তেজপাত ৰন্ধা সামগ্ৰীৰ এবিধ অতি আৱশ্যকীয় উপাদান। পাতত খাবলৈ একো নাই যদিও খোৱাবস্তু ই সুস্বাদু কৰি তোলে। তেল-মছলা দি ৰন্ধা মাহৰ দাইলেই হওক বা গাখীৰেৰে বনোৱা পায়সেই হওক তেজপাত দিলে সুস্বাদু হৈ পৰে। ইয়াৰ ঔষধি গুণো আছে। বিভিন্ন ৰোগত তেজপাতৰ ব্যৱহাৰ ঠাণ্ডা লাগি হোৱা চৰ্দি ঠাণ্ডা লাগি হাঁচি আহি থাকিলে, নাকেৰে পানী পৰিব ধৰিলে, মূৰ বিষালে, মুখ জিভাৰ জুতি হেৰালে, ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি কেৱল তেজপাত (বেছিকৈ) দি বনোৱা চাহ খাওক। আৰাম পাব। ৰক্তপিত্ত প্ৰস্ৰাৱৰ দ্বাৰেৰ তেজ গ’লে তাক ৰক্তপিত্ত বোলে। তেনেকুৱা হ’লে বাহী পানীৰে (আগদিনা পিতলৰ কলহত আনি থোৱা পানী) তেজপাত বটি মিহলাই চৰবত কৰি চাৰি ঘণ্টা অন্তৰে অন্তৰে খালে প্ৰস্ৰাৱত তেজ যোৱা বন্ধ হ’ব। মূৰৰ বিষ চৰ্দি লাগি, মূৰ গধুৰ গধুৰ লাগি মূৰ বিষালে, যন্ত্ৰণা হ’লে ২-৩ টা মান তেজপাত আৰু অলপ ঠাৰি খুন্দি বটি (অলপ পানীৰে) কপালত প্ৰলেপ দিয়ক। ডাঠকৈ লগাওক। বিষ-যন্ত্ৰণা কমিব। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।