পায়েৰিয়া - পায়েৰিয়া দাঁত আৰু দাঁতৰ আলুৰ এক প্ৰকাৰৰ ৰোগ। এই ৰোগ শৰীৰত কেলচিয়ামৰ হ’লে, দাঁত ভালদৰে ব্ৰাছ নকৰিলে হ’ব পাৰে। এই ৰোগ হলে দাঁতৰ জগুৰিৰ আলু উখহে, ৰঙা পৰে, ভিতৰত পূঁজ আৰু দূষিত তেজ জমা হয় আৰু বিষায়। ব্ৰাছ কৰিলে আলুৰ পৰা তেজ ওলায়। এই ৰোগ যদি তৎক্ষণাত চিকিৎসা কৰা নহয়, তেনেহ’লে কিছুদিনৰ পিছতে দাঁতবোৰ লৰিবলৈ ধৰিব আৰু দুই এটাকৈ সৰি যাব। ঘৰুৱা দিহা - বগা ধপাতৰ পাত তিনিখিলা লৈ শুকান তাৱাত ক’লা হৈ নোযোৱাকৈ তল ওপৰ কৰি সেকক। ক’লা হৈ পৰাৰ পিছত পাতকেইটা উঠাই আনি খুব মিহিকৈ বটি লওক। এই গুড়িৰ ওজনৰ আধা পৰিমাণত লৈ ভালদৰে গুড়ি কৰি লওক আৰু ধপাতৰ গুড়িৰ সৈতে মিহলাই ঘন চেকনি বা মিহি কাপোৰেৰে চালি লওক। এই মিশ্ৰণ টানকৈ সাঁফৰ লগাই বহল মুখৰ বটল এটাত ভৰাই থওক। প্ৰতিদিনে পুৱা আৰু ৰাতি আহাৰ খোৱাৰ পিছত এই গুড়িৰে পৰা আধা চামুচ পৰিমাণত লৈ তাৰ লগত ৫-৬ টোপাল নেমুৰ ৰস চেপি লওক। এই মিশ্ৰণ আঙুলিৰে দাঁতৰ গুড়িত লগাই আঙুলিৰে লাহে লাহে মালিচ কৰক। প্ৰায় দহ মিনিট সময় এই দ্ৰব্যৰে মালিচ কৰি পিছত পানীৰে কুলকুলি কৰি মুখ ধুই পেলাওক। একেৰাহে দুই-তিনিমাহ এই ব্যৱস্থা গ্ৰহণ কৰিলে আলুত হোৱা সংক্ৰমন নিৰাময় হ’ব, দাঁতো মজবুত হৈ পৰিব আৰু পায়েৰিয়াও নিৰাময় হ’ব। অৱশ্যে কেতিয়াও ধপাত ব্যৱহাৰ নকৰা লোকে এই মিশ্ৰণ ব্যৱহাৰ কৰোতে প্ৰথম অৱস্থাত অলপ অস্বস্তি পাব। পিছলৈ লাহে লাহে ঠিক হ’ব। এই মঞ্জন ব্যৱহাৰ কৰি থাকোতে কেতিয়াও সেপ নিগিলিব। ধপাতযুক্ত লেলাউতি কেতিয়াও পেটলৈ যাবলৈ নিদিব। পায়েৰিয়া ৰোগত এই মিশ্ৰণ পতি ফলপ্ৰসূ বুলি প্ৰমাণি হৈছে। মহানিমৰ পাত দুমুঠি ছাঁত ভালদৰে শুকুৱাই লওক। ভালদৰে শুকাই গ’লে এটা মাটিৰ মলাত লৈ জ্বলাই দিয়ক আৰু জ্বলাৰ লগে লগে ভালদৰে ঢাকি দিয়ক। পাতবোৰ জ্বলি ক’লা ছাই হৈ পৰিব। এই ছাই গুড়ি কৰি কাপোৰেৰে চালি লওক। ছাইৰ সমপৰিমাণত সৈন্ধৱ লৱণ বটি গুড়ি কৰি নিমপাতৰ ছাঁইৰ লগত মিহলাই টানকৈ সাঁফৰ মাৰি বটলত ভৰাই থওক। পায়েৰিয়া হ’লে এই মিশ্ৰণ দিনটোত তিনি-চাৰিবাৰ আলু আৰু দাঁতত লগাই মালিচ কৰক। পিছত পানীৰে কুলকুলি মুখখন ধুই পেলাওক। প্ৰতিদিনে আহাৰ খোৱাৰ পিছত দিনটোত দুবাৰকৈ দাঁতবোৰ ভালদৰে ব্ৰাছ কৰি পৰিষ্কাৰ কৰক। মুখৰ দুৰ্গন্ধ - কাৰক: বাছ-বিচাৰ নকৰাকৈ যিহকে পাই তাকে খাই থাকিলে, ৰাতিৰ আহাৰ খাই উঠি দাঁত ভালদৰে ব্ৰাছ নকৰিলে, পেট পৰিষ্কাৰ হৈ নেথাকিলে বা কোষ্ঠবদ্ধতা থাকিলে মুখৰ পৰা দুৰ্গন্ধ ওলায়। দিনটোত কেইবাবাৰো পানী খাই নেথাকিলে মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। কিছুমান লোকৰ মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো এটা স্বাভাৱিক বিসংগতি। যদি আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই থাকিলে আপোনাৰ লগত কথা পাতি থকা মানুহে আপোনাৰ লগত কথা পাতি থকা মানুহে আপোনাৰ পৰা দূৰত থাকিব বিচাৰে। এই অস্বস্তিদায়ক অৱস্থাটোৰ পৰা ৰক্ষা পাবলৈ আপুনি তলত দিয়া দিহাবোৰ মানি চলিবলৈ লওক। ঘৰুৱা দিহা: নিমৰ কুমলীয়া ডাল এটুকুৰা লৈ তাৰে পুৱা আৰু ৰাতি দাঁতবোৰ ভালদৰে মঞ্জন কৰক। এনে কৰিলে আপোনাৰ মুখৰ দুৰ্গন্ধ নাইকিয়া হ’ব। পাঁচ গ্ৰাম(এচামুচ) চফ গুটি বা ধনিয়া গুটি বা ইলাচি চোবাই থাকিলে মুখ শুদ্ধি হয়। ইলাচি আৰু পদিনা মিহলাই পাণ চোবাই থাকিলেও মুখৰ গন্ধ নাইকিয়া হয়। ইলাচি, দালচেনি আৰু শুকান পদিনা পাতৰ গুড়ি মিহলাই লোৱা কুহুমীয়া গৰম পানীৰে কুলকুলি কৰিলে মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। ইলাচি বা লং এটা চোবাই থাকিলেও মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। একাপ পানীত জিৰাৰ তেল দুই-তিনি টোপাল দি কুলকুলি কৰিলে মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- ৰাতিৰ আহাৰ খোৱাৰ পিছত শোৱাৰ আগতে দাঁত ব্ৰাছ কৰাটো এটা অভ্যাসত পৰিণত কৰক। দিনটোত কম সময়ৰ ব্যৱধানত একোগিলাচকৈ পানী খাই থাকক। পেট পৰিষ্কাৰ কৰি ৰাখক। সহজপাচ্য খাদ্য খাওক। মুখৰ দুৰ্গন্ধ থকা লোকে জানৰ লগত অতি কমেও দুফুট আঁতৰত থাকি কথা পাতক। হঠাতে হাড় ভগা - পঞ্চাচ বছৰ বয়স পাৰ হোৱাৰ পিছত হাড়বোৰ ঠুনুকা হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এনে ধৰণৰ দুৰ্বল হাড় সামান্য আঘাত লাগিলে বা অলপ জোৰ দিব লগা হ’লেই ভাগি যায়। হাড় দুৰ্বল আৰু ঠুনুকা হৈ পৰাৰ অন্যতম কাৰণ হ’ল- অষ্টিওপৰোচিছ নামৰ ৰোগ। সেয়ে বয়স বৃদ্ধিৰ লগে লগে সকলো মানুহেই হাড়বোৰ শক্তিশালী কৰি ৰখাৰ প্ৰতি গুৰুত্ব দিব লাগে। তাৰ বাবে লাগে পুষ্টিকাৰক খাদ্য আৰু উপযুক্ত দৈনন্দিন জীৱনশৈলী। বিশেষভাৱে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ শৰীৰত কেলচিয়াম লৱণৰ পৰিমাণ কমি আহে আৰু অষ্টিওপৰোচিছ নামৰ হাড় ঠুনুকা হোৱা ৰোগ আৰম্ভ হয়। সেয়ে বয়স বৃদ্ধি হ’লে কেলচিয়ামযুক্ত খাদ্য, যেনে- গাখীৰ আদি খাই থাকিব লাগে। বয়সৰ লগে লগে শৰীৰত কিছুমান প্ৰয়োজনীয় হৰমোন নিঃসৰণ কমি আহে। ৩৫ বছৰ বয়সৰ পিছত শৰীৰত কেইবিধমান হৰমোনৰ লগতে প্ৰয়োজনীয় ৰাসায়নিক উপাদানৰ নিঃসৰণ হ্ৰাস পাই আহে। বেছিকৈ কমি গ’লে হাড় ভাগি যাব পাৰে। ঘৰুৱা দিহা: শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ হ’বলৈ দিব নেলাগে। এইবিধ ভিটামিন পাবলৈ হ’লে শৰীৰত পুৱা কোমল ৰ’দ এঘন্টামান সময় লগাব লাগে। সূৰ্যৰ তাপত মানৱ শৰীৰে এইবিধ ভিটামিন প্ৰস্তুত কৰিব ল’ব। শৰীৰত প্ৰোটিনৰ অভাৱ হ’বলৈ দিব নেলাগে। সেয়ে প্ৰোটিনযুক্ত সহজপাচ্য খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিয়ক। নিয়মীয়াকৈ ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰক। এনে অভ্যাসে আপোনাৰ হাড় মজবুত কৰি ৰাখিব। ধূমপান নকৰিব। ধূমপানে শৰীৰৰ যথেষ্ট ক্ষতি কৰে। হাড় ঠুনুকা হোৱাতো ধূমপানে অৰিহণা যোগায়। মাতৃসকলে শিশুটিক প্ৰয়োজন মতে নিজৰ গাখীৰ খুৱাওক। তেনেদৰে গাখীৰ খাবলৈ পোৱা শিশুৰ শৰীৰত আৱশ্যকীয় খাদ্য উপাদানবোৰৰ অভাৱ নহয়। খাদ্যত বুট, গাখীৰ, মাখন, ৰাজমাহ, চয়াবিন জাত খাদ্য, সুমথিৰা, খেজুৰ, দৈ আৰু নাৰিকল ৰাখক। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন