বটগছ এবিধ ডাঙৰ গছ। ডাল, গা গছৰ পৰা ইয়াৰ ইমানবোৰ শিপা তললৈ নামি যায় যে মূল গছজোপা নেদেখাই হয়গৈ। আকৌ শিপাবোৰ মাটি পোৱাৰ পাছত গা গছৰ দৰে ডাঙৰ হৈও উঠিব পাৰে। এই গছৰ ছাল, কলিথোৰ পাত, আঠা, পাত, ফল আৰু তললৈ নামি অহা শিপাৰ ডাল ঔষধত ব্যৱহাৰ হয়। ছাল আদিৰ ক্কাথ (পাচন) ৫-১০ মিলিলিটাৰ ব্যৱহাৰ হয়। বিভিন্ন ৰোগত বটবৃক্ষৰ ব্যৱহাৰ হাত-ভৰিৰ ফটা ৰোগ বটৰ আঠা হাত-ভৰিৰ ফটা ঠাইত প্ৰলেপ দিলে আৰোগ্য হয়। ফোঁহা ফোঁহা ওলাব খুজিলে বটৰ পাত বটি লগাই দিলে ফোঁহা বহি যায়। মুখমণ্ডলৰ ক’লা দাগ মচুৰ আৰু বটৰ ঠাৰিৰ ঠোৰ একেলগে বটি লগাই দিলে মুখৰ ক’লা দাগ উঠি যায়। ধাতুৰ দুৰ্বলতাত বটৰ আঠা ১০-১২ টোপ সামান্য চেনি সহ ১৫ দিন দৈনিক এবাৰকৈ খালে এই সমস্যা দূৰ হ’ব। বটৰ গা গছৰ পৰা বা ডাঙৰ ডালৰ পৰা যি শিপা তললৈ নামি আহে তাৰ আগৰ কোমল অংশ চাউল ধোৱা পানী (বজাৰৰ চাউল প্ৰথমতে ভালকৈ ধুই লৈ যেতিয়া দেখিব তাত আৰু বাহিৰা বস্তু নাই ৰান্ধিব পৰা হৈছে, সেই চাউল আকৌ ধুই, সেই চাউল ধোৱা পানী) ৰে বটি খালে আমাশয় (শাঁও পৰা) বন্ধ হয়। চাউল মোহাৰি মোহাৰি ধুব। অতিসাৰ বা পেটচলা ৰোগ বটৰ কলি ৫ গ্ৰাম চাউল ধোৱা পানীৰে বটি খালে (ঘোলৰ লগত খালে) অতিসাৰ ৰোগ আৰোগ্য হ’ব। চাউল ধোৱা পানী লওঁতে চাউল মোহাৰি মোহাৰি ধুব। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।