মানুহৰ বাবে মহানিম মহোপকাৰী গছ। ঘৰৰ চৌহদত মহানিমৰ গছ থাকিলে বতাহ স্বাস্থ্যকৰ হৈ থাকে। পোক-পৰুৱাৰ উপদ্ৰৱ কমি থাকে। মানুহৰ মূৰৰ পৰা ভৰিলৈ সকলো অংগৰে অসুখ-বিসুখত নিমৰ সহায়েৰে চিকিৎসা কৰা সম্ভৱ হয়। বিভিন্ন ৰোগত মহানিমৰ ব্যৱহাৰ চৰ্মৰোগ মহানিমৰ পাত সিদ্ধ কৰি সেই পানীৰে গা ধুলে চৰ্মৰোগ নিৰাময় হয়। গাৰ ফোঁহা, খৰ-খজুৱতি, পকতীয়া আদি আৰোগ্য হয়। ঘা হৈ গ’লে নিমৰ পাত বটি লগাই দিব লাগে, শুকাই যায়। কেঁচা নিমৰ পাত আৰু হালধি একেলগে বটি গাত ঘঁহিলে খজুৱতি, খুজতীয়া, পকতীয়া আদি বিভিন্ন চৰ্মৰোগ আৰোগ্য হয়। বসন্ত হৈ যোৱাৰ পাছত এই ধৰণে নিম-হালধি গাত ঘঁহিলে ছাল সোনকালে স্বাভাৱিক হৈ আহে। নিমপাতৰ গুড়ি ঘাৰ ওপৰত দিলেও ঘা শুকাই যায়। বসন্তৰ প্ৰতিষেধক বসন্ত বা চৰ্মৰোগ হোৱাৰ আগত নিমৰ পাত আৰু বেঙেনা ভাজি খালে বা মহানিমৰ পাত বটি সৰিয়হৰ তেলৰ লগত চাটনি কৰি ভাতৰ লগত খালে বসন্ত ৰোগ নহয়। গতিকে শীতৰ শেষৰ পৰা গ্ৰীষ্ম কাললৈ নিমৰ পাত আৰু বেঙেনা ভাজি খাব লাগে। অন্ত্ৰৰ ৰোগ মহানিমৰ পাত বটি খালে অন্ত্ৰৰ সকলো ৰোগ দূৰ হয়। মহানিমৰ পাত খোৱাৰ সতৰ্কতাঃ মহানিমৰ পাত ঘনাই খালে বা মহানিমৰ ছাল, গুটি আদি সঘনে খালে বায়ু বৃদ্ধি হয়। গতিকে মহানিমৰ পাতাদি খালে আবেলি মিছিৰি বা মিছিৰিৰ চৰবত খাব লাগে। বায়ু দোষ কাটি যায়। কৃমি মহানিমৰ পাতৰ ৰস মৌৰ লগত চেলেকি চেলেকি খালে কৃমি মৰি যায়। মৌ নহ’লে হিং ব্যৱহাৰ কৰিব পাৰি। দৈনিক খালী পেটত নিমৰ ছাল আৰু নিমৰ পাত বটি খালেও কৃমি নিৰাময় হয়। কামলা বা জণ্ডিচ ৰোগ নিমৰ পাত বা নিমৰ ছালৰ ৰস ২ চামুচ, অলপ মৌ মিহলাই নিতৌ ৰাতিপুৱা খালী পেটতে খালে কামলা ৰোগ নিবাৰণ হয়। চকুৰ অসুখ যদি চকু ফুলি যায়, চকু কুটকুট কৰে, তেনেহ’লে ১৫-২০ টা মান মহানিমৰ পাত পানীত লৈ উতলাওক। তাতে ৫ গ্ৰাম ফিটকিৰি ভাঙি গুড়ি কৰি মিহলাওক। এতিয়া পানীখিনি ছেকি লৈ সেই পানীৰে চকু ধুই লওক। ২-৩ বাৰ এই ৰকমে ধুলে চকু ফুলা, চকু কুটকুট কৰা আদি অসুখ দূৰ হ’ব। চকু ৰঙা পৰিলে, জ্বলন থাকিলে নিমৰ পাতৰ ৰস উলিয়াই তুলাত ভিজাই সেই তুলাৰে চকু মচি দিয়ক। চকুৰ ৰঙা পৰা আৰু গৰম গৰম ভাব দূৰ হ’ব। ফোঁহা ফোঁহা হৈ যদি পকি যায় পূজ বাহিৰ কৰি মহানিমৰ পাত বটি থকথকীয়া কৰি লৈ ফোঁহাৰ ওপৰত লিপি দিয়ক বা পটি বান্ধি দিয়ক। আৰাম পাব। ফোঁহাও সোনকালে শুকাব। হাত-ভৰিৰ জ্বালা, পোৰণি নিমৰ পাত বটি হাত-ভৰিত সানক। হাত-ভৰিৰ গৰম গৰম ভাব, জ্বালা গুচিব। বমি যদি অনবৰতে বমি হয় ২৫ গ্ৰাম নিমৰ পাত বটি তাত ৫-৬ টা মান জালুকৰ গুড়ি মিহলি কৰি আধাকাপমান পানীত লৈ একেবাৰতে খাবলৈ দিয়ক। বমি বন্ধ হৈ যাব। অম্লপিত্ত মুখলৈ টেঙা পানী আহিলে, পিত্ত বৃদ্ধি হ’লে মহানিমৰ ছাল, শুঁঠ আৰু জালুক সম মাত্ৰাত লৈ গুড়ি কৰি লওক আৰু প্ৰতিদিনে এই চূৰ্ণ ২০ মিলিলিটাৰ পানীত লৈ খাওক। অম্লপিত্ত দূৰ হ’ব। খুজতীয়া, পকতীয়া নিমৰ কেইটামান কেঁচা পাত আৰু কেইটামান জালুক একেলগে বটি প্ৰতিদিনে খাবলৈ দিয়ক। দুয়োবিধ সমান মাত্ৰাত ল’ব। পকতীয়াবোৰ শুকাবলৈ ধৰিলে নিমৰ পাত সিজোৱা পানীৰে গা ধুবলৈ দিয়ক আৰু নিমৰ তেল পকতীয়াৰ ঠাইবোৰত সানিবলৈ দিয়ক। সমস্যা দূৰ হ’ব। প্ৰদৰ ৰোগ গৰুৰ গাখীৰৰ লগত নিমৰ তেল মিহলাই খালে প্ৰদৰ ৰোগ নাশ হয়। নিমৰ গুটি পানীত ভিজাই বটি টোপোলা বনাই যোনিৰ মুখত ৰাখিলে যোনিৰ বেদনা দূৰ হয়। স্বাস্থ্যবৰ্ধনত নিমপাত ৫-৬ টা নিমৰ কেঁচা পাত, ৮-১০ টা তুলসীৰ পাত আৰু ৫-৬ টা জালুক একেলগে লৈ গুড়ি কৰি নিয়মিত একোবাৰ দিনত খালে স্বাস্থ্যবৰ্ধন হয়। উদৰ শূল বা পেটৰ বিষ ১০ গ্ৰাম নিমৰ গুটি, ১০ গ্ৰাম শুঁঠ, ১০ গ্ৰাম তুলসীৰ পাত আৰু ৮-১০ টা জালুক মিহলাই বটি চাটনিৰ দৰে কৰি লৈ অলপ অলপকৈ চেলেকি খালে পেটৰ ব্যথা, উদৰ শূল দূৰ হয়। হাঁপানি, কাহ নিমৰ তেল ১০ টোপ পাণৰ লগত খালে হাঁপানি, কাহত আৰাম পোৱা যায়। পোক-পৰুৱা মকৰা নাশক নিমৰ পাত জ্বলাই ঘৰত ধোঁৱা দিলে মহ, মাখি আৰু অন্যান্য পোক-পৰুৱা দূৰ হয়। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।