থাইৰয়ড থাইৰয়ড হৈছে এটি সৰু গ্রন্থি। ডিঙিত থকা এই গ্ৰন্থিটোৱে নিঃসৰণ কৰা হৰম’নে শৰীৰৰ বিভিন্ন গুৰুত্বপূর্ণ অংগৰ কার্য নিয়ন্ত্রণ কবে। শৰীৰৰ কেইবাটাও গুৰুত্বপূর্ণ কার্য সম্পাদনত বিশেষ ভূমিকা গ্রহণ কৰে। সেইবাবে এই হৰম'ন নিয়ন্ত্রণত থকাটো গুৰুত্বপূর্ণ বিষয়। শ্বাস-প্রশ্বাসৰ পৰা আৰম্ভ কৰি হৃদস্পন্দন, শৰীৰৰ ওজন, হজম হোৱাত সহায় কৰে। বিশ্বত অতি কমেও ১২ শতাংশ লোক থাইৰয়ডৰ সমস্যাত আক্রান্ত। এতিয়া বহুতো লোক এই ৰোগত আক্রান্ত হয় যদিও প্রথম অবস্থাত বিশেষ গুৰুত্ব প্রদান কৰিব নোখোজে। বোগে জটিল ৰূপ ল’লেহে চিকিৎসকৰ ওচৰলৈ যায়। থাইৰয়ড দুই ধৰণৰ- হাইপাৰ থাইৰয়ড আৰু হাইপ' থাইৰয়ড। দুয়োবিধ থাইবয়ডেই সমস্যাৰ সৃষ্টি কৰে। লক্ষণসমূহ এনে সমস্যাত ভোগা ৰোগীয়ে সদনাই ক্লান্ডিবের করে। অর্থাৎ সোনকালে ভাগৰ লাগে। এনে সমস্যাত ভোগা ৰোগীয়ে সঘনাই ক্লান্তিবোধ কৰে। অর্থাৎ সোনকালে ভাগৰ লাগে। কোনো কাৰণ নোহোৱাকৈ কেইবাদিন ধৰি ঠাণ্ডা অনুভৱ হোৱা। বিশেষ কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন হ্রাস-বৃদ্ধি পোৱাটো আন এক লক্ষণ হিচাপে গণ্য কৰা হয়। এনে হ'লে আক্রান্তজনৰ টোপনিত ব্যাঘাত জন্মে। এই ৰোগৰ আন এক লক্ষণ হৈছে পেশীৰ দুৰ্বলতা। কেতিয়াবা হঠাতে পেশী দুর্বল হৈ পৰে। হঠাতে শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে। আক্ৰান্তৰ চুলি বেছিকৈ সৰিবলৈ ধৰে। ছালখন শুষ্ক হোৱাৰ লগতে খজুৱতি আৰম্ভ হয়। এনে হ'লে হতাশাই গা কৰি উঠে। কেতিয়াবা কাৰোবাৰ পাহৰণিৰ সমস্যা হ'ব পাৰে। হৃদস্পন্দন বৃদ্ধি পায়। মহিলাসকলৰ ঋতুস্ৰাৱ অনিয়মীয়া হয়। মাজে মাজে প্ৰচুৰ পৰিমাণে ঘাম ওলায়। উত্তেজনাও বৃদ্ধি হোৱা দেখা যায়। বুকুখন ধৰফৰ কৰিব পাৰে। বমি অথবা ওকালিৰ উপৰি হাত কঁপিব পাৰে। আয়'ডিনৰ সৈতে সম্পর্ক আয়'ডিন হৈছে প্রকৃতিৰ বুকুৰ পৰা লাভ কৰা এবিধ গুৰুত্বপূৰ্ণ উপাদান, যিয়ে স্বাস্থ্য ৰক্ষাত সহায় কৰে। শৰীৰৰ স্বাভাৱিক বিকাশৰ লগতে মস্তিষ্ক আদিৰ গঠনত সহায় কৰে। আয়'ডিনৰ অভাৱতেই শিশুৰ মানসিক বিকাশত ব্যাঘাত জন্মে। এগৰাকী পূর্ণ প্রাপ্তবয়স্ক লোকৰ শৰীৰত ৫০ মিলিগ্রাম আয়'ডিন থাকে। এগৰাকী পূৰ্ণ প্রাপ্তবয়স্ক লোকক নিতৌ ০.১৪ মিলিগ্ৰামৰ বিপৰীতে এগৰাকী মহিলাক ০.১০ মিলিগ্রামৰ প্ৰয়োজন। ইয়াৰ অভাৱত থাইৰয়ডত ফুলি উঠা ৰোগ বা গৰল (Goiter) হোৱাৰ আশংকা থাকে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আয়'ডিনযুক্ত নিমখ খাবই লাগিব। কেইটিমান গুৰুত্বপূৰ্ণ বিষয় থাইৰয়ড হৰম'নে শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰখাত সহায় কৰে। চৰ্বি আৰু শৰ্কৰা গঠন প্রক্রিয়াতো সহায় কৰে। যেতিয়া থাইৰয়ড হৰম'নৰ পৰিমাণ হ্রাস পায়, তেতিয়াহ'লে শৰীৰৰ ওজন বৃদ্ধি হয়। লগে লগে শৰীৰ মাপক সূচ্যাংক অর্থাৎ ব'ডি মাছ ইনডেস্ক (বি এম আই) বৃদ্ধি পায়। সামান্য পৰিমাণে হ্রাস পালেও মেদবহুলতাৰ সমস্যাই গা কৰি উঠিব পাৰে। থাইৰয়ডৰ সমস্যাৰ বাবে পুষ্পিতা হোৱা আৰু মাহেকীয়া হোৱাত অনিয়মীয়া /পলম হ'ব পাৰে। ডায়েবেটিছত আক্রান্ত যদি থাইৰয়ডৰ সমস্যাত ভোগে, তেন্তে শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাটো কঠিন হয়। থাইৰয়ড হৰম'নৰ পৰিমাণ হ্রাস পালে হৃদযন্ত্ৰৰ সমস্যাই গা কৰিব পাৰে। যদিহে দীর্ঘদিন ধৰি হাইপ'থাইৰয়ডিজম হয় তেতিয়াহ'লে পেৰিফেৰেল নিউৰ'পেথি হ'ব পাৰে। থাইৰয়ডৰ বাবে ভৰি দুৰ্বল অনুভৱ হোৱা, খামুচি ধৰা আদি সমস্যা হয়। শিশু অৱস্থাতো থাইৰয়ডৰ সমস্যাই গা কৰি উঠিব পাৰে। সেইবাবে উল্লিখিত লক্ষণৰ কোনো এটা লক্ষণো যদি ফুটি উঠে, তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কৰিব? ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। কিয়নো ইয়াত থকা ৰাসায়নিক প্ৰভাৱ এই গ্ৰন্থিৰ ওপৰত পৰে। এক্স-ৰে কৰাৰ সময়ত থাইৰয়ড কলাৰ দ্বাৰা থাইৰয়ড গ্রন্থিক সুৰক্ষা প্ৰদান কৰিব লাগিব। চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰি নিয়মীয়াকৈ ঔষধ সেৱন কৰা উচিত। প্রচেছড ফুড বা সংসাধিত খাদ্য গ্ৰহণৰ পৰা যিমান সম্ভৱ আঁতৰি থকাটোৱে মংগলজনক। ইয়াত থকা ৰাসায়নিক উপাদানে থাইৰয়ড হৰম'ন নিয়ন্ত্রণত ব্যাঘাত জন্মায়। নিয়মীয়াকৈ আয় 'ডিনযুক্ত আহাৰ খাব লাগে। বিশেষকৈ হাইপ'থাইৰয়ড অর্থাৎ কম পৰিমাণে থাইৰয়ড হৰম'ন নিঃসৰণ হ'লে এনে আহাৰ খাবই লাগিব। জিংক বা দস্তাযুক্ত খাদ্য গ্রহণ কৰিলেও এইবিধ হৰম'ন সক্ৰিয় হৈ থাকে। থাইৰয়ড গ্রন্থি সুস্থ আৰু সক্ৰিয় হৈ থাকিবলৈ জিংক আৰু ছেলেনিয়ামৰ খুবেই প্রয়োজন। হাইপ'থাইৰডেয় হ'লে ব্ৰ'কলি, বন্ধাকবি, পাউৰুটী, পাষ্টা, চর্বিযুক্ত খাদ্য বিশেষকৈ বাটাৰ বা মাখন, মাংস, চকলেট, কেক আদি খাব নালাগে। কোন বেছিকৈ আক্ৰান্তৰ আশংকা থাকে? সাধাৰণতে মহিলাসকল এনে সমস্যাত আক্রান্ত হোৱাৰ আশংকা বেছি। তেজস্ক্রিয় ৰশ্মি বা ৰেডিয়েচন থেৰাপিয়ে মস্তিষ্কৰ কৰ্কট ৰোগ বৃদ্ধিৰ আশংকা থাকে। বংশগত কাৰণতো থাইৰয়ডৰ চিকাৰ হ'ব পাৰে। যদিহে পৰিয়ালৰ কোনো লোক এই ৰোগত আক্রান্ত, তেতিয়াহ'লে আন শক বিশেষকৈ মহিলাসকলৰ হোৱাৰ আশংকা বেছি। চয়াবিনজাতীয় খাদ্য খালেও আশংকা থাকে। দস্যৰ হোৱাৰ আশংকাই অধিক। কিছুমান ৰোগত আক্রান্ত হ'লে, বিশেষকৈ টাইপ-১ ডায়েবেটিছ থাকিলেও এনে হ'ব পাৰে। ৬০ ঊর্ধ্বৰ লোক বিশেষকৈ মহিলাসকলৰ হোৱাৰ আশংকা বেছি। চয়াবিনযুক্ত খাদ্য খালেও আশংকা থাকে। উৎস: সাদিন লেখক: ডাঃ মানৱেন্দ্ৰ নায়ক