লঙ্কাৰ সম্বাদ কি? বেনাৰ গাঁও আৰু কুমাৰী গাঁও নামে দুখন ওচৰাওচৰি গাঁও আছিল। গাঁও দুখনৰ মাজত মিল নাছিল; সদায় ইখনে সিখনৰ, আৰু সিখনে ইখনৰ নিন্দা কুৎসা কৰি থাকে। দৈবাৎ বেনাৰ গাঁৱৰ দৰা এটালৈ কুমাৰী গাঁৱৰ কন্যা এজনী দিয়াৰ বন্দোবস্ত হ'ল। বিয়াৰ দিনা দৰা ঘৰীয়া মানুহৰ লগত কন্দল কৰিবৰ মনেৰে কুমাৰী (অর্থাৎ কন্যাৰ) গাঁৱৰ ডেকা কিছুমানে আলচ পাতিলে। বেনাৰ গাঁৱৰ মানুহ দৰাৰ লগত নিশা বিয়ালৈ আহোঁতে, বাটতে কুমাৰীগঞা ডেকাবিলাকে আগচি ধৰি সুধিলে, "লঙ্কাৰ সম্বাদ কি?” বান্দৰবিলাক ৰামৰ লগত লঙ্কালৈ গৈছিল আৰু সেই নিমিত্তে লঙ্কাৰ সকলো কথা জানিছিল। কুমাৰীগঞাহঁতে "লঙ্কাৰ সম্বাদ কি"- এই প্রশ্নৰ দ্বাৰাই বেনাৰগঞাহঁতক প্ৰকাৰান্তৰে বান্দৰ বুলিছিল। বিয়াখনত বুঢ়া মানুহবিলাক আগত গৈছিল, কুমাৰীগঞাৰ "লঙ্কাৰ সম্বাদ কি" প্রশ্ন শুনি বুঢ়াবিলাকে ক'লে, "আমাৰ পাছত আদহীয়াসকল আহিছে, তেওঁলোকক সুধিবা। আমাক বাট এৰি দিয়া।" কুমাৰীগঞাহঁতে তেওঁলোকক বাট এবি দি আদহীয়াবিলাকক লগ পাই উক্ত প্রশ্ন কৰিলে। তেওঁলোকে উত্তৰ দিলে, "আমাৰ পাছত ডেকাসকল আহিছে, তেওঁলোকক সুধিবা।” ডেকা দলক লগ পাই কুমাৰীগঞাই পুনৰ প্ৰশ্ন কৰিলে, "লঙ্কাৰ খবৰ কি?” ডেকা দলব এজনে উত্তৰ কৰিলে, "আমাক বিয়াৰ থললৈ এতিয়া যাব দিয়া; সভাত তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিম।" এই বুলি কোৱাত কুমাৰীগঞাহঁতে হেঙাৰ এৰি দিলে। দৰা ঘৰীয়া মানুহ যেতিয়া কন্যা ঘৰত বহিল, আৰু সভাস্থল স্থিৰ হ'ল তেতিয়া দৰাঘৰীয়া উক্ত ডেকাজনে থিরুদি ক'লে, 'বাইজসকল, আমি বাটত আহোঁতে কুমাৰীগঞা ডেকাহঁতে আগচি ধৰি আমাক প্রশ্ন কৰিছিল, "লঙ্কাৰ খবৰ কি?” পাছে মই ক'লো যে তাৰ উত্তৰ সভাস্থলত দিম। এই বুলি কোৱাত আমাক বাট এবি দিলে। সেই প্রশ্নটোৰ উত্তৰ মোৰ প্রতিজ্ঞামতে এতিয়া মই দিবলগীয়া হৈছে। আপোনাসকলে মোৰ কথালৈ যেন কাণ কৰে, এই প্রার্থনা। মই এটা দুখীয়া মানুহ, খোৱা পিন্ধাত বৰ কষ্ট; এসাজ খাই এসাজ লঘোণে থাকোঁ। মোৰ ঘৰৰ মানুহজনীয়ে দুঃখ সহিব নোৱাৰি মোক ক'লে, 'আমিনো সদায় ইয়াত কষ্ট পাই কিমান থাকিম, লঙ্কাখন বোলে সুবৰ্ণৰ, তুমি যদি তালৈকে গৈ এচপৰা সোণ আনিলাহেঁতেন, তেনেহ'লে আমাৰ কষ্ট গুচিলহেঁতেন'। তেওঁৰ কথাযাৰত মোৰ মন লাগিল, লঙ্কালৈ গৈ কিছু সোণ আনিলেইতো দুঃখ দূৰ হয়। ইয়াকে ভাবি ঘৈণীয়ে বান্ধি দিয়া পিঠাগুৰি আৰু আঠিয়া কল কেইটামান বাটৰ সমল কৰি লৈ লঙ্কালৈ ৰাওনা হলোঁ। কেইবা দিনৰ মূৰত লঙ্কা পালোঁগৈ। লঙ্কাপুৰীলৈ সোমোৱা বাট-ঘৰতে দেখিলোঁ বীৰ হনুমানক ডিঙিত শিকলি লগাই বান্ধি থৈছে, মানুহৰ ঘৰত শিকলি লগাই বান্ধি থোৱা পোহনীয়া বান্দবে যেনেকৈ ইফাল সিফালকৈ খোজ চলাই থাকে, সেইদৰে বীৰ হনুমানেও ডিঙিত শিকলিৰ সৈতে ইফাল সিফালকৈ টহলি আছে। মোক দেখা পাই তেওঁ আলহ-উলহকৈ মাতিলে, "আহা বোপাই আহা, তুমি মোৰ প্ৰভু শ্রীৰামচন্দ্ৰৰ দেশৰ পৰা আহিছা। মোৰ এই দুর্দশা দেখিছাই; ডিঙিত শিকলিৰ বান্ধ লৈ বন্দী হৈ আছোঁ; মোৰ এই দুঃখৰ কথা মোৰ দেশৰ পো-নাতিহঁতক ক'বাগৈ।" এই কথা শুনি মই ক'লোঁ, আপোনাৰ পো-নাতিয়েকহঁত নো কোন আৰু ক'ত থাকে মই নাজানো। মই তেওঁলোকক বাতৰি ক'বলৈ কেনেকৈ চিনি পাম? মোৰ এই কথা শুনি হনুমান বীৰে কলে, "তাৰ নিমিত্তে তুমি চিন্তা কৰিব নালাগে। মোৰ পো-নাতিহঁতক তুমি বিচাৰিবও নালাগে, চিনি পাবও নালাগে; তুমি লঙ্কাৰপৰা গ'লে সিহঁতে নিজেই তোমাক লগ ধৰি তোমাক "লঙ্কাৰ খবৰ কি?" বুলি সুধিব; তেওঁবিলাকেই মোৰ পো-নাতি বুলি জানিবা। ৰাইজসকল, যিবিলাক ডেকাই আজি "লঙ্কাৰ খবৰ কি” বুলি আমাক বাটত প্রশ্ন কৰিছিল তেওঁলোকেই বোধকৰোঁ বীৰ হনুমানৰ পো-নাতি। যদি সেয়েই হয়, তেন্তে তেওঁলোকক কওঁ যে তেওঁলোকৰ পিতা, পিতামহ বা প্রপিতামহ (যাৰ যেনে সম্বন্ধ) বীৰ হনুমানক লঙ্কাৰ দুৱাৰত দুৱৰী কবি ডিঙিত শিকলি লগাই কোনোবাই বান্ধি থৈছে।" ডেকাজনৰ এই বুদ্ধিৰ উত্তৰটি শুনি বেনাৰগঞাহঁতে হাঁহিবলৈ ধৰিলে, আৰু কুমাৰী গাঁৱৰ প্ৰশ্ন কৰা ডেকাহঁত জঁয় পৰিল। লেখকৰ পৰিচয়: ১৮৫৮ চনত নগাঁও চহৰত ভোলানাথ দাসব জন্ম হয়। ভোলানাথ দাসে ১৮৭৯ চনত নগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীর্ণ হৈ কলিকতাৰ মেট্রোপলিটান কলেজত শিক্ষা গ্রহণ কৰে। নগাঁও জিলাৰ 'ডিস্ট্রিক্ট ছার্ভেয়াৰ' পদত চাকৰি জীৱন আৰম্ভ কৰা ভোলানাথ দাসে কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰিছিল। পাছত ছিভিল ছার্ভিছ পৰীক্ষাত উত্তীর্ণ হৈ ১৮৮৮ চনত মাটিৰ হাকিম হিচাপে কার্যনির্বাহ কৰে। এই কামত যথেষ্ট সুনাম-সুখ্যাতি লাভৰ ফলত সহকাৰী চেটেলমেন্ট বিষয়া নিযুক্ত হোৱাৰ উপৰি প্ৰথম শ্ৰেণীৰ কৰ্মচাৰী হৈ দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেটৰ ক্ষমতা লাভকৰে। পঢ়াশালি আৰু কলেজীয়া জীৱনতেই সাহিত্যিক-জীবন আৰম্ভ কৰা ভোলানাথ দাসে প্রাক্-জোনাকী যুগৰ কবি হিচাপে প্রসিদ্ধি লাভ কৰিছিল। তেখেতৰ পাঁচখন কবিতা পুথিৰ ভিতৰত দুখন- 'কবিতা-মালা' (প্রথম ভাগ আৰু দ্বিতীয় ভাগ), দুখন 'চিন্তা-তৰঙ্গিনী' (প্রথম ভাগ আৰু দ্বিতীয় ভাগ), আৰু আনখন 'সীতা হৰণ কাব্য।