লেপ্টোস্পাইৰোছিছ জলবায়ু তথা ভৌগোলিক দিশটো আওকাণ কৰি আজিৰ তাৰিখত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি উদ্রেককাৰী এটা স্বাস্থ্যজনিত সমস্যা হৈছে লেপ্টোস্পাইবোছিছ নামৰ বেক্টেৰিয়াজনিত ৰোগবিধ। বয়স, লিংগ আৰু ভৌগোলিক অৱস্থিতিৰ দৰে কাৰকবিলাকে এইক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে । প্ৰকৃততে ই হৈছে জীৱ-জন্তুৰ মাধ্যমেদি বিস্তাৰিত হোৱা ৰোগ, যাক নেকি অসমীয়াত বাহকঘটিত ৰোগ বুলিও উল্লেখ কৰা হয়। আক্রান্ত বিভিন্ন ধৰণৰ বন্যজন্তু বা আনকি নিগনিজাতীয় জীৱৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ আহি প্ৰদূষিত হোৱা পানী, মাটি বা বোকাৰ সংস্পৰ্শৰ জৰিয়তে এইবিধ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ সংক্ৰমণ ঘটে। ভাৰতত মূলতঃ গৰু, ছাগলী, কুকুৰ-গাহৰিৰ দৰে জন্তুৰ জৰিয়তে এইবিধ ৰোগ বিয়পে। উত্তৰ-পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় বৈচিত্র্যৰ এটা অন্যতম উপাদান হৈছে পশু-পক্ষী আৰু মানুহৰ এক নিবিড় সহাৱস্থান। আমি সতকাই উপেক্ষা কৰা এনে পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত বাহকৰ ভূমিকাত অৱতীৰ্ণ হোৱা জীৱ-জন্তুৰ শৰীৰৰ পৰা ৰোগবিধৰ বীজাণু নিবিড় সান্নিধ্যত থকা ব্যক্তিৰ শৰীৰতো সংক্ৰমণ ঘটাৰ শংকা বাঢ়ি যায়। ৰোগৰ কাৰণ- জণ্ডিচ ৰোগৰ দৰবৰ পার্শ্ব প্রতিক্রিয়াকে অন্তর্ভুক্ত কৰি নানা ৰোগ তথা কাৰকৰ হেতুকে এই ৰোগ হ'ব পাৰে। এইক্ষেত্ৰত হেপাটাইটিছ এ ভাইৰাছৰ নাম পোন প্রথমেই ল'ব লাগিব। ঢাকনী নিদিয়াকৈ ৰখা পানী স্বকীয় প্রাত্যহিক কামৰ বাবে ব্যৱহাৰ কৰা গাহৰি তথা ছাগলীৰ দৰে পোহনীয়া জন্তুৰ নিবিড় সংস্পর্শলৈ অহা। ৰোগৰ লক্ষণ- প্রাথমিক অৱস্থাত উপসর্গবিলাক তেনেই সাধাৰণ ধৰণৰ হয় আৰু ইনফ্লুৱেঞ্জা ৰোগৰ সৈতে ভালেখিনি সাদৃশ্য দেখা যায়। মূৰৰ বিষ, দেহৰ বিষ, জ্বৰ, খাদ্যৰ প্ৰতি অনীহাৰ উপৰি দুৰ্বলতাৰ সৃষ্টি হ'ব পাৰে। ক্রমাগতভাৱে সময়ৰ সোঁতত ৱেইলছ ছিনড্রম (Weil's Syndrome) নামৰ এক অৱস্থাৰ উৎপত্তি হয়। এনে অৱস্থাপ্রাপ্তি হ'লে চিকিৎসসকলে ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকিৰ বিষয়টো বিবেচনাৰ আওতালৈ আনে। ইয়াৰ অন্তর্নিহিত হেতু হৈছে যে শুক আৰু যকৃতৰ কাম কাজ বিঘ্নিত হয় আৰু আনুসংগিকভাবে লিভাৰৰ আকৃতি বৃদ্ধি হোৱাৰ পৰিণতি হিচাপে জণ্ডিচ নামৰ উপসর্গই দেখা দিব পাৰে। ৰোগাক্রান্ত ব্যক্তিৰ দৈহিক উষ্ণতা অস্বাভাবিকভাবে বাঢ়ি যাব পাৰে। শৰীৰৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ পৰা ৰক্তক্ষৰণ হোৱাৰ উপৰি হাত-ভৰি কঁপিব পাৰে আৰু আনুষংগিকভাৱে মাংসপেশীৰ বিষ অনুভূত হ'ব পাৰে। সময়সাপেক্ষে পৰিপাকতন্ত্র আক্রান্ত হোৱা হেতুকে বমি হ'ব পাৰে আৰু ইয়াৰ ফলত তেজত থকা ইলেক্ট্রলাইটৰ মাত্ৰাৰ অস্বাভাৱিকতাৰ পৰিণতি হিচাপে অৱসাদগ্রস্ততাৰ সৃষ্টি হয়। ছালত ৰঙচুৱা ধৰণৰ দাগ পৰে। প্ৰাসংগিকভাৱে উল্লেখ কৰিব পাৰি এনকেফেলাইটিছ ৰোগীৰ তেজত আৰু চি এছ এফ (মগজু-মেৰুদণ্ডজনিত তৰল)ত থকা IgMৰ মাত্ৰা বাঢ়ি যায় যদিও সময়সাপেক্ষে নিৰোগী মানুহৰ দেহত থকা তৰলস্থিত IgMৰ মাত্রাও বাঢ়িব পাৰে। শেহতীয়াভারে অসম আৰু ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্যত লেপ্টোস্পাইৰোছিছ ৰোগৰ ক্ৰমাগতভাৱে বর্ধিত প্রাদুর্ভাৱ পৰিলক্ষিত হৈছে, সেয়া হৈছে এক বিশ্বব্যাপী সংঘটিত এক পৰিঘটনাৰ অংশ বিশেষ। ল’বলগীয়া সাৱধানতা- (১) লেতেৰা বা ঘোলা পানীত সাঁতোৰা বা তেনে পানীৰ ব্যৱহাৰ অনুচিত। (২) কটা-ছিঙা বা ছালৰ ঘাৰ যতন লোৱা উচিত। (৩) প্রতি জৈৱিক বা এন্টিবায়'টিকৰ এইক্ষেত্রত নিতান্তই এক অপৰিহাৰ্য ভূমিকা আছে যদিও জধে-মধে যিকোনো দৰবৰ প্ৰয়োগ নিশ্চয়কৈ অনুচিত। - ডাঃ মিহিৰ কুমাৰ গোস্বামীৰ ‘নৱতম স্বাস্থ্যজনিত প্ৰত্যাহ্বান’ শীৰ্ষক প্ৰবন্ধৰ আলমত।