শীতকালত উফিৰ সমস্যাই মানুহক বৰকৈ আমনি কৰে।উফি হ’লে ছালৰো ক্ষতি হয়।সাধাৰণতে উফি হ’লে প্ৰায় সকলোৱেই এণ্টিডেনড্ৰাফট শ্বেম্পু ব্যৱহাৰ কৰিব লাগে।বজাৰত উপলব্ধ সকলোবোৰ শ্বেম্পু এণ্টিডেনড্ৰাফটযুক্ত নহয়।কিন্তু বিজ্ঞাপনেৰে প্ৰায়বোৰ কোম্পানীয়ে গ্ৰাহকক প্ৰলোভিত কৰা দেখা যায়।উফি হ’লে মুৰৰ ছাল ফাটি ফপৰা হোৱা অৱস্থাকে আমি উফি বোলো।উফি হ’লে তলৰ নিয়মবোৰ পালন কৰিবলৈ চেষ্টা কৰিব। সপ্তাহত তিনি-চাৰিদিন শ্বেম্পু কৰিব। মুৰ ধোৱাৰ আগদিনা ৰাতি সামান্য ভেছলিন লগাই থ’লে ছাল কোমল হয় আৰু উফি সহজে এৰাই যায়। উফি হোৱা মুৰত শ্বেম্পু কৰোতে সাৱধান হ’ব,যাতে চুলি বেছি শুকান হৈ নপৰে । মুৰত উফি হ’লে তেল বা হেয়াৰ ইল ব্যৱহাৰ কৰিব নালাগে। চুলিত যিকোনো ৰং বা চুলি শুকুওৱা মেচিন ব্যৱহাৰ কৰাটো ক্ষতিকাৰক। ভিটামিন-বি কমপ্লেক্স কেপছুল দিনে এটাকৈ এমাহ খাবলৈ নাপাহৰিব। কেঁচা শাক-পাচলি,ফল-মুল বেছিকৈ খাওক।তাৰ ভিতৰত ৰঙীন শাক-পাচলি,যেনে-গাজৰ ,বীট আদি বেছিকৈ খাওক। ভিটামিন –এযুক্ত ৰঙীন পাচলিবোৰে ছাল সজীৱ কৰি ৰাখে আৰু ছাল ছিগিবলৈ নিদিয়ে। দেখাত সাধাৰণ যেন লাগিলেও উফিৰ সমস্যাটো বিৰক্তিকৰ সমস্যা। বেছিকৈ উফি হ’লে ছালৰো ক্ষতি হয় বাবে চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। একেখন ফণিৰে পৰিয়ালৰ সকলোৱে চুলি আঁচোৰাটো বদঅভ্যাস। উফি হোৱাসকলে তেওঁলোকে ব্যৱহাৰ কৰা গাৰুৰ ক’ভাৰ প্ৰতিদিনে ধুব লাগে। উৎস: জি এন আৰচি স্বাস্থ্য