“আয়ুৰ্বেদ প্ৰয়োজনং ব্যাধ্যুপন্থষ্টানাং ব্যাধি পতি মোক্ষঃ স্বাস্থাস্য স্বাস্থ্য যস্য ৰক্ষণশ্চ।” ৰোগ দেখা দিয়াৰ পাছত চিকিত্সা কৰি উপশম কৰাতকৈ সেই ৰোগ প্ৰতিৰোধ কৰিব পৰাটোহে উত্তম ব্যৱস্থা। ইংৰাজীত তাকেই কৈছে- ”প্ৰিভেনছন ইছ্ বেটাৰ দেন কিয়’ৰ।” ভগৱানৰ সৃষ্টিত ৰোগ-ব্যাধি আছে যদিও তাৰ নিৰাময়ৰ বাবে ওষধি দ্ৰব্যবোৰো আছে। আমি খাদ্য খাই জীৱন-ধাৰণ কৰি থাকোঁ, শৰীৰ পুষ্ট হয়, বল-শক্তি বাঢ়ে আৰু তেনে খাদ্য খায়ে শৰীৰটো ৰোগ মুক্ত কৰিও ৰাখিব পাৰি। উদাহৰণ স্বৰূপে আমাৰ অসমৰ বাহিৰত, দেশৰ কিছুমান ঠাইত, গৰমৰ দিনত, বায়ুমণ্ডলৰ উষ্ণ প্ৰবাহ যাক ‘লু’ বুলি জনা যায়, প্ৰবলভাৱে চলে আৰু মানুহ আক্ৰান্ত হ’লে মৃত্যুৰ মুখত পৰে। কিন্তু পিঁয়াজ যদি পকেটত থাকে দুই এচকল মাজে মাজে খালে লু-ৰ কুপ্ৰভাৱ নপৰে। কামটো কিমান সহজ, কিন্তু কিমান ডাঙৰ উপকাৰ হয়। তাৰ বাবে আমাক এই সম্পৰ্কীয় জ্ঞানৰ আৱশ্যক হয়। আমাৰ চাৰিও পাশে আদা, নহৰু, পিঁয়াজ, নৰসিং, পচতীয়া, ভেদাইলতা, যনী, গুৱা-মৰি, নেমুটেঙা, কমলা, গাজৰ আদি অসংখ্য বস্তু আছে যি খাই আমি আমাক ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ। কেৱল কোন সময়ত কি বস্তু কেনেকৈ কিমান পৰিমাণত খাব লাগে এইবোৰ জনা আৱশ্যক হয়। ডাঃ এল.আৰ. চৌধুৰীয়ে কৈছে- “মানুহক লগা সকলো ঔষধি বস্তুৱে প্ৰকৃতিয়ে তৈয়াৰ কৰে।” পৃথিৱীত, আমাৰ অসমতো তেনে অসংখ্য জড়ি-বুটি, গছ-লতা আছে যিবোৰ ৰোগ নিৰাময়ৰ বাবে ঔষধ আৰু ৰোগ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। তেনে বস্তু বহুত আছে, কিছুমান হয়তো এতিয়াও চিনাক্তই হোৱা নাই আৰু বহুবোৰ আয়ুৰ্বেদ শাস্ত্ৰকাৰ ঋষি-মুনি আৰু বহু গৱেষণানুৰক্ত ব্যক্তিয়ে চিনাক্ত কৰিছে। আমাৰ জীৱনলৈ মহত্ উপকাৰ কৰি গৈছে। চিকিত্সাৰ বাবে ঔষধি বস্তুবোৰৰ কথা আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ। তলত পাৰ্যমানে প্ৰতিষেধক খাদ্যবস্তু আৰু অন্যান্য দ্ৰব্যৰ উল্লেখ কৰা হ’ল। পেটৰ ৰোগ বাসকৰ (বাহকা) পাতৰ ৰসৰ লগত মৌ মিহলি কৰি দিনে ২ বাৰকৈ খালে বায়ু পিত্ত নাশ হয় আৰু পেটৰ ৰোগ নহয়। ৪ টা তুলসীৰ পাত দৈনিক খালে পেটৰ ৰোগ নহয়। পেটৰ কৰ্কট ৰোগঃ নহৰু দিনে ১০ কোঁহকৈ খালে কৰ্কট ৰোগ (পেটৰ) নহয়। আহাৰ খোৱাৰ এঘণ্টা পাছত খাব লাগে। অন্যান্য অংগত হোৱা কৰ্কট ৰোগঃ ধাৰোষ্ণ (খীৰাই থাকোঁতে থকা গৰম) দুগ্ধ, ঘেঁহুৰ পাত, গোল নেমুটেঙা, গাজৰ, নহৰু, আমলখি, ঘেঁহুৰ আটা, খেজুৰী আৰু আঙুৰ সঘনে খাই থাকিব লাগে। বসন্তঃ মহানিমৰ পাত, ৰুদ্ৰাক্ষ গুটি বটি গাত সানিব লাগে। খালী পেটত ৪-৫ টা মান বেলপাত খাব লাগে। কলমৌ শাক গাখীৰৰ লগত খাব লাগে, ভৰিৰ পতাত জেতুকা পাত বটি সানিলে বসন্ত ৰোগ কমে। বসন্ত হোৱা সময়ত এইবোৰ কৰিব লাগে। দাঁতৰ ক্ষয় ৰোগঃ সৌৰাগছৰ ঠাৰিৰে দাঁত মাজিব লাগে। ক্ষয় ৰোগ (পোকে খোৱা বুলি কোৱা ৰোগ) নহয়, দাঁত সিৰ সিৰ নকৰে। যক্ষ্মা ৰোগঃ গাখীৰৰ লগত নহৰু নিয়মীয়াকৈ খাব লাগে। ভীমকলৰ পচলা আৰু কেঁচা পিঁয়াজে যক্ষ্মাৰোগৰ বীজাণু নাশ কৰে। ক্ষয় ৰোগত নহৰু অমৃতৰ দৰে উপকাৰী। মূত্ৰস্থলীৰ ৰোগঃ নিয়মীয়াকৈ (সপ্তাহৰ মূৰে মূৰে) দুপৰীয়া টেঙাৰ পাত খাব লাগে। যকৃতৰ ৰোগ, পিলাইৰ বৃদ্ধিঃ সঘনে অমিতা খোৱা ভাল। হৃদৰোগঃ অৰ্জুন গছৰ ছালৰ ৰস বা অৰ্জুন গছৰ ছালৰ চূৰ্ণ (চাহ আদি কৰি সঘনে) খালে হৃদৰোগ নহয়। শৌচ কচাঃ পকা অমিতা, কেঁচা অমিতাৰ তৰকাৰী, শিলিখা, ত্ৰিফলা খাব লাগে। ধনুষ্টংকাৰঃ জংগলী ভাঙৰ কেঁচা পাত বা শুকান পাত চিলিমত বা বিড়ি কৰি খাব লাগে। মহিলাৰ স্তনৰ ৰোগঃ গা ধোৱাৰ আগতে, বিশুদ্ধ সৰিয়হৰ তেল বা কোনো বডি অইলেৰে ভালকৈ সদায় স্তন মালিছ কৰিব লাগে। স্তনত কোনো ৰোগেই হ’ব নোৱাৰে। জৰায়ুৰ ৰোগঃ অশোক ফুলৰ গছৰ ছালৰ ৰস গাখীৰৰ লগত খাব লাগে। হাইজা বা কলেৰাঃ কেঁচা পিঁয়াজ খালে নহয়। গলগণ্ড বা গৰলঃ আয়’ডিন সমৃদ্ধ খাদ্য, নহৰু, পিঁয়াজ, কচুৰ ঠোৰ, কডলিভাৰ অইল খাব লাগে। পলিঅ’ ৰোগৰ পৰা ৰক্ষা পাবলৈঃ নহৰুৰ ৪ টা কোঁহ নিয়মিতভাৱে খালে পলিঅ’ ৰোগ নহয়। ছাইন’ছাইটিছঃ গাজৰ খাব লাগে। নখৰ ৰোগঃ জেতুকাৰ ৰস মাজে মাজে নখত লগাব লাগে। নখত কোনো ৰোগ নহয়। সকলো ৰোগৰ বাবেঃ ঘেঁহু পানীত সিজাই ১২ ঘণ্টাৰ পাছত সেই পানী মৌৰ লগত নিয়মীয়াকৈ খালে কোনো ৰোগেই আক্ৰমণ কৰিব নোৱাৰে। পিত্ত, অৰ্শ, কৃমিৰ পৰা ৰক্ষা পাবলৈঃ সপ্তাহত এবাৰ তিতাকেৰেলাৰ শাক খাব লাগে। সৰু সৰু ল’ৰা-ছোৱালীৰ হালধীয়া শৌচ, সকলোৰে বাবে সকলো ধৰণৰ জ্বৰ, পিত্ত বিকাৰ, ক্ৰিমি, মূত্ৰৰোগ নহয়। অজীৰ্ণ আৰু উদৰাময় ৰোগৰ পৰা ৰক্ষা পাবলৈঃ খোৱাৰ সময়ত আৰু শৌচ কৰাৰ সময়ত সোঁ নাকেৰে উশাহ টানিব আৰু পানী খোৱাৰ সময়ত আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত বাঁও নাকেৰে উশাহ টানিব লাগে। কাহৰ পৰা ৰক্ষা পাবলৈঃ আহাৰ খোৱাৰ ১ ঘণ্টা পাছত পানী খোৱা অভ্যাস কৰক। হজম শক্তিও বাঢ়িব। কাহ নহয়। উচ্চ ৰক্তচাপ আৰু হাৰ্টফেইলৰ পৰা ৰক্ষা পাবলৈঃ (১)নিয়মিত (সদায়) আমলখি খালে উচ্চ ৰক্তচাপ ৰোগ নহয়, হাৰ্টফেইল হ’ব নোৱাৰে। (২)মৌচুম্বী বা নেমুটেঙাৰ ৰস সদায় খালেও হাৰ্টফেইল নহয়। কাৰণ ৰক্তবাহী সিৰত কলেষ্টেৰল জমিব নোৱাৰে। (৩)সদায় ৪ কোঁহ নহৰু চোবাই খালে হাৰ্টফেইল নহয়, যদি হাৰ্টষ্ট্ৰ’ক হৈছে নহৰু খাওক। ২ কোঁহ নহৰু এক-ডেৰ কাপ পানী বা গাখীৰত উতলাই খাওক। হাৰ্টষ্ট্ৰ’কৰ কথা পাহৰি যাব। (৪)ৰাতিপুৱা খালী পেটত খোজ কাঢ়ক, উচ্চ ৰক্তচাপৰ পৰা কষ্ট নাপায়। মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা পাবলৈঃ যদি মেলেৰিয়া ৰোগ আশে পাশে হয় বা যি সময়ত মেলেৰিয়া ৰোগ বাঢ়ে সেই সময়ত ৪ টা তুলসীৰ পাত আৰু এটি জালুকৰ গুড়ি মিহলাই বা একেলগে বটি বা একেলগে মুখত সুমুৱাই নিয়মিতভাৱে প্ৰতিদিনে এবাৰ খাওক মেলেৰিয়া নহয়। ই কুইনাইনৰ কাম কৰে আৰু জ্বৰ নহয়। টাইফয়েড আদি দীৰ্ঘম্যাদী জ্বৰৰ পৰা ৰক্ষা পাবলৈঃ যদি হিন্দী সংবতৰ প্ৰথম দিনা (চ’ত মাহৰ নবৰাত্ৰিৰ প্ৰথম দিনা- শুক্ল প্ৰতিপদ তিথি), মহানিমৰ কোমল পাত ৭ টা, জালুক ৭ টা আৰু সৈন্ধৱ লোণ এক চিকুট (বুঢ়া আৰু তৰ্জনী বা মধ্যমা আঙুলিৰে টিপা মাৰি আনিলে যি পৰিমাণৰ আহে) একেলগে বটি ৰাতিপুৱা খালী পেটতে খায় দীৰ্ঘম্যাদী জ্বৰ নহয়। ভাইৰেল ফিভাৰ বা সংক্ৰামক জ্বৰৰ পৰা ৰক্ষা পৰিবলৈঃ গৱেষণা কৰি পোৱা গৈছে যে কেঁচা পিঁয়াজৰ ভাইৰেল ফিভাৰৰ ভাইৰাছ নাশ কৰাৰ ক্ষমতা আছে। আনকি ঘৰত কেঁচা পিঁয়াজ খোৱা পৰিৱেশ থাকিলে তাত ভাইৰেল ফিভাৰ নহয়। সেইখন ঘৰলৈ সংক্ৰমিত ৰোগী আহিলেও সংক্ৰমণ ঘটাব নোৱাৰে। গতিকে কেঁচা পিঁয়াজ চোবাই খাব লাগে। কেঁচা পিঁয়াজ চোবাই খালে কেৱল ভাইৰেল ফিভাৰেই নহয় কলেৰা, মেলেৰিয়া আৰু ‘লু’ৰ পৰাও ৰক্ষা পাব পাৰি। কলেৰাৰ পৰা ৰক্ষা পাবলৈঃ এটা নেমুটেঙাৰ ৰস ১ গিলাচ পানীত, ১ চামুচ মিছিৰি বা চেনি মিহলাই খালে কলেৰাৰ পৰা নিশ্চিত ৰূপে বাচি থাকিব পাৰি। আনকি আৰম্ভণিতে এক-দুইবাৰ শৌচ-বমি হ’লেও ৰোগী আৰোগ্য হয়। আহাৰ খোৱাৰ সময়ত দুটা নেমুটেঙাৰ ৰস খালেও কলেৰাৰ ভয় নাথাকে। দূষিত পানী কেনেকৈ শুদ্ধ কৰিবঃ ৪ লিটাৰ পানীত ৫০-৬০ টা তুলসীৰ পাত দিলে সেই পানী বিশুদ্ধ হৈ যায়। পানী পৰিষ্কাৰ চালনিৰে (প্লাষ্টিকৰ চালনি পোৱা যায়) ছেকি লৈ ব্যৱহাৰ কৰিব পাৰি। তুলসীৰ পাতত বীজাণু ধ্বংস কৰা শক্তি প্ৰবলভাৱে থাকে। এইটো কোৱা হয় যে যদি তুলসী গছৰ বাগান থাকে (কে’বাজোপা তুলসী থাকে) তাৰ পৰা ৬০০ ফুট বা ১৮৩ মিটাৰ দূৰত্বলৈ (বাধা নাথাকিলে) বায়ুমণ্ডল বিশুদ্ধ হৈ থাকে, দূষিত বীজাণুক ধ্বংস কৰি ৰাখে। খাদ্যবস্তুত তুলসীৰ পাত থাকিলে খাদ্যবস্তু বিশুদ্ধ হৈ যায়। মেলেৰিয়া, প্লেগ আৰু ক্ষয় ৰোগৰ বীজাণু তুলসীৰ সংযোগত নাশ হৈ যায়। যদি খোৱাবস্তু ব্যৱহাৰত পলম হয় তেতিয়া খাদ্যবস্তু ৰখা চৰিয়াত তুলসীৰ পাত দিয়ে। কাৰণ খাদ্যবস্তু বিকৃত নহয়। তেনেকৈ মৃত ব্যক্তিৰ কাষত তুলসী ৰখাৰ নিয়ম। খৰ-খজুৱতি আৰু চৰ্মৰোগৰ পৰা ৰক্ষা পৰিবলৈঃ চ’ত মাহত যেতিয়া মহানিমৰ কোমল পাত ওলায় তেতিয়া, এই কোমল পাত ১৪-১৫ টা (সৰু ল’ৰা-ছোৱালীক ৭ টা) কৈ একেৰাহে ২১ দিন ৰাতিপুৱা খালী পেটতে (মুখ ধুই উঠাৰ পাছত), চ’ত মাহৰ ভিতৰত, খালে গোটেই ১ বছৰৰ বাবে কোনো চৰ্মৰোগ নহয়। নিমপাত খোৱাৰ পাছত অন্ততঃ ২ ঘণ্টা একো খাব নালাগে। ইয়াৰ ফলত তেজ পৰিষ্কাৰ হ’ব। পিত্ত, কফ ৰোগ নাশ হয়। ডায়েবেটিজ বা মধুমেহ শান্ত হয়। মেলেৰিয়া আদি ৰোগৰ আশংকা কমে। কোমল নিমপাত ২১ টা বা পুষ্ট নিমপাত ৭ টাৰ বেছি খাব নালাগে। পৌৰুষ শক্তি কমিব পাৰে বুলি বিশ্বাস আছে। জণ্ডিচ ৰোগৰ পৰা ৰক্ষা পাবলৈঃ উতলাই ঠাণ্ডা কৰা পানী সদায় খালে জণ্ডিচ ৰোগৰ পৰা ৰক্ষা পাব পাৰি। ‘লু’ৰ পৰা কেনেকৈ ৰক্ষা পৰিবঃ পিঁয়াজৰ কথা কওঁতে ইতিমধ্য কোনো কোনো ঠাইত ‘লু’ৰ বিষয়ে কৈ আহিছোঁ। ‘লু’ জলবায়ুৰ উষ্ণ প্ৰবাহ যাৰ ফলত মানুহৰ মৃত্যুও হয়। কিন্তু কেঁচা পিয়াজ খাই থাকিলে আৰু পকেটত কেঁচা পিঁয়াজ থাকিলে ‘লু’ নালাগে। দিনত আহাৰ খোৱাৰ সময়ত ২ বাৰ খালেই ‘লু’ৰ পৰা ৰক্ষা পৰিব পাৰি। ঘৰৰ পৰা বাহিৰ ওলাই যোৱাৰ সময়ত ২ গিলাচ চেঁচা পানী খাই ওলালে ‘লু’ৰ প্ৰভাৱ কম হয়। শোৱাৰ দোষত হৃদয় আৰু মস্তিষ্কৰ ৰোগঃ উত্তৰ ফালে মূৰ আৰু দক্ষিণফালে ভৰি দি কেতিয়াও শুব নালাগে। পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ ধনাত্মক বৈদ্যুতিক তৰংগ প্ৰবাহিত হৈ থাকে আৰু দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ ঋণাত্মক বৈদ্যুতিক তৰংগ প্ৰবাহিত হৈ থাকে। দুয়োটা বিপৰীত ধৰ্মৰ হোৱাৰ বাবে মিলিত হৈ উত্তৰৰ পৰা দক্ষিণলৈ আৰু দক্ষিণৰ পৰা উত্তৰলৈ তৰংগ প্ৰবাহিত হৈ থাকে। আকৌ মানুহৰ মূৰত ধনাত্মক বৈদ্যুতিক কেন্দ্ৰ থাকে আৰু ভৰিত ঋণাত্মক কেন্দ্ৰ থাকে। এতিয়া বৈদ্যুতিক তাঁৰৰ একে ধৰণৰ পজিটিভ বা নিগেটিভ দুটি তাঁৰ লগ লাগিলে তাঁৰ দুটা মিলি নাযায়। ইটোৱে সিটোক ঠেলি দিয়ে। ঠিক তেনেকৈ উত্তৰ ফালে মূৰ দি শুলে পৃথিৱীৰ সৈতে মানুহজনৰ বৈদ্যুতিক সংঘাতৰ সৃষ্টি হয়। গতিকে মানুহজনে মস্তিষ্ক আৰু হৃত্পিণ্ডৰ অসুখত ভুগিব পাৰে। কিন্তু মূৰ দক্ষিণ ফালে দিলে মূৰৰ ধনাত্মক আৰু পৃথিৱীৰ ঋণাত্মক শক্তি মিলি যায়। তেনেকৈ ভৰিৰ ফালেও মিলি যায় আৰু মূৰ সুস্থিৰ হৈ থাকে, ভাল টোপনি হয়। গতিকে মূৰ আৰু হৃত্পিণ্ডৰ অসুখ নিবাৰণৰ বাবে দক্ষিণ ফালে মূৰ দি শুব লাগে। দক্ষিণ ফালে মূৰ দি শুব নোৱাৰিলে, কিবা (ঠাইৰ) অসুবিধা থাকিলে পূব ফালে মূৰ দিও শুব পাৰি। কাৰণ সূৰ্যৰ প্ৰাণশক্তিয়ে মানুহৰ শৰীৰৰ ওপৰত অত্যন্ত শুভ প্ৰভাৱ পেলায়। মূৰৰ বিষ কম হয়। চকুৰ অসুখ নাথাকে, চকুৰ দৃষ্টিশক্তি বাঢ়ে। ভাল টোপনিও হয়। সেইবাবেই মৃত্যুৰ আগমুহূৰ্তত মানুহক উত্তৰৰ ফালে মূৰ কৰি শুৱাই দিয়াৰ নিয়ম। পৃথিৱীৰ শক্তিয়ে মানুহৰ শৰীৰৰ পৰা বৈদ্যুতিক শক্তিক সোনকালে টানি লৈ যায়। আৰু প্ৰাণবায়ু সহজেই বাহিৰ হৈ যায়। শ্বাস-প্ৰশ্বাসৰ ৰোগৰ পৰা বাচিবলৈঃ প্ৰাণায়মৰ মাধ্যমেৰে শ্বাসতন্ত্ৰক সুস্থ কৰি ৰাখিব পাৰি। যিসকলে নিয়মিত প্ৰাণায়াম কৰে তেওঁলোকৰ চৰ্দি, কাহ, হাঁপানি আদি শ্বাস ৰোগ নহয় আৰু শান্তিত থাকিব পাৰে। আয়ুৰ্বেদ শাস্ত্ৰত বাত, পিত্ত আৰু কফ- এই ত্ৰিদোষৰ বাবে ৰোগ হয় বুলি কৈছে। পিত্তৰ বৰ্ণ ৰঙা, বাতৰ ৰং নীলা আৰু কফৰ ৰং বগা, এই তিনি বৰ্ণক, তিনি প্ৰকাৰ দোষৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। এই তিনিওবিধ দোষৰ পৰা ৰক্ষা কৰিবলৈ সন্ধ্যাকালত ত্ৰি-দেৱতা ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰক ধ্যান কৰাৰ বিধানো আছে। সেই সম্পৰ্কত ব্ৰহ্মাৰ ৰং ৰঙা, বিষ্ণুৰ ৰং নীলা আৰু মহেশ্বৰৰ ৰং বগা বুলি নিৰ্দেশ কৰিছে। প্ৰতিদিনে একাগ্ৰচিত্তে ৰঙা, নীলা আৰু বগা ৰঙৰ ধ্যান কৰিলেও ত্ৰিদোষ শান্ত থাকে আৰু শৰীৰৰ বিকাৰ দূৰ হয়। প্ৰাণায়াম নিতৌ কৰিলে হাঁওফাঁওৰ সঞ্চিত মল বা লেতেৰা বস্তু দূৰ হৈ যায়, শুকাই যায়, ৰোগৰ বীজাণুক নাশ কৰি দিয়ে। হাঁওফাওঁৰ কোষবোৰত প্ৰাণবায়ু সঞ্চাৰিত হয় আৰু মানুহ ৰোগমুক্ত হৈ থাকে। প্ৰাণায়াম কৰিলে হাঁপানি, ক্ষয় ৰোগ নহয়। পুৰণি চৰ্দি, কাহ একো নাথাকে। নাক আৰু বুকুৰ ৰোগ নাথাকে। গলৰ শ্লেষ্মা আদিও দূৰ হয়। হাঁওফাঁওৰ বল কেনেকৈ বঢ়াবঃ ৰাতি ২৫০ মিলিলিটাৰ পানীত ১৫ টা কিচমিচ ভিজাই থওক। ৰাতিপুৱা এইবোৰ ফুলি উঠিব। তেতিয়া তাৰ ঠাৰি আৰু গুটি আদি পেলাই দিয়ক আৰু এটা এটাকৈ ভালকৈ চোবাই চোবাই খাওক। পাছত ভিজোৱা পানীখিনিও খাওক। ইচ্ছা হ’লে, অলপ চেনি মিহলাবও পাৰে। এইভাৱে একেৰাহে এমাহ খালে হাঁওফাঁওৰ দোষ দূৰ হ’ব, দুৰ্বলতা আঁতৰিব। চৰ্দি, কাহ, পেটৰ গণ্ডগোল থাকিলে সকলো দূৰ হৈ যাব। অৰ্শ, শৌচ কচা, মুখত ঘা আদি থাকিলেও সকলো নিৰাময় হ’ব। প্ৰস্ৰাৱ বাঢ়িব। শৰীৰৰ ৰক্ত কণিকা বাঢ়িব। বল-বীৰ্য বাঢ়িব। তেনেকৈ ভিজোৱা কিচমিচ গাখীৰত উতলাই খালে অধিক উপকাৰ হয়। কৰবাত আঘাত লাগি বিষ-বেদনা থাকিলেও সিও দূৰ হয়। কিন্তু ডায়েবেটিজ ৰোগী হ’লে এই মনাক্কা খোৱা নিষেধ। প্ৰতিদিনে ২ চামুচ মৌ খালেও হাঁওফাঁও মজবুত হয়। ১-২ মাহ নিয়মিতভাৱে (সদায়) খালে কোনো ৰোগ হ’ব নোৱাৰে। মৌৰ তিনিটা গুণ আছে। শ্বাসনলীৰ সকলো অসুখ দূৰ কৰে। শৰীৰৰ পৰা মলজাতীয় বস্তু বাহিৰ কৰি দিয়ে। সমস্ত সিৰ-উপসিৰৰ কৰ্ম পদ্ধতিক স্বাভাৱিক অৱস্থালৈ আনে। শৰীৰক সুস্থ আৰু সবল কৰে। খোজ কাঢ়োঁতে শ্বাস-প্ৰশ্বাসৰ কচৰতঃ খোজ কাঢ়োঁতে নাকেদি বুকু ভৰাই উশাহ টানিব আৰু নিশাহ এৰাৰ সময়ত মুখেৰে খুব জোৰেৰে ফুৱাই দিয়াৰ দৰে উশাহ এৰিব আৰু হাঁওফাঁওৰ ভিতৰৰ সমস্ত বায়ু বাহিৰ কৰি দিব। সূৰ্যোদয়ৰ আগতে বিছনা এৰিব লাগে, নোৱাৰিলে যি সময়ত উঠে, তেতিয়াই প্ৰতিদিনে ৪ কিল’মিটাৰ খোজ কাঢ়িব লাগে। মধুমেহ আৰু হৃদৰোগীৰো খোজ কাঢ়িলে ভাল হয়। বৃক্ক বা কিডনিৰ ৰোগৰ পৰা কেনেকৈ বাচিব পাৰিঃ খোৱাৰ (আহাৰ) পাছতে প্ৰস্ৰাৱ কৰিলে কিডনি, কঁকাল আৰু যকৃতৰ ৰোগ নহয়। গাঁঠি বাত, গ্ৰন্থি ফুলা ৰোগৰ পৰা ৰক্ষা পৰিব পাৰি। পাচক যন্ত্ৰৰ ৰোগৰ পৰা কেনেকৈ বাচিবঃ যি খায় ভালকৈ চোবাই খাওক। প্ৰতি গৰাহ খাদ্যকে ৩২ বাৰ চোবাব লাগে। পেটত ভোক ৰাখি খাব। পেট ভৰাই নিদিব আৰু সময়ত খাওক। এই ধৰণে চলিলে পেটৰ ৰোগ নহয়, পাচক যন্ত্ৰ স্বাভাৱিক হৈ থাকে। হজম শক্তি বঢ়োৱাত শ্বাস-প্ৰশ্বাসৰ সম্বন্ধঃ খোৱাৰ পাছত ওপৰলৈ মুখ কৰি শোৱক। ৮ বাৰ উশাহ-নিশাহ লওক। তাৰ পাছত সোঁ ফালে কাতি হৈ শোৱক আৰু ১৬ বাৰ উশাহ-নিশাহ লওক। তাৰ পাছত বাঁও ফালে তল কৰি শোৱক আৰু ৩২ বাৰ উশাহ-নিশাহ লওক। তাকে কৰিলে খোৱা বস্তু সোনকালে হজম হয়। পেটৰ বায়ু, গেছ আৰু কফ ৰোগক কেনেকৈ বাধা দিবঃ কেঁচা নহৰু আৰু অলপ আদা সদায় খালে পেটৰ বায়ু বা গেছ আৰু কফ ৰোগ নহয়। থাকিলেও এই ঔষধৰ ৰোগ নাশ কৰাৰ ক্ষমতা আছে। মুখ, দাঁত, জিভা আদিৰ ৰোগক কেনেকৈ বাধা দিবঃ ৰাতিপুৱা মহানিমৰ পাত ২-৩ টা চোবাই চোবাই পেলাই দিলে দাঁত আৰু জিভা পৰিষ্কাৰ হৈ যায়। তিতা নিমৰ পাতত ক্লৰ’ফিল থাকে। নিমৰ ঠাৰিৰে মাজে মাজে দাঁত মাজিলেও দাঁতৰ ৰোগ, দাঁতৰ বিষ নহয়, দাঁত মজবুত থাকে আৰু মুখৰ ৰোগ, কেনচাৰ আদি হোৱাৰ ভয় নাথাকে। সৰিয়হৰ তেল মুখত ভৰাই মুখ কুলি কৰিলে হনু বা গালৰ হাড় মজবুত হয়। মাত গম্ভীৰ আৰু বলবান (ডাঙৰ) হয়। গল নুশুকায়, ওঁঠ নাফাটে। দাঁত অকালতে নসৰে, দাঁতৰ ক্ষয় ৰোগ (পোকে খোৱা বুলি কোৱা ৰোগ) নহয়। দাঁতৰ কোনো কষ্ট নাথাকে। টেঙা বস্তু খালে দাঁত নেটেঙায়। সৰিয়হৰ তেলেৰে দাঁত মালিছ কৰিলেও দাঁতৰ গুৰি সবল হৈ থাকে। কোনো ৰোগ হৈ গ’লেও সৰিয়হৰ তেলেৰে চিকিত্সা কৰিব পাৰি। কিন্তু সময় বেছি লাগে, এবছৰো লাগিব পাৰে। গতিকে অন্য চিকিত্সা লোৱাই ভাল। যদি শৌচ-প্ৰস্ৰাৱ কৰাৰ সময়ত পুৰুষ-মহিলা, ল’ৰা-ছোৱালী আদি সকলোৱে দাঁত দুয়োপাৰি চেপি ধৰি থাকে বা দাঁত কামুৰি ধৰি থাকে দাঁতৰ কোনো ৰোগ নহয়। দাঁত মজবুত হয়, অকালতে দাঁত নসৰে। দাঁতৰ গুৰিৰে তেজ পৰা, পূজ ওলোৱা ৰোগৰ পৰা সম্পূৰ্ণ সুৰক্ষা পায়, দাঁত নলৰে, অলপ লৰিলেও দাঁত বহি যায় (গুৰি টান হৈ যায়)। দাঁত আৰু খাদ্যনলী নিৰোগীকৈ ৰাখিবলৈঃ অত্যন্ত গৰম বা অত্যন্ত ঠাণ্ডা খাব নালাগে। মুখৰ স্বাভাৱিক তাপমাত্ৰাতকৈ বেছি গৰম চাহ, কফি, পানী, গাখীৰ একো খাব নালাগে।। বেছি ঠাণ্ডা বৰফ, কুল্ফি খোৱা অনুচিত। ইয়াৰ ফলত গলৰো অনিষ্ট হয়। ওঁঠ নফটাকৈ কেনেকৈ ৰাখিবঃ খাটি সৰিয়হৰ তেল বা অভাৱত ব’ডি অইল, নাভিত নিতৌ দিলে ওঁঠ কোমল হৈ থাকে, নাফাটে। চকুৰ জ্যোতি আৰু মস্তিষ্কৰ শক্তিও বাঢ়ে। মস্তিষ্ক কেনেকৈ সুস্থকৈ ৰাখিবঃ মূৰত (তালুত) ভাল কোনো তেল, সৰিয়হৰ তেল, তিলৰ তেল, ব্ৰাহ্মী তেল, আমলা (আমলখিৰ) তেল, ভৃংগৰাজ তেল, নাৰিকলৰ তেল মালিছ কৰিলে মস্তিষ্ক সুস্থ থাকে। ৫-৭ মিনিট ভালকৈ কৰিব লাগে। চুলি ক’লাকৈ ৰাখিবলৈঃ সৰ্বাংগাসন আৰু শীৰ্ষাসন কৰিলে চুলি দীৰ্ঘদিনলৈ ক’লা হৈ থাকে। চকুৰ দৃষ্টি কেনেকৈ ভালে ৰাখিবঃ গা ধোৱাৰ আগতে ভৰিৰ তলুৱা, আঙুলিত নিতৌ তেল ঘঁহিলে দৃষ্টিশক্তি ভালে থাকে। বাদাম, গুৱা-মৰি, মিছিৰি সমান পৰিমাণত লৈ গুড়ি কৰি লওক আৰু পৰিষ্কাৰ কাপোৰেৰে ছেকি চূৰ্ণ কৰি লওক। প্ৰতিদিনে ৰাতি শুবৰ সময়ত ২৫০ মিলিলিটাৰ গাখীৰৰ সৈতে দুই চামুচ এই চূৰ্ণ খাওক, দৃষ্টিশক্তি বাঢ়িব। কৰ্মক্ষমতা বাঢ়িব। দুৰ্বল মস্তিষ্ক, মূৰ গৰম হোৱা, স্মৃতিশক্তি হ্ৰাস সকলো দূৰ হ’ব। সৰু ল’ৰা-ছোৱালীক খুৱালে আধা পৰিমাণত খুৱাব। এই গাখীৰ খোৱাৰ দুই ঘণ্টা পাছলৈ পানী নাখাব। ৰাতিপুৱা মুখ ধুবৰ সময়ত মুখ ভৰাই পানী ৰাখক আৰু চকুত ঠাণ্ডা পানী ছটিয়াওক। এনেকৈ দিনত তিনিবাৰ দিয়ক, চকু ভালে থাকিব। আমলখি, শিলিখা আৰু ভঁইৰা সমান মাত্ৰাত লওক (গুটি গুচাই লব)। তিনিওবিধ একেলগে গুড়ি কৰি লৈ বটলত ৰাখক। প্ৰতিদিনে ৰাতি এটা আয়নাৰ (বা মাটিৰ) গিলাচত পানী লৈ তাত এক চামুচ এই ত্ৰিফলা চূৰ্ণ পেলাই থওক। ৰাতিপুৱা পানীখিনি ভালকৈ গুলি লৈ কাপোৰেৰে ছেকি লওক আৰু এই পানীখিনি চকুত ছটিয়াওক। চকুৰ দৃষ্টিৰ কোনো দুৰ্বলতা থাকিলে দূৰ হ’ব। চকুৰ ভাল অৱস্থাত লৈ থাকিলেও দৃষ্টিশক্তি অটুট থাকিব। সাধাৰণ অসুখ, চকু ৰঙা পৰা, জ্বালা কৰা, সাধাৰণ অৱস্থাৰ চকুৰ ছানিও আৰোগ্য হ’ব। গা-ধোৱাৰ আগতে ভৰিৰ তলুৱাত আৰু ভৰিৰ আঙুলিৰ আগত সৰিয়হৰ বা গাত ঘঁহা তেল দিলে চকু ভালে থাকে, দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ ৰোগ নহয়। স্বমূত্ৰৰে চকু দিনে দুবাৰকৈ ধুলেও চকু ভালে থাকে, অন্য ৰোগ নহয়। কিন্তু ১০-১৫ মিনিটমান পাছত চকু পানীৰে ধুই পেলাব লাগে। কাণৰ ৰোগ নোহোৱাকৈ কেনেকৈ থাকিবঃ প্ৰতি সপ্তাহত এদিন আহাৰ খোৱাৰ আগে আগে সৰিয়হৰ তেল ২ টোপ ২ টোপ অলপ গৰম কৰি কাণত দিয়ক। কাণত কোনো বেমাৰ নহয়। ১৫ দিনৰ মূৰত দিলেও কানেৰে কম শুনা, বধিৰতা আদি ৰোগ নহয়। গৰম নকৰাকৈ দিলেও বহু উপকাৰ হয়। হানিকাৰক সংযোগঃ আমি খোৱা খাদ্যত সদায় কে’বাবিধো বস্তুৰ সংযোগ হয়। চাউল, দাইল, মাছ, মাংস, কণী, গাখীৰ, ঘিউ, টেঙা, জ্বলা, তিতা, খাৰ আদি বিভিন্ন বস্তু আমাৰ খাদ্যত (একে সাঁজতে) থাকে। ইয়াৰ সংযোগ কিছুমান শৰীৰৰ বাবে হানিকাৰকো হয়। হজম কৰিবলৈ কষ্টকৰ হয় বা বিষতুল্য হ’ব পাৰে। উদাহৰণ স্বৰূপে মাছ আৰু গাখীৰ একেলগে খালে শ্বেতকুষ্ঠ হোৱাৰ ভয় থাকে। শীতকালত বেছি চেঁচা বস্তু, শুকান বস্তু, ৰুক্ষ বস্তু খালে ক্ষতি হয়। তলত হানিকাৰক আৰু হিতকাৰক বস্তুৰ সংযোগৰ তালিকা দিয়া হ’ল। হানিকাৰক সংযোগঃ খাদ্যবস্তু লগত খাব নলগা বস্তু গৰম পানী মৌ। মৌ মূলা, আঙুৰ, বৰষুণৰ পানী, গৰম খাদ্য, গৰম পানী। গাখীৰ দৈ, লোণ, বেল, নাৰিকল, মূলা, মূলাৰ শাক, অৰহৰ দাইল, গুৰ, টেঙা ফল, চাতু, টেঙা, তেঁতেলী আৰু খৰমুজ। পায়স খিচিৰি, কঁঠাল, টেঙা, চাতু আৰু মদ। দৈ পায়স, গাখীৰ, পনীৰ, গৰম খাদ্য, খৰমুজ। ঘিউ মৌ সমমাত্ৰাত (কম-বেছি কৰি খাব পাৰে)। চাহ নিলাজী (সাপৰ আকৃতিৰ তৰকাৰী হিচাপে খোৱা এবিধ ফল), বাঁহৰ গাজ, তিয়ঁহ। ভাত ভিনেগাৰ। চেঁচা পানী বাদাম, তেল, ঘিউ, তৰমুজ, জাম, তিঁয়হ, নিলাজী, গৰম গাখীৰ বা অন্য কোনো গৰম খাদ্য। হিতকাৰক সংযোগঃ খাদ্যবস্তু লগত খালে উপকাৰ হয় খৰমুজ চেনি। ভাত গাখীৰ, নাৰিকল ৰোকা। গাজৰ মেথি শাক। দাইল গাখীৰ বা দৈ। কল এলাচি। খেজুৰ গাখীৰ। আম গৰুৰ গাখীৰ। তৰমুজ গুৰ। মূলা মূলাৰ শাক। তেঁতেলি গুৰ। বেথো শাক দৈ, দৈৰ চামনি। পেয়াৰা গুৱামৰি। মাকৈ ঘোল। অজীৰ্ণ নহবলৈ কি খাদ্যবস্তুৰ পাছত কি খাদ্য খাব লাগেঃ কেতিয়াবা কোনো খাদ্য খোৱাৰ পাছত হজম হোৱাটো কঠিন হ’ব যেন অনুমান হয়। কিছুমান বস্তুৰ পাছত কিছুমান বস্তু খালে হজম হৈ যায় আৰু তেনে বস্তু খাই অজীৰ্ণ দূৰ কৰিব পাৰি। আজিকালি হওঁতে হজম কৰোৱা ঔষধ বজাৰত বিভিন্ন ধৰণৰ ওলাইছে কিন্তু ঔষধ ঔষধেই, সদায় তাৰ সহায় ল’ব লগা হ’ব। হজম নিজৰ শৰীৰতে উজ্জীৱিত হ’লে শৰীৰৰ বাবে হিতকৰ হয়। পাচক যন্ত্ৰবোৰৰ শক্তি বাঢ়ে। তলত তাৰ এখন তালিকা দিয়া হ’ল। তাৰ পৰা যিকোনো এবিধ খালেই হয়। খাদ্যবস্তু হজম হোৱাৰ বাবে পাছত খাব লগা বস্তু ভাত নাৰিকল, যনী, দৈ বা গৰম গাখীৰ। মুগ, বুটৰ দাইল ফলৰ ৰস বা ভিনেগাৰ। দুৰ্গন্ধযুক্ত বা পুৰণি ঘিউ নেমুটেঙাৰ ৰস। মটৰ আদাৰ শুঁঠ। বাদাম গুৰ, দৈৰ ঘোল। কল ২-৩ টা এলাচি (সৰু)। পায়স জালুক। লুচি-কচুৰি গৰম পানী। মিঠাই, খেজুৰ, মিঠা ফল চেঁচা পানী। বিট গুৰ। অন্যান্য দাইল গাখীৰ বা দৈ। বেঙেনা সৰিয়হৰ তেল। ৰঙা আলু গুৰ। আম গাখীৰ, গুৰৰ লগত শুকান আদা, ২-৪ টা জাম। আপেল দালচেনি ১ গ্ৰাম। নেমুটেঙা লোণ। জাম লোণ বা আম। বেচন মূলাৰ শাক। খৰমুজ আধা কাপ চেনিৰ চৰবত (পানী)। পেয়াৰা গুৱা-মৰি। মাকৈ ঘোল। তেঁতেলি গুৰ। মাটি মাহৰ দাইল গুৰ। কঁঠাল কল। লোণ চাউল ধোৱা পানী। নাৰিকল চাউল। বেল মহানিমৰ গুটি। নেমুটেঙা সৰিয়হ। কাঁকুৰ (এবিধ তিয়ঁহ) ঘেঁহু শস্যৰ আটা। কমলাটেঙা গুৰ। শাক সৰিয়হ। অৰহৰ দাইল গৰম পানী। আমলখি বগা সৰিয়হ। তিল বগা সৰিয়হ। ওল গুৰ। কুমুৰা আদা। কুঁহিয়াৰ আদা। মাংস পঁইতাভাতৰ পানী বা ছদা (ক্ষাৰ)। মাছ ঐ। তেল ঐ। মৌ ত্ৰিফলাৰ ৰস। মাখন ত্ৰিফলাৰ পানী। ঘিউ নেমুৰ ৰস। গাখীৰ নহৰু, মূলা। চিৰা পিপলি। খিচিৰি সৈন্ধৱ লোণ। হালুৱা কৰ্পূৰ, পাণ। মালপোৱা পিপলি। হৰিণৰ মাংস পৰিশ্ৰম। বিৰিয়ানি দৈৰ ঘোল। শুকান ভাত চেঁচা পানী। গৰম বস্তু চেনি ম’হৰ গাখীৰ শংখ ভস্ম। মদ চন্দন আৰু গেৰু মাটি (বাচন বনোৱা পোৰা মাটি)। অকাল বাৰ্ধক্য কেনেকৈ ৰোধ কৰিবঃ ৰাতিপুৱা ব্যায়াম বা আসনাদি বা মৰ্ণিং ৱাক কৰাৰ পাছত, প্ৰতিদিনে ২ টাকৈ পকা আমলখি, চোবাই বা ৰস ২ চামুচ উলিয়াই মৌ অলপৰ সৈতে খাওক। যেতিয়া আমলখি পোৱা নাযায়, শুকান আমলখি গুড়ি কৰি, আটা আদি চলা চালনীৰে ছালি চূৰ্ণ কৰি লৈ ৩ গ্ৰাম বা ১ চামুচ (সৰু চাহ চামুচ) ৰাতি শোৱাৰ সময়ত মৌ লগত লৈ খাওক। আমলখি খোৱাৰ ১ ঘণ্টা মানলৈ আৰু অন্য কোনো বস্তু নাখাব। সদায় এইভাৱে ৩-৪ মাহ খালে শৰীৰ বদলি যাব। তজবজীয়া হ’ব, হজমশক্তি বাঢ়িব, ভোক বাঢ়িব, শৌচ কচা দূৰ হ’ব, শৰীৰলৈ নতুন শক্তি আহিব। চকু-মুখ উজ্জ্বল হৈ উঠিব। প্ৰৌঢ়কালতো বাৰ্ধক্য লেহেম হৈ পৰিব। আমলখিৰ ৰোগ প্ৰতিষেধক শক্তি প্ৰবল, সহজে কোনো ৰোগেও আক্ৰমণ কৰিব নোৱাৰে। জীৱনকাল বাঢ়ি যায়। কিন্তু আমলখি খোৱা কালত সাত্বিক আহাৰ খালে বেছি উপকাৰ হয়। মাছ-মাংস নাখালে ভাল, খালেও দাৰ্ঘদিনৰ ব্যৱধান ৰাখি কমকৈ খাব। তিনি মাহত শৰীৰৰ শক্তি সঞ্জীৱিত কৰি ল’ব পাৰিব। আমলখিয়ে তেজ প্ৰবাহিত হোৱা নাড়ীৰ দোষ সংশোধন কৰে, নাড়ীৰ নমনীয়তা বঢ়াই ৰাখে, ফলত হাই ব্লাড্ প্ৰেছাৰ আৰু হাৰ্টৰ সমস্যা নাথাকে। তেজ মখা বান্ধিব নোৱাৰে গতিকে হৃদযন্ত্ৰ বা মূৰৰ মগজুৰ থ্ৰম্ব’ছিছ ৰোগ নহয়। আমলখি খাই থাকিলে (সদায়) মাংস, তেজ, অস্থি, মেদ, মজ্জা আৰু শুক্ৰৰ (বীৰ্য) লগত থকা বৰ্জনীয় বস্তুবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। ৰক্তবাহিকা নাড়ীয়ে বৃদ্ধকালতো নমনীয়তা নেহেৰুৱায়। গতিকে বাৰ্ধক্যৰ দুখ-দুৰ্গতি বহু পৰিমাণে প্ৰতিহত হয়। আমলখিৰ বাহিৰেও সহায়ক উপায়ঃ (১)যৌৱন দীৰ্ঘদিনীয়া কৰিব খুজিলে, দিনত বাঁও নাকেৰে আৰু ৰাতি সোঁ নাকেৰে উশাহ লোৱাৰ অভ্যাস কৰিব লাগে। সেই বাবে ৰাতি শোওঁতে বাঁওফালে তল কৰি শুব লাগে আৰু দিনত জিৰণি লওঁতে (বাগৰ দিলে) সোঁ ফাল তল কৰি শুব লাগে। ইয়াৰ দ্বাৰা যৌৱনৰ অৱস্থাক ধৰি ৰাখিবলৈ সমৰ্থ হোৱা যায়। (২)পকা অমিতা দিনে খাব পাৰিলে যৌৱনকাল দীৰ্ঘদিনীয়া হয়। অজীৰ্ণ, ৰক্তহীনতা, হাঁপানি, চকুৰ ৰোগ আৰু পাচনতন্ত্ৰৰ ৰোগ দূৰ কৰে। মধুমেহ আৰু ডায়েবেটিছ ৰোগক কেনেকৈ বাধা দিবঃ ৰাতি ১৫-২০ গ্ৰাম মিথি পানীত তিয়াই থৈ (অলপ খুন্দি ল’ব) ৰাতিপুৱা, মিথিখিনি সেই পানীত ভালকৈ মোহাৰি পানীখিনি ছেকি লওক আৰু একেৰাহে এমাহ খাওক। ব্লাড ছুগাৰ থাকিলে নামি আহিব। সপ্তাহত ২-৩ দিনকৈ খাই থাকিলে মধুমেহ নহয়। মধুমেহত মিথি উত্তম ঔষধ। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।