এটি সর্বজনগ্রাহ্য, সর্বজনবোধ্য ভাষা সৃষ্টি কৰা হৈছিল তেনেকৈ মৈথিলী আৰু অৱহট্ট ভাষাৰ লগত অসমীয়া প্রকাশ ৰীতি বা ঠাচ আৰু শব্দাৱলী সংযোগ কৰি অসমীয়া ব্ৰজাৱলী ভাষা সৃষ্টি হৈছে। অৱশ্যে মহাপুৰুষ দুজনৰ ব্ৰজাৱলী ৰচনাৰ ঠায়ে ঠায়ে ভোজপুৰী, অৱধী আৰু ব্ৰজভাষাৰ (পশ্চিমা হিন্দী) ছিটিকনি নপৰাকৈ থকা নাই। অঙ্কীয়া নাটত ব্যৱহাৰ হোৱা ক্রিয়া, সর্বনাম, ক্রিয়াবিশেষণ আদিৰ ৰূপ সামান্য ইফাল সিফাল ৰূপত একেবাবে মৈথিলী, ভোজপুৰী, অৱধী আৰু ব্ৰজভাষাতো পোৱা যায়। উদাহৰণ স্বৰূপে কবহু, কবহো, জাকৰ, জাকেৰ, জৈসে, কৈসে, জাসু, মোহি, হোই, আদি ৰূপ মৈথিলী, অৱন্ধী আৰু ব্ৰজভাষাতো পোৱা যায়। ই মহাপুৰুষৰ বহু বছৰ তীৰ্থ পৰ্যটনৰ প্ৰভাৱ। মৈথিলী ৰূপ আৰু অসমীয়া ঠাচৰ কেনে সমিলমিল ঘটিছে তাৰ নিদর্শন তলত উদ্ধৃত কৰা বাক্যকেইটাই দাঙি ধৰিব। "হে পৰম ঈশ্বৰ, তোহাৰি পদ প্রহাৰে স্বামী মৰি যায়... ইহাক দোষ বাৰেক মৰষ গোসাঞি। তোহাৰি আগু ক্ষুদ্র পতঙ্গ; আহেক মাৰি কোন যশ সাধব? যত লাগে মানে শান্তি পাৱল।” (কালিয়দমন) বৃত্তগন্ধী গদ্য অংকীয়া নাটৰ চতুৰ্থ বৈশিষ্ট্য হ'ল বৃত্তগন্ধী গদ্যৰ প্ৰয়োগ। অসমীয়া সাহিত্যৰ পোন প্ৰথম গদ্যৰ নিদৰ্শন শংকৰদেৱৰ নাটত ব্যৱহাৰ হোৱা গদ্যাংশখিনি। অৱশ্যে বিশুদ্ধ অসমীয়া গদ্যৰ নিদৰ্শন ই নহয়, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য ভট্টদেৱৰ হাততহে বিশুদ্ধ অসমীয়া গদ্যই ৰচনাৰ একমাত্র মাধ্যমৰূপে ব্যবহৃত হৈ পূর্ণ প্রতিষ্ঠা লাভ কৰে। মহাপুৰুষেই সম্ভৱতঃ প্রথমে উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষাৰ নাটত গদ্য সংলাপ ব্যৱহাৰ কৰে। মিথিলাৰ বিদ্যাপতি, গোবিন্দ আৰু উমাপতি আদি নাট্যকাৰসকলে ৰচনা কৰা মধ্যযুগৰ নাটত কেলে গীতবোৰ মৈথিলী ভাষাত, সংলাপ হয় সংস্কৃত, নহয় প্রাকৃতত ৰচিত। মহাপুৰুষেই গীত-মাত কথা সকলো দেশীয় ভাষাত ৰচনা কৰি সৎসাহসৰ পৰিচয় দিয়ে। কিন্তু এই গদ্যই কথা ৰীতি অনুসৰণ নকৰি এটি সুকীয়া বীতিহে অনুসৰণ কৰিছে, সেই কাৰণে ইয়াক লয়বদ্ধ বা বৃত্তগন্ধী গদ্য বোলাহে উচিত হ'ব। এইখিনিতে মনত ৰাখিব লাগিব যে অংকীয়া ভাৱনাত গদ্যাংশবোৰ সূত্ৰধাৰে বা ভাৱৰীয়াই সুৰ ধৰিহে মাতে। বাক্যবোৰত অন্ত্যধ্বনিৰ মিল আৰু অনুপ্ৰাসৰ সঘন প্রয়োগ আৰু সুৰানুসৰি শব্দ বিন্যাসে নাটৰ গদ্যক সাধাৰণ গদ্যৰ পৰা স্বকীয়তা দান কৰিছে।