মিউচুৱেল ফাণ্ড হ’ল এক প্ৰকাৰৰ সামূহিক বিনিয়োগ য’ত বহুতো বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ধন এজন পেছাদাৰী ফাণ্ড মেনেজাৰে ষ্টক, বণ্ড আদি বিভিন্ন স্থানত বিনিয়োগ কৰে। ইয়াক এনে এটা "একত্ৰিত বিনিয়োগ" বুলিব পাৰি য’ত সৰু-বৰ সকলো বিনিয়োগকাৰীয়ে ভাগ ল’ব পাৰে। উদাহৰণ:ধৰক, ১০ জনে ১০০ টকাকৈ দি এটা ১০০০ টকাৰ বাকচ কিনিলে। প্ৰতিজনে তেওঁলোকৰ টকাৰ অনুপাতত বাকচটোৰ মালিক হ’ব। মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত এই "বাকচ"টোৱেই হ’ল ফাণ্ডৰ পৰ্টফলিঅ’। মিউচুৱেল ফাণ্ডৰ প্ৰকাৰসমূহ প্ৰকাৰ বিনিয়োগৰ স্থান বিপদাশংকা উপযুক্ত ইকুইটি ফাণ্ড শ্বেয়াৰ বজাৰ (ষ্টক) উচ্চ দীৰ্ঘম্যাদী (৫+ বছৰ) ডেট ফাণ্ড চৰকাৰী/কোম্পানী বণ্ড মধ্যম ১-৩ বছৰ হাইব্ৰিড ফাণ্ড ষ্টক + বণ্ডৰ মিশ্ৰণ মধ্যম ৩-৫ বছৰ ইণ্ডেক্স ফাণ্ড Nifty/Sensexৰ সৈতে জড়িত মধ্যম Passive বিনিয়োগকাৰী ELSS ইকুইটি (কৰ ছুটি) উচ্চ কৰ সঞ্চয়কাৰী মিউচুৱেল ফাণ্ডত কেনেকৈ বিনিয়োগ কৰিব পাৰি? মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিবলৈ প্ৰথমে আপুনি বিভিন্ন অনলাইন প্লেটফৰ্ম বা বেংকৰ মাজৰ পৰা এটা সুবিধাজনক বিনিয়োগ মাধ্যম বাছনি কৰি নিজৰ পৰিচয় পপ্ৰমাণকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ বাবে আপোনাৰ PAN কাৰ্ড আৰু ঠিকনা প্ৰমাণকাৰী দস্তাবেজ (যেনে এটাৰ বা ভোটাৰ পৰিচয় পত্ৰ)ৰ প্ৰয়োজন হ'ব। KYC প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে, ইয়াৰ পিছত আপুনি আপোনাৰ বিত্তীয় লক্ষ্য আৰু হৰণ-ভগণৰ দায়িত্ব ল'ব পৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰি উপযুক্ত মিউচুৱেল ফাণ্ড বাছনি কৰিব লাগিব। বিনিয়োগকাৰীয়ে সাধাৰণতে দুটা পদ্ধতিৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে - SIP (Systematic Investment Plan) যাৰ জৰিয়তে প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন স্বয়ংক্ৰিয়ভাৱে বিনিয়োগ কৰিব পাৰি, বা Lump sum পদ্ধতি যাৰ জৰিয়তে একমুঠীয়াকৈ বেছি পৰিমাণৰ বিনিয়োগ কৰিব পাৰি।