গল্প লাজ লাগি গ'ল ...মে' মাহৰ চোকা ৰ'দ আৰু গৰম। ড° গগৈ আৰু মই সোণাৰিৰ পৰা আহি আছোঁ বাছত। বাটতে তিনিজনীয়া বেঞ্চত আৰু এজন বহিলহি। তেওঁ ড° গগৈৰ বাল্যবন্ধু। এতিয়া চৰকাৰী বিষয়া। গগৈয়ে মোৰ লগত চিনাকি কৰি দি ক'লে, "এওঁ একালত ছ'চিয়েল বৰ্ক কৰিয়েই কটালে। কলেজত পঢ়ি থকাৰ সময়ত ওচৰত ক'ৰবাত মানুহ মৰিলে দেখিব ছচিয়েল বৰ্কাৰ গৈ হাজিৰ; ক'ৰবাত ঘৰত জুই লাগিল- তেওঁ গৈ উপস্থিত; কাৰোবাৰ টান নৰীয়া, দেখিব হস্পিটেল আৰু ডাক্তৰৰ ঘৰলৈ মাকো-মৰা মানুহজন এওঁ”। আমি তিনিও হাঁহিলোঁ। এতিয়া অফিচত ফাইল-বকছ আৰু গৃহিণীৰ হুকুমত হ'ম-ৱৰ্কছ।" তেওঁৰ কথা আমি আকৌ হাঁহিলোঁ। সোণাৰিৰ পৰা বাছখন নাজিৰাইদি শিৱসাগৰ পাব লাগে। বাটতে এটা চাৰিআলিত বাছখন ৰ'ল। বাছখন ৰ'লেই ৰ'দ আৰু গৰমে সিজাই পেলাব খোজে। দুটা ডেকা ল'ৰা উঠিলহি। তাৰে এটা গোল মুখৰ, বেছ মদগজ। আনটো অলপ খীণ। ড্ৰাইভাৰৰ বাওঁহাতৰ দুটা ছীট দখল কৰি ল'লে দুয়ো। দুয়োটাবে গাত ফুল থকা শ্বাৰ্ট আৰু জীনছৰ পেন্ট। বাছত উঠিয়েই দুইটাই বে-পৰোৱা কায়দাত বহি ল'লে আৰু ড্ৰাইভাৰক ক'লে, "ব্রাদাৰ অলপ জল্দি চলাব দেই- আমি সোনকালে পাবলৈ লাগে।" বয়সীয়া ড্রাইভাৰজনে এবাৰ চাই লৈ নিবিষ্টমনে আগফালে চাই গাড়ী চলাই গৈ থাকিল। ঘূৰণীয়া মুখৰ ডেকাই জেপৰ পৰা চিগাৰেট উলিয়াই এটা নিজেও ল'লে আনটো লগৰজনক দিলে। বাছখনত লিখা আছে- "ভিতৰত ধূমপান নিষেধ।" মই ভীষণ বিৰক্ত হ'লোঁ। এবাৰ কণ্ডাক্টৰক মাতি আনি কওঁ বুলি ভাবিলোঁ- তেওঁ বাছৰ ভিতৰত চিগাৰেট খোৱা কিয় বন্ধ নকৰে বুলি। কিন্তু দুয়োটা ডেকা ল'ৰাৰ যি মতি-গতি দেখিছোঁ- কিবা ক'লে অপমান কৰি দিব পাৰে। গগৈ আৰু তেওঁৰ বন্ধুও বিৰক্ত। এসময়ত আমি নিজৰ মাজতে বিৰক্তি প্ৰকাশ কৰি সৰু সৰুকৈ কথা পাতিবলৈ ধৰিলোঁ। গগৈয়ে ক'লে, "এই ঢং আজিকালি সকলোতে। এতিয়া বাপেক-মাক কোনেও শাসনত ল'ৰা-ছোৱালী ৰাখিব নোৱাৰা হ'ল।" গগৈৰ বন্ধুরে ক লৈ, "দেখিলেনে, বাছখনত ইমানবোৰ বয়সীয়া মানুহ আহিছে, অথচ সিহঁতৰ তালে ভ্রূক্ষেপ নাই।" আমি ভীষণ ক্রুদ্ধ হৈছোঁ। অথচ মুখফালি একো ক'বও নোৱাৰোঁ। এতেকে নীৰৱ হৈ, বিৰক্ত হৈ আহি আছোঁ। আকৌ এটা চাৰিআলিত বাছখন ৰ'লহি। এটা ক্ষীণ-মীন বাইছ-তেইছ বছৰীয়া ল'ৰা দুৱাৰমুখত থিয় দি বৰ সংকোচেৰে সুধিলে, "শিৱসাগৰলৈকে যাব পাৰিমনে?" কণ্ডাক্টৰে একো নকৈ দুৱাৰখন খুলি সোমাই আহিবলৈ ইংগিত দিলে। ল'ৰাটো সোমাই আহিল। পিন্ধনত এটা পুৰণি ৰং যাবলৈ ধৰা লংপেন্ট আৰু গাত প্রায় বগা হ'বলৈ ধৰা নীলাবৰণৰ শ্বার্ট। ভৰিত এযোৰ হাৱাই চেণ্ডেল। মুখখনত ভোক আৰু দাৰিদ্ৰৰ চাপ, সোমাই যোৱা চকু, হাড় ওলোৱা হনু আৰু মুখখনত শুষ্কতাই দাঙি ধৰিছে। কণ্ডাক্টৰে সন্মুখৰ ফালে দুই আৰু তিনি নম্বৰৰ ডেকা দুজনৰ আগত খালী হৈ থকা এক নম্বৰ ছাঁটটোলৈ যাবলৈ ইংগিত দিলে। ৰ'দ পৰাত তাত কোনো বহা নাছিল। ল'ৰাটো গৈ বহিলগৈ। কণ্ডাক্টৰে টিকট এটা কাটি ল'ৰাটোৰ ফালে আগবঢ়াই দিলে। ল'ৰাটোৰ চকুৱে-মুখে এটা কাৰুণ্য আৰু অসহায়তা ফুটি উঠিল। সি সংকোচেৰে ক'লে, "মোৰ হাতত পইচা নাই।" কণ্ডাক্টৰে ধমক দি উঠিল- "পইচা নাই যদি উঠিছিলা কিয়? এইখন কাৰো ঘৰ গাড়ী নহয়, চৰকাৰী গাড়ী। পইচা উলিওৱা।” ল'ৰাটো এনেয়ে বিবর্ণ হৈ আছিল। এইবাৰ যেন শেঁতা পৰি গ'ল। সি তথাপি ক'লে, "মোৰ হাতত একেবাৰে পইচা নাই। মা হস্পিটেলত আছে। এজনে অলপ আগতে খবৰ দিলে-টান বুলি।" ল'ৰাটোৱে কাতৰভাৱে ক'লে, "মোক যেনে-তেনে শিৱসাগৰলৈ লৈ যাওক দাদা।" ল'ৰাটোৱে "ময়ো যাব পাৰিমনে" বুলি প্রথমতে সোধোতেই মোৰ ভাব হৈছিল-ইয়াৰ হাতত পইচা নাই। তাৰ কাতৰ শুনি নিশ্চিত হ'লোঁ। এবাৰ সহায় কৰিবৰো মন গ'ল। কিন্তু কি বুলি কওঁনো। বাছৰ মানুহে ভাবিব "ওলালহি এওঁ দাতাকর্ণটো।" গগৈয়ে ক'লে সৰু সৰুকৈ, "আজি-কালি কাকো বিশ্বাস কৰিব নোৱাৰি। ই বা ক'ত কি লেঠা লগাই আহি বাছত উঠিছেহি।" ইতিমধ্যে কণ্ডাক্টৰে বাছৰ ঘণ্টাত ৰছী টানি বাছখন ৰখাই দিলে আৰু খঙেৰে দুৱাৰখন খুলি কর্কশ মাতেৰে ল'ৰাটোক আদেশ দিলে "বাছৰ পৰা নামি যা।” ল'ৰাটো এখোজ আগবাঢ়ি আহি কাতৰভাবে ক'লে- "মোক লৈ যাওক দাদা।" কণ্ডাক্টৰে আদেশ কৰিলে আগতকৈও কঠোৰভাৱে "নাম"। ল'ৰাটোৱে অসহায়ভাবে চাৰিওফালে চালে। কণ্ডাক্টৰে ক'লে, "নামি যা।" হঠাৎ আগফালে অভদ্রভাবে বহি চিগাৰেট খোৱা ল'ৰা দুটাৰ গোলমুখৰ ল'ৰাটোৱে ঘূৰি চাই গলগলীয়া মাতেৰে ল'ৰাটোক ক'লে, "এই ল'ৰা ৰ'। যা তোৰ ছীটত বহি থাক।" কণ্ডাক্টৰৰ ফালে চাই সুধিলে, "টিকটৰ দাম কিমান?" কণ্ডাক্টৰে ক'লে, "তিনি টকা আঠ অনা।" ডেকাই হিপ্ পকেটৰ পৰা মনিবেগটো উলিয়াই পাঁচটকীয়া নোট এখন আগবঢ়াই দিলে। ল'ৰাটো চুচুক-চামাককৈ গৈ আকৌ বহিলগৈ। কণ্ডাক্টৰে গাড়ীৰ দুৱাৰ বন্ধ কৰি দিলে। গাড়ী চলিবলৈ আৰম্ভ কৰিলে। ডেকা দুটাই আকৌ দুডাল চিগাৰেট জ্বলাই ল'লে। মোৰ জেপত থকা নিজৰ মনিবেগটো চুই চাবলৈ লাজ লাগিল। গগৈ আৰু তেওঁৰ সমাজসেৱক বন্ধুজনৰ ফালে চাবলৈও লাজ লাগিল। আৰু আটাইতকৈ বেছি লাজ লাগিল ডেকা ল'ৰা দুটাৰ ফালে চাবলৈ। লেখক পৰিচয়: একাধাৰে গল্পকাৰ, ঔপন্যাসিক, সাহিত্য সমালোচক, শিক্ষাবিদ ড° নগেন শইকীয়াৰ জন্ম হয় ১৯৩৯ চনৰ ১১ ফেব্ৰুৱাৰীত গোলাঘাট জিলা হাতীয়েখোৱাত। অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিৱেশন আৰু ১৯৯৮ চনত হাওৰাঘাট অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰা শইকীয়াদেবে ১৯৯৭চনত 'আন্ধাৰত নিজৰ মুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। 'মিতভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্রদান কৰে। হাতীয়েখাৱা আৰু ঢেকিয়াল হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা ড° নগেন শইকীয়াই 'অসম বাতৰি'ৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছত ক্রমে ডিফু কলেজ, যোৰহাটৰ নিউ যোৰহাট কলেজ আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰি ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে আৰু ২০০২ চনত উক্ত বিভাগৰ 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন'ৰ প্ৰাধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে। 'নতুন দৈনিক', 'আমাৰ অসম' কাকতৰ সম্পাদক ৰূপে কার্যনির্বাহ কৰিছিল। ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল। 'চিন্তা আৰু চর্চা' গ্রন্থৰ বাবে অসম সাহিত্য সভাৰ 'মোহন চন্দ্র শর্মা বঁটা (১৯৮০) লাভ কৰা শইকীয়াদেৱ অসম উপত্যকা সাহিত্য বঁটাৰেও (২০০৮) সন্মানিত। তেখেতৰ প্ৰকাশিত গ্রন্থসমূহৰ ভিতৰত 'মিতভাষ' (১৯৯৫) হিন্দী, ইংৰাজী আৰু নেপালী ভাষালৈ অনুদিত, 'স্বপ্ন-স্মৃতি-বিষাদ' (১৯৯৭), গল্পপুথি 'কুবেৰ হাতীবৰুৱা' (১৯৬৭), 'ছবি আৰু ফ্রেম' (১৯৬৯), 'বন্ধ কোঠাত ধুমুহা (১৯৭১), 'মাটিৰ চাকি' (১৯৭৬), 'অস্তিত্বৰ শিকলি' (১৯৭৬), অপার্থিব-পার্থিব' (১৯৮২) আৰু 'হেমন্ত কালৰ এটি গধূলি' (২০০১)। ভ্রমণ কাহিনী 'আমেৰিকাত দহদিন' (১৯৮৮), 'মহা চীনৰ দিনলিপি' (১৯৯৪)। আত্মজীৱনীমূলক গ্রন্থ 'স্বপ্ন আৰু স্মৃতি' (প্রথম খণ্ড) আৰু 'ধূলিৰধেমালি' (২০০২)। তেখেতে বহুসংখ্যক সম্পাদিত গ্ৰন্থৰ লগতে গৱেষণামূলক গ্ৰন্থ অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াইছে। ৰচনা: ড° নগেন শইকীয়া