মোৰ দেশ হীৰেন ভট্টাচার্য মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্রতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ-সোণোৱালী ভবিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে-আঁহে মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল। দেশে-দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে-হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাবতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্রাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্রা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য। জীৱনৰ নতুন অর্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্রতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্রতিটো ঋতুরে মোক দি যায় জীৱনৰ আশীর্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ। এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্রু-মিত্র সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেবে জিনিছোঁ। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছোঁ- ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই। মোৰ দেশ- মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পর্বত-মূললৈ... কবি পৰিচয়: ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত হীৰেন ভট্টাচাৰ্যৰ জন্ম হয়। পিতৃৰ চাকৰিসূত্ৰে অসমৰ কেইবাখনো চহৰত স্কুলীয়া শিক্ষা গ্রহণ কৰা হীৰেন ভট্টাচার্যই গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই.এ, পাছ কৰে। মূলতঃ কবি হিচাপে খ্যাতি লভা হীৰেন ভট্টাচার্য অসমীয়া সাহিত্যৰ জগতত 'সুগন্ধি পখিলা'ৰ কবি আৰু 'ব'দালীৰ কবি' হিচাপে পৰিচিত। তেখেতৰ কবিতা পুথিসমূহ হ'ল: 'ৰৌদ্র কামনা', 'তোমাৰ বাঁহী', 'সুগন্ধি পখিলা', 'বিভিন্ন দিনৰ কবিতা', 'মোৰ প্ৰিয় বৰ্ণমালা', ইত্যাদি। তেখেতৰ অন্যতম কবিতা পুথি 'শইচৰ পথাৰ মানুহ'ৰ বাবে হীৰেন ভট্টাচার্যই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ১৯৯২ চনত। অসমীয়া সাহিত্যপ্রেমীৰ মাজত 'হীৰুদা' নামে জনপ্রিয় হীৰেন ভট্টাচাৰ্যই ২০০০ খ্রীষ্টাব্দত 'অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। ২০১২ চনৰ ৪ জুলাইত হীৰেন ভট্টাচাৰ্যৰ মৃত্যু হয়।