আমাৰ মাজত বহুতো লোক আছে। যিসকলে লোভ সামৰিব নোৱাৰে। স্বাস্থ্যৰ কাৰণে বহু লোকক কিছুমান খাদ্য খোৱাৰ ক্ষেত্ৰত বাৰণ কৰা হয়। যেনে- তেল, ঘিউ, মাখন, মিঠা, কণী, তেলাল মাছ, মাংস ইত্যাদি। কিন্তু কিমানে খোৱাৰ ক্ষেত্ৰত এই বাধা মানি চলিব পাৰে। আহকচোন কোনবোৰ বাধা দিয়া খাদ্যৰ প্ৰতি আমাৰ মানুহ দুৰ্বল তাকে চাওঁ, যিবোৰ নোখোৱাকৈ থাকিব পাৰি। কিন্তু আমাৰ মানুহে তাক খাইহে এৰে। ভাতৰ কাষত নিমখকণ - চিকিৎসকসকলে কিছুমান ৰোগীক সাধাৰণতে নিমখ কমাই খাবলৈ কয়। যেনে- উচ্চ ৰক্তচাপ থকা, কিডনীৰ অসুখ থকাসকলক নিমখ কমাই খাবলৈ কয়। কিন্তু আমাৰ বহু লোকে নিমখ কমাই খাব লাগে বুলি জানিও ভাতৰ কাষত কেঁচা নিমখকণ লৈ খাইহে শান্তি পায়। ভাজি-তৰকাৰিত নিমখ কম হ’লে খাবই নোৱাৰে। শৰীৰত ছ’ডিয়াম নহ’লেও নহয়। ইয়াৰ অভাৱতো কঠিন ৰোগৰ সন্মুখীন হ’ব লগা হয়। সেয়েহে চিকিৎসকৰ লগত পৰামৰ্শ কৰি নিমখ কিমান খোৱা উচিত জানি-বুজি ল’ব লাগে। চেনি - বিশেষজ্ঞসকলে ৪০ বছৰ বয়সৰ পাছৰ পৰা সকলোকে চেনি বা মিঠা বস্তু খোৱাৰ ক্ষেত্ৰত সাৱধানবাণী শুনায়। মিঠা বা শৰ্কৰাই শৰীৰত ফেট আৰু ওজন বৃদ্ধিত সহায় কৰে। মিঠা খোৱাৰ ফলতে ডায়’বেটিছ ৰোগে মিঠা খোৱাতো ভয়াৱহ। কিন্তু বহু লোকে ডায়’বেটিছ ৰোগ থকা সত্ত্বেও ৰসগোল্লাটো খোৱাৰ লোভ সামৰিব নোৱাৰে। বিয়া-সবাহবোৰত খাদ্যবস্তু সোৱাদ কৰিবলৈ পোলাও, বিৰিয়ানী, আন খাদ্য-সম্ভাৰত অতিৰিক্ত তেল, ঘিউ ক্ৰীম, মিঠা-ৰং আদি দিয়ে। যিবিলাক খাদ্য উচ্চ ৰক্তচাপ থকা, ডায়’বেটিছ থকাসকলৰ বাবে অতি ভয়াৱহ। কিন্তু এদিন খালে একো নহয় বুলি ভবা বহুতেই লোভ সামৰিব নোৱাৰি খাদ্য লোৱাৰ ‘কিউ’ত থিয় হয়গৈ। ছুইট ডিচ, চাহ-কফি এইবোৰতো আছেই। আধুনিক খাদ্য মানেই হাজাৰটা আধুনিক ৰোগ। তথাপি সাৱধানীৰ সংখ্যা কম। বেমাৰ বেছি হ’লেহে গা লৰে। বিশেষজ্ঞসকলে কোৱা ধৰণে ৪০ বছৰৰ পৰা সাৱধান হৈ চাব পাৰি দেখোন। চাহ: চিকিৎসকসকলে ফিকা বা ৰঙা চাহ খোৱাত বাধা নিদিয়ে, বৰঞ্চ স্বাস্থ্যৰ বাবে ৰঙা চাহ ভাল বুজিয়েই বিজ্ঞানীসকলে পাইছে। কিন্তু গাখীৰ-চেনি দি তৈয়াৰ কৰা চাহকাপ সঘনাই খাই থকা ভাল কাম হ’ব পাৰেনে? বহুতে গাখীৰ-চেনিৰ সলনি ৰঙা চাহহে খাব বুলি বহুবাৰ মন বান্ধে। কিন্তু মূৰকত গাখীৰ-চেনি দিয়া চাপকাপ নাখালেই নোহোৱাৰ দৰে হয়। আচলতে মন দৃঢ় কৰা আৰু অভ্যাসতকৈ আন কথা আৰু কি আছে। ফেটি মাছ-মাংস - ফেটি মাংস-মাংস আদি নাখাও বুলিও বহুতে মন বান্ধে, কিন্তু কিছু দিন নোখোৱাকৈ থাকিলেও সন্মুখত দেখিলেই মনৰ বান্ধোন সুলকি পৰে আৰু খোৱাৰ জুতি লৈহে এৰে। পিছে হঠাৎ কেতিয়াবা খাব পাৰে। তাকো কমকৈ। উপায়তো নাই। অধিক তেল দি ৰন্ধা খাদ্য: অধিক তেল-ঘিউ দি ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি সকলো গৃহিণীয়েই জানে। কিন্তু দেখিব- সৰহকৈ তেল-ঘিউ, মা-মছলা দি খাদ্য ৰান্ধি পৰিয়ালৰ আটাইৰে পৰা প্ৰশংসা বোটলাৰ দুৰ্বলতা প্ৰায় গৃহিণীৰ আছে। বহু গৃহিণীয়ে নিজেও তেনে খাদ্য খাই ভাল পায়। সেয়েহে পৰিয়ালবোৰত বাঢ়িছে ওবেছিটী। ফাষ্টফুড: ফাষ্টফুড মানেই সৰহ তেল(তাকো কমদামী) সৰহ নিমখ। তথাপি ঘৰৰ খোৱা বস্তুতকৈ দোকানৰ ফাষ্ট ফুডেহে সকলোকে নিমন্ত্ৰণ কৰে। ইফালে ছটিয়াই দিয়া মনোমোহা কৃত্ৰিম ৰংবোৰ আছেই। আজিৰ দিনত স্বাস্থ্যতকৈ জিভাৰ জুতিকহে বেছিভাগ মূল্য দিয়ে। ঘৰৰ জলপানে বহুতকে আকৰ্ষণ নকৰে। তামোল-পাণ, জৰ্দা, শিখৰ-ৰজনীগন্ধা আদি - বহু মহিলা-যুৱতীৰে এইবোৰ বস্তু খোৱাৰ অভ্যাস। কৰ্কটৰ দৰে ৰোগ এইবোৰ বস্তুৰ পৰা হয় বুলি প্ৰচাৰ কৰি থকাই হয়। চিকিৎসকসকলে এইবোৰ বস্তুক মানৱৰ শত্ৰু বুলি কয়। তথাপি খোৱাসকলে এইবোৰ বস্তু খাবলৈ নেৰে। এনে আৰু বহু নাখাবলগীয়া বস্তু খাই মানুহে নিজৰ বিপদ নিজে মাতি আনে। যেনে- চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজে ঔষধ কিনি খোৱা, অত্যধিক পেইনকিলাৰ আদি নিজে কিনি খোৱা- এইবোৰ অতি বিপজ্জনক। ভৱিষ্যৎ বিপদৰ আশংকা। অলপ অস্মুখতে বহু-বেছি ঔষধ খোৱা ঠিক নহয়। অলপ-অচৰপ অসুখত ঘৰুৱা খাদ্য, ঘৰুৱা যতনৰ দ্বাৰাও ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। অৱশ্যে ৰোগ বেছি হ’লে আৰু অচিন হ’লে চিকিৎসকৰ কাষ চাপিবই লাগে। কিনা মছলা, জলকীয়া গুড়ি, আচাৰ, ঘিউ-মাখন আদি খোৱাৰ ক্ষেত্ৰ্ত সাৱধান হ’ব লাগে। আমি দীৰ্ঘদিন জীয়াই থাকিব খোজো। কিন্তু কেনেদৰে সুস্থভাৱে জীয়াই থাকিব পাৰি তাকেহে ভাবি নাচাও। উৎস: অসম বাণী(অংশুমা শইকীয়া)