পিতৃগ্ৰন্থি আৰু মাতৃগ্ৰন্থি পুৰুষ আৰু মহিলাৰ জীৱনীশক্তি আৰু প্ৰাণশক্তিৰ প্ৰতীক। আয়ুৰ্বেদ শাস্ত্ৰত পিতৃগ্ৰন্থিক কোৱা হৈছে বৃষণগ্ৰন্থি। অনুৰুপভাৱে স্ত্ৰীদেহৰ ডিম্বাধাৰত আছে মাতৃগ্ৰন্থি। এই প্ৰজাপতি গ্ৰন্থিৰ (পুংদেহত পিতৃগ্ৰন্থি আৰু স্ত্ৰীদেহত মাতৃগ্ৰন্থি) অন্ত:ক্ষৰণৰ ওপৰতেই জননযন্ত্ৰবিলাকৰ পুষ্টি, বৃদ্ধি আৰু নাৰীত্ব আৰু পুৰুষৰ বিকাশ নিৰ্ভৰ কৰে। দেহৰ কেলচিয়াম পোষণতো এই গ্ৰন্থিৰ অন্ত:ক্ষৰণে বিশেষভাৱে সহায় কৰে। পুৰুষৰ দুই ডিম্বত দুটা পিতৃগ্ৰন্থি আছে। মহিলাৰো ডিম্বাধাৰা দুটা মাতৃগ্ৰন্থি দুটা জৰায়ুৰ দুয়োকাষে অৱস্থিত। নভ:গ্ৰন্থি আৰু অহংগ্ৰন্থিৰ অন্তৰ্গত ইন্দ্ৰগ্ৰন্থি আৰু শিৱসতী গ্ৰন্থিৰ সহযোগিতাত এই প্ৰজাপতি গ্ৰন্থিয়ে দেহত যৌৱনোচিত স্বাস্থ্য আৰু সৌন্দৰ্য অটুট ৰাখে, দেহক সুপুষ্ট, বল আৰু লাৱণ্যময় কৰে।

এই গ্ৰন্থিৰ অন্ত:ক্ষৰণ যথোচিত নহ’লে মানসিক অৱসাদ, স্নায়ু দৌৰ্বল্য, অকালতে দাড়ি-গোঁফ পকা, শৰীৰ অস্থ-চৰ্মসাৰ আৰু আংশিক অক্ষমতা প্ৰভৃতি ৰোগৰ সৃষ্টি হয়। মহিলাৰ স্নায়ু দৌৰ্বল্যসহ ঋতুৰ অনিয়ম আৰু প্ৰদৰ স্ৰাৱ আদি বিভিন্ন ৰোগে দেখা দিয়ে। এই গ্ৰন্থিটো অতিক্ৰিয়া হ’লে পুৰুষ অত্যন্ত কামুক হয়। ছোৱালীৰ এই গ্ৰন্থি অতিক্ৰিয় হ’লে তেওঁলোকৰ শৰীৰৰ ৰক্তৰ চাপ স্বাভাৱিকতকৈ তললৈ নামে। অতিৰিক্ত ঋতুস্ৰাৱ হয়, জৰায়ুৰ স্থানচ্যুতি ঘটে, বন্ধ্যাত্বই দেখা দিয়ে।

মহাবন্ধ মুদ্ৰা নিয়মিত অনুষ্ঠান কৰিলে পিতৃগ্ৰন্থি আৰু মাতৃগ্ৰন্থি উল্লিখিত যাৱতীয় দোষৰ পৰা মুক্ত হৈ দেহক সুস্থ , সবল আৰু স্বাভাৱিক কৰি ৰাখে।

ৰাছিয়াৰ প্ৰসিদ্ধ ড: ভেৰোনফৰ অলৌকিক কীৰ্তিৰ কথা আমি সকলোৱে শুনিছো। তেওঁৰ অস্ত্ৰোপচাৰৰ সহায়ত বৃদ্ধৰ অকৰ্মণ্য বৃষণগ্ৰন্থি আৰু যৌৱনগ্ৰন্থি অপসাৰণ কৰি যুৱক বান্দৰৰ বৃষণগ্ৰন্থি আৰু যৌৱনগ্ৰন্থি তৎস্থলত সন্নিৱিষ্ট কৰিছিল। ফলত বৃদ্ধৰ শুভ্ৰকে সুকৃষ্ণ হৈ উঠিছিল, লোলচৰ্ম সুদৃঢ় হৈছিল, দেহত তাৰুণ্যৰ অৰুণ লাৱণ্য ফুটি উঠিছিল, বৃদ্ধ যুৱকত পৰিণত হৈছিল।

কোৱাটো বাহুল্য, নানা প্ৰকাৰৰ বিপদৰ আশংকাত থকা ব্যয়বাহুল্যবশত: ড: ভেৰোনফ আৱিষ্কৃত এই অস্ত্ৰোপচাৰ এতিয়া পৰিত্যক্ত হৈছে। ওপৰত উল্লেখ কৰা মুদ্ৰা অনুষ্ঠানৰ কিন্তু কোনো বিপদৰ আশংকা নথাকে, কোনো অৰ্থ-ব্যয়ৰ প্ৰশ্ন নাথাকে। সল্প-আৰামত আকংক্ষিত যৌৱনক চিৰস্থায়ী কৰাৰ সৰ্বজনসাধ্য এনেকুৱা উপায় আৰু দেখা নাযায়।

মহাবন্ধ মুদ্ৰা(Sex Nerve Attraction) প্ৰণালী:

সিদ্ধাসনত বহি, অৰ্থাৎ বাওঁভৰিৰ গেৰোৱা যোনিস্থলত আৰু সোঁভৰিৰ গোৰোহা মেট্ৰদেশত (জননেন্দ্ৰিয় মুলৰ ওপৰ অংশত) স্থাপন কৰি বহক। এতিয়া শ্বাসৰ সৈতে শাখা-প্ৰশাখাসহ কুহুঁ নাড়ীক (Sex Nerve) লাহে লাহে আকৰ্ষণৰ ফলত জননেন্দ্ৰিয়ৰ সহ পুৰুষৰ ডিম্ব আৰু ডিম্বাধাৰসহ তিৰোতাৰ জৰায়ু আকুঞ্চিত হৈ অলপ ওপৰলৈ উঠিব। তাৰ পিছত শ্বাস ত্যাগ কৰি আকুঞ্চন, অৰ্থাৎ টানটো ঢিলা কৰি দিয়ক। ১০ ৰ পৰা ১২ বাৰ কুহুঁ নাড়ীক এইদৰে আকুঞ্চিত আৰু প্ৰসাৰিত কৰক। পুনৰায় বিপৰীতভাৱে এই ক্ৰিয়াটোৰ অনুষ্ঠান কৰক, অৰ্থাৎ বাওঁভৰিৰ পৰিৱৰ্তে সোঁভৰিৰ গোৰোহা যোনিস্থান আৰু বাওঁভৰিৰ গোৰোহা মেট্ৰোদেশত স্থাপন কৰি পূৰ্বোক্ত ধৰণে উশ্বাস আৰু নিশ্বাসৰ সহযোগত কুঁহুনাড়ীক ১০/১২ বাৰ অনুষ্ঠিত আৰু প্ৰসাৰিত কৰক।

সৰ্বাংগন (Shoulder-Standing Pose) বা সৰ্বাংগনসাধন মুদ্ৰা উপকাৰিতা -

এই মুদ্ৰা কৰিলে ইন্দ্ৰগ্ৰস্থি বা যৌৱনগ্ৰন্থি সক্ৰিয় হ’বলৈ আৰম্ভ কৰে আৰু দেহত যৌৱন প্ৰস্ফুটিত হৈ উঠে। এই গ্ৰন্থিটোৰ ক্ৰিয়া যেতিয়া হ্ৰাস পাবলৈ ধৰে তেতিয়া জৰা আৰু বাৰ্ধক্যই আহি দেহক আক্ৰমণ কৰে। গতিকে জৰা আৰু বাৰ্ধক্য প্ৰতিৰোধ কৰি যৌৱনক আমৰণ অটুট ৰাখিব পাৰি।

প্ৰণালী:

ওপৰ মুৰ কৰি শুই কান্ধৰ সমান্তৰালকৈ ভৰি দুখন ওপৰলৈ তুলি গোটেই শৰীৰটো পোন আৰু সবল কৰিব লাগিব। হাত দুখন্ দি পিঠিখন ধৰিব লাগিব। গোটেই শৰীৰৰ ভাৰকেন্দ্ৰ কান্ধ আৰু বাহুমুলৰ ওপৰত স্থাপিত হ’ব। থুঁতৰি আহি ডিঙিৰ গাঁতত লাগিব।

শীৰ্ষাসন (Head-Standing Pose) বা মস্তক মুদ্ৰা উপকাৰিতা -

এই মুদ্ৰা কৰিলে শিৱসতী গ্ৰন্থি (Pituitary Glands) সক্ৰিয় হৈ উঠে আৰু শৰীৰৰ বাকী গ্ৰন্থিবোৰক পৰিচালনা কৰি সক্ৰিয় কৰি তোলে।

প্ৰণালী:

আঁঠু কাঢ়ি সেৱা কৰাৰ ভংগীত মুৰটো মাটিত লগাওক। দুয়ো হাতৰ আঙুলিবিলাক পৰস্পৰ নিবন্ধ কৰি দুয়ো হাতৰ তলুৱা মুৰৰ তলত ব্ৰহ্মতালুৰ ঠিক তলতে স্থাপন কৰক। এইবোৰ ব্ৰহ্মতালু আৰু হাতৰ কব্জীৰ ওপৰত দেহৰ ভৰ ৰাখি আঁঠু ভগা অৱস্থাতে ভৰি দুখন ওপৰলৈ তোলক। ভগা আঁঠু পোন কৰি ভৰি দুখন ওপৰলৈ তুলি গোটেই শৰীৰকে পোন কৰি মুৰৰ ওপৰত ভৰ দি থিয় হওক। গোটেই শৰীৰ তেতিয়া মাটিৰ লগত সমকোণৰ সৃষ্টি কৰিব।

লেখক: যোগবিদ অমল সেন ( জি এনআৰচি স্বাস্থ্য)