এবিধ ডাঙৰ গছ। প্ৰায় সকলোতকৈ ডাঙৰ আৰু ওখ হ’ব খোজে। এই গছে বায়ুমণ্ডলৰ অম্লজান বেছিকৈ তৈয়াৰ কৰে। এই গছক প্ৰায়ে দেৱতাৰ স্থান বুলি ভবা হয় আৰু প্ৰায়ে এই গছ থাকিলে তলত একোটা সৰু-বৰ মন্দিৰ স্থাপন হয়। ইয়াৰ পাত, থোৰ পাত, ছাল আৰু ফল ঔষধ হিচাপে ব্যৱহাৰ হয়। ছালৰ গুড়ি ৫ গ্ৰাম, পাচন (সিজোৱা পানী) ৫০-১০০ মিলিলিটাৰ ব্যৱহাৰ হয়। বিভিন্ন ৰোগত অশ্বত্থৰ ব্যৱহাৰ শৌচ কচা কেতিয়াবা অন্ত্ৰত পানী কমি যোৱাৰ ফলত শৌচ কচা হয়। অশ্বত্থৰ পাত ছাঁত শুকাই গুড়ি কৰি তাত গুৰ মিহলাই সৰু সৰু বড়ি কৰি ল’ব লাগে আৰু ৰাতি শোৱাৰ আগত দুটা বড়ি অলপ গৰম গাখীৰৰ লগত খালে কোষ্ঠকাঠিন্য ৰোগ সোনকালে আৰোগ্য হয়, পেট খোলোচা হয়। গৰ্ভধাৰণ যি মহিলাৰ সন্তান নাই তেওঁলোকে অশ্বত্থ গছৰ গুটি (শুকান) গুড়ি কৰি ইয়াৰ ৫ গ্ৰাম চূৰ্ণ এগিলাচ অলপ গৰম গাখীৰৰ লগত, ঋতুস্ৰাৱৰ দিন কেইটা (৭ দিনমান) বাদ দি বাকী দিনবোৰত প্ৰতিদিনে এবাৰ খালে গৰ্ভধাৰণ হয়। দাঁতৰ বিষ অশ্বত্থ গছৰ কোমল পাত জালুকৰ লগত বটি মটৰৰ মান ডাঙৰ ডাঙৰকৈ বড়ি বনাব লাগে আৰু এই বড়ি দাঁতৰ বিষ হ’লে বিষোৱা ঠাইত হেঁচা দি অলপ সময় লগাই থ’লে দাঁতৰ বিষ কমি যাব। পোৰা ঘা, ফোঁহাত অশ্বত্থৰ ছাল মিহি কৰি গুড়ি বনাই লৈ পোৰা ঘা বা ফোঁহাত লগাই দিলে ঘা, ফোঁহা সোনকালে শুকাই যায়। ধাতুৰ দুৰ্বলতা, ইন্দ্ৰিয়ৰ দুৰ্বলতা অশ্বত্থ ফল, শিপাৰ ছাল আৰু ঠোৰ পাত প্ৰতিবিধৰে ২০ গ্ৰামকৈ লৈ পাচন তৈয়াৰ কৰি (সিজাই) লৈ অলপ মৌ বা চেনিৰ লগত খালে ধাতু আৰু ইন্দ্ৰিয়ৰ (লিংগৰো) দুৰ্বলতা দূৰ হ’ব। সাধাৰণ মুখৰ ঘা অশ্বত্থ গছৰ ছালৰ ওপৰৰ যি চটা চটা কৈ শুকান ছাল এৰা দি থাকে তাক গুড়ি কৰি (চূৰ্ণ কৰি) মৌৰ লগত মিহলাই ঘাত লগাই দিলে ঘা শুকাই যাব। সেই চটাবোৰ আনি পানীত সিজাই কুলি কৰিলে মুখৰ ৰোগ দূৰ হয়। স্মৰণ শক্তি কমিলে আঁহতৰ গুটি (পকা) ৫ টাকৈ প্ৰতিদিনে খালে স্মৰণ শক্তি বাঢ়িব। এই গছৰ গুটি খাই জীৱন ধাৰণ কৰাৰ বাবে এক মুনিৰ নাম আছিল পিপলাদ্। সংগমত শীঘ্ৰপতন পুৰুষৰ সাধাৰণতে শীঘ্ৰে পতন হয়। মধ্য বয়সৰ পুৰুষৰ প্ৰায়ে সোনকালে পতন হয়। স্ত্ৰীৰ ওচৰলৈ যোৱা বা সংগমত লিপ্ত হোৱা মাত্ৰকে পুৰুষৰ বীৰ্যপতন হয়। অশ্বত্থ গছৰ যি বগা ৰস ওলায়, সেই ৰস ১১ টোপালকৈ দিনে কিছুদিন চেনি বা বাতাচাত লগাই খালে এই দোষ নাশ হ’ব। শ্বাস ৰোগ আৰু হাঁপানি হাঁপানিৰ টান আৰম্ভ হ’লে অশ্বত্থৰ ছাল শুকাই গুড়ি কৰি সেই চূৰ্ণ ৫ গ্ৰাম, অলপ গৰম পানীৰ লগত দিনে ৩ বাৰকৈ খালে ৰোগীয়ে বিশেষ আৰামবোধ কৰিব। লাহে লাহে ৰোগো প্ৰশমিত হৈ আহিব। গুৱা-মৰি পানীত সিজাই আৰক উলিয়াই (সিজোৱা পানী চাৰি ভাগৰ এভাগ হ’লে আৰক হয়) তাত পাঁচটা অশ্বত্থৰ আগ আনি শুকাই চূৰ্ণ কৰি লৈ সমান মাত্ৰাত গুৰৰ সতে মিহলাই সেই গুৱা-মৰিৰ পানী দিনে দুবাৰকৈ খালে শিশুৰ (ডাঙৰৰো) পেটৰ কৃমি মৰিব। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।