কলপাতঃ কল গছৰ পাত, পাতৰ ৰস, তাৰ থোৰ, কলফুল আৰু ফল আমাৰ অতি প্ৰয়োজনীয়। কলৰ পাত আৰু গছ গৰু, ম’হ আৰু হাতীৰ খাদ্য। ইয়াৰ ভেষজ গুণৰো তুলনা নাই। ৰোগ নিৰাময়ত ইয়াৰ অৱদান অদ্বিতীয়। চিকিৎসকেও কলফুল, থোৰৰ (কলৰ ডিলাডাল) তৰকাৰী আৰু থোৰৰ ৰস খাবলৈ কয়। গ্ৰহণী, তেজৰ দোষ, অম্লগেছ, কোষ্ঠবদ্ধতা, লিভাৰৰ দোষ, শ্বাসকষ্ট, পানীলগা কাহ আৰু উচ্চ ৰক্তচাপত এইবোৰ ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়। সেউজীয়া কোমল পাত থেতেলিয়াই ৰস উলিয়াই ৰাতিপুৱাৰ ভাগত একাপ খাব পাৰিলে ভাল হয়। ইয়াৰ লগত কিন্তু লোণ নিদিব। কলপাতত ক্লোৰোফিল থকাৰ কাৰণে ইয়াক খালে চৰ্মৰোগ নহয়, অন্ত্ৰৰ ঘা নিৰাময় হয়, লিউকোমিয়া নহয়। কাঁচকল আৰু পকাকল দুয়োবিধেই উপকাৰী। পিছে কাচঁকলৰ তৰকাৰী খালে পেটত বায়ু জমে আৰু কোষ্ঠকাঠিন্য হয়। আকৌ পকাকল খালে তাক ভালদৰে চোবাই খাব লাগে। কাৰণ কল মুখৰ লালটিত হজম হয়। কল কেতিয়াও গিলি খাব নালাগে। পকাকল ৰাতিপুৱা দহ বজাৰ পৰা এক বজাৰ ভিতৰত খাব লাগে। সূৰ্যাস্তৰ পিছত কোনো ফল খোৱা উচিত নহয়। কলপাতৰ ব্যৱহাৰিক গুণঃ ইউৰোপ আৰু অন্যান্য উন্নত দেশত কলপাতৰ দ্বাৰা অনেক ৰোগৰ চিকিৎসা কৰা হয়। পৰাচী চিকিৎসকসকলে আন্ত্ৰিক, গ্ৰহণী, অতিসাৰ, শোথ, যক্ষ্মা প্ৰভৃতি ৰোগত কলপাতৰ ৰস খোৱাৰ নিৰ্দেশ দিয়ে। শৰীৰৰ কোনো অংগত কাটিলে, চৰ্মৰোগ হ’লে সেই ঠাইত কলপাতৰ ৰস লগালে ভাল ফল পোৱা যায়। চৰ্দি জমা, প্লুৰিচি, ব্ৰংকাইটিচ, নেফ্ৰাইটিচ, ৰক্তক্ষৰণ, কাহ, থুৰ সৈতে তেজ ওলোৱা ইত্যাদি ৰোগত কলৰ ৰস খালে ভাল ফল পোৱা যায়। বৰলে কামুৰিলে, কাঁইটে বিন্ধিলে সেই ঠাইত কলপাত বটি প্ৰলেপ দিলে উপকাৰ পোৱা যায়। কলপাতৰ কেলচিয়াম, ভিটামিন এ, ভিটামিন চি, চাইট্ৰিক এচিড, কেৰোটিন আৰু টেনিন গুণ আছে। কলফুল, কাঁচকল, থোৰ বা পচলা উত্তম খাদ্য। পিছে থোৰ যেনেদৰে উচ্চ ৰক্তচাপৰ কাৰণে উপকাৰী, তেনেদৰে বেছি কলফুল আৰু কাঁচকল খালে কিডনীত পাথৰ হ’ব পাৰে। অশোক গছঃ ধাতুৰ দোষঃ ২ কাপ পানীত ১০ গ্ৰাম অশোক গছৰ ছাল সিদ্ধ কৰি তাৰে একাপ থাকোতে নমাই ৰাখি ৰাতিপুৱাৰ আহাৰৰ পিছত এবাৰকৈ এমাহ খালে ধাতুৰ দোষ ভাল হয়। ৰক্ত প্ৰদৰঃ ২৫০ গ্ৰাম গাখীৰৰ সৈতে ৫০ গ্ৰাম পানী আৰু ২০০ গ্ৰাম অশোকৰ ছাল মিলাই গৰম কৰি ৰাতিপুৱা খোৱাৰ পিছত এবাৰকৈ ১৫ দিন খালে ৰক্তপ্ৰদৰ ভাল হয়। প্ৰস্ৰাৱ বন্ধঃ ৫ গ্ৰাম অশোক বীজ বটি সামান্য পানীৰে সৈতে প্ৰস্ৰাৱ নোহোৱা পৰ্যন্ত এঘ্টাৰ মূৰে মূৰে খুৱালে প্ৰস্ৰাৱ হ’ব। কৃমিঃ ১০ গ্ৰাম অশোক গছৰ ছাল আধা লিটাৰ পানীত সিজাই আধামান পানী থাকোতে নমাই থ’ব। সেই পানী ৰাতিপুৱা আৰু সন্ধিয়া ৭ দিন খালে কৃমি নাশ হ’ব। আকন্দ (আকন)ঃ উখহাঃ যিকোনো কাৰণতে শৰীৰৰ কোনো ঠাইত উখহি বা ফুলি উঠিলে সেই ঠাইত আকন্দৰ পাত বান্ধি ৰাখিলে উখহা অংশ জামৰি যাব। দাঁত পোকঃ পোকে খোৱা দাঁতৰ গুৰিত আকন্দ পাতৰ আঠা লগালে পোক মৰিব। গুল্মৰোগ (প্লীহা বৃদ্ধি)ঃ প্ৰতিদিন ৰাতিপুৱা বগা আকন্দৰ দুটোপাল আঠা এটা বাতাচাৰ ভিতৰত লৈ খালে ৭ দিনত ৰোগ ভাল হ’ব। শোথ ৰোগঃ ৫-৬টা আকন্দৰ পাত ১ কাপ পানীত সিদ্ধ কৰি প্ৰতিদিন সেই পানী পান কৰিলে ২০ দিনতে শোথ ৰোগ ভাল হ’ব। গাঁঠিবাতঃ বাত বেদনা হোৱা ঠাইত আকন্দ পাত বান্ধি ৰাখিলে বাত ভাল হয়। শূল বেদনাঃ আকন্দ পাতৰ মসৃণ ফালে সামান্য সৰিয়হৰ তেল সানি জুইত গৰম কৰি বেদনা হোৱা ঠাইত বান্ধি ৰাখিলে শূল বেদনা কমি যায়। যজ্ঞ ডিমৰুঃ প্ৰদৰ ৰোগঃ ৫০ গ্ৰাম পকা যজ্ঞ ডিমৰুৰ ৰস মাহেকীয়া হোৱাৰ তিন দিনৰ পিছৰ পৰা ১০ দিন খালে প্ৰদৰ ৰোগ ভাল হয়। ৰক্ত পিত্তঃ ৩০ গ্ৰাম কেঁচা যজ্ঞ ডিমৰুৰ ৰস চেনি বা মৌৰে সৈতে ৭ দিন খালে ৰক্তপিত্ত ৰোগ ভাল হয়। অপৰাজিতাঃ চকুৰ ৰোগতঃ ৮-১০টা অপৰাজিতাৰ পাত বটি কপালত প্ৰলেপ লগালে চকু জ্বলা কৰা কমিব আৰু চকুৰে পানী ওলোৱা বন্ধ হ’ব। শূল বেদনাতঃ ৫ গ্ৰাম নীলা অপৰাজিতাৰ মূল বটি তাৰ সৈতে ২ চামুচ ঘিউ আৰু এক চামুচ চেনি মিহলাই এটা পাত্ৰত ৰাখি থ’ব। তাৰে ১ চামুচ কৰি প্ৰতিদিন খোৱাৰ পিছত এমাহ খালে শূল বেদনা কমি যাব। গোধা ৰোগতঃ ৭-৮ টুকুৰা অপৰাজিতাৰ মূল ১ লিটাৰ পানীত ডুবাই ৰাখি এঘণ্টামান পিছত সেই পানী গোধা হোৱা ভৰিত দিলে গোধা ৰোগ ভাল হ’ব। অশ্বত্থ (আঁহত গছ)ঃ ধাতু ৰোগতঃ ২৫ গ্ৰাম অশ্বত্থ গছৰ ছাল, ৫ গ্ৰাম অশ্বত্থৰ কোমল কলি ৪ কাপ পানীত সিজাই ২ কাপ থাকোতে নমাই থ’ব। ইয়াক চেনিৰ সৈতে মিহলাই এবাৰকৈ এমাহ খালে ধাতুৰোগ নিৰাময় হ’ব। যোনিৰ দোষতঃ ১০০ গ্ৰাম চাউল ধোৱা পানীত ২৫ গ্ৰাম অশ্বত্থৰ ছাল সিজাই সেই পানী প্ৰতিদিন এবাৰকৈ ১৫ দিন খালে ৰোগ নিৰাময় হ’ব। ৰক্ত আৰু পিত্তৰ দোষতঃ ২৫ গ্ৰাম অশ্বত্থৰ ছাল ৩ কাপ পানীত সিজাই সেই পানীত ২ চামুচ মৌ মিহলাই প্ৰতিদিন এবাৰকৈ এমাহ খালে পিত্ত আৰু ৰক্তৰ দোষ নাশ হ’ব। পোৰা ঘাতঃ অশ্বত্থ গছৰ ছাল পুৰি পাউডাৰৰ দৰে গুড়ি কৰি লৈ পোৰা ঘাত লগালে ঘা শুকাই যাব। ভেদাইলতাঃ অজীৰ্ণঃ ভেদাইলতাৰ পাত বটি ভাতৰ সৈতে খালে জীৰ্ণ যাব। পেটৰ ৰোগঃ কাঁচকল (পূৰাকল), অমিতা আৰু ভেদাইলতাৰ পাতৰ জোল বনাই খালে পেটৰ ৰোগ ভাল হয়। শিলিখাঃ কোষ্ঠকাঠিন্যঃ ২৫ গ্ৰাম শিলিখাৰ গুড়ি় ১ কাপ গৰম পানীত গুলি ৰাতি শোৱাৰ আগতে খালে পায়খানা খোলোচা হয়। বমি বমি ভাবঃ মুখত বমি বমি ভাব হ’লে এটুকুৰা শিলিখা মৌৰে সৈতে খালে বমি বমি ভাব দূৰ হয়। শূল ৰোগঃ ১৫ গ্ৰাম শিলিখাৰ সৈতে ১৫ গ্ৰাম কুঁহিয়াৰৰ গুড় মিহলাই খালে ৭ দিনতে শূল বেদনা দূৰ হয়। পাথৰি ৰোগঃ ১৫-১৬টা শিলিখাৰ গুটি ১ গিলাচ গাখীৰৰ সৈতে সিদ্ধ কৰি সেই গাখীৰ এমাহ খালে পাথৰিৰ পাথৰ গলি বাহিৰ ওলাই যাব। মূত্ৰ কৃচ্ছঃ ২ চামুচ শিলিখাৰ গুড়ি, ২ চামুচ হেলঞ্চিৰ ৰস, ২ চামুচ চেনি একেলগে মিহলাই ৰাতিপুৱা আৰু ৰাতি ১৫ দিন খালে মূত্ৰ কৃচ্ছ ৰোগ ভাল হয়। পবা গগলা (আঙুলহাড়া)ঃ এটা শিলিখা চন্দন পটাত বটি তাৰ সৈতে কিছু চন্দন মিহলাই আঙুলিৰ বিষ হোৱা ঠাইত দিলে পবা গগলা ৰোগ ভাল হয়। শিমলুঃ শুক্ৰক্ষয়ঃ ২ গ্ৰাম শিমলু পুলিৰ শিপা বটি তাৰ সৈতে মৌ মিহলাই এমাহ খালে শুক্ৰক্ষয় ৰোধ হয়। ব্ৰণঃ শিমলু মূলৰ ছাল বটি ব্ৰণত লগালে ব্ৰণ নোহোৱা হ’ব। ৰক্তপিত্তঃ ১ চামুচ শিমলু ফলৰ গুড়িৰ সৈতে এচামুচ মৌ মিহলাই প্ৰতিদিন এবাৰকৈ ১০ দিন খালে ৰক্তপিত্ত নাশ হ’ব। মেহ ৰোগঃ ১০ গ্ৰাম শিমলু পুলিৰ শিপা প্ৰতিদিন এবাৰকৈ ৭ দিন চোবাই খালে মেহ ৰোগ দূৰ হয়। সুষনী শাকঃ অনিদ্ৰাঃ ভাতৰ লগত সুষনী শাক ৰান্ধি খালে বা সুষনী শাকৰ ৰস ২ চামুচৰ সৈতে ১ চামুচ মৌ মিহলাই খালে সুখনিদ্ৰা হয়। ভোমোৰাঃ কৃমিঃ ১৫ গ্ৰাম ভোমোৰাৰ শাহৰ সৈতে ডালিমৰ ৰস মিহলাই ১০ দিন খালে কৃমি ৰোগ ভাল হ’ব। স্বৰভঙ্গ (মাত ভঙা)ঃ ৫-৬ টুকুৰা ভোমোৰা ঘিউত ভাজি তাৰ দুই এটুকুৰা মুখত ৰাখিলে স্বৰ স্বাভাৱিক হয়। শ্বাসকষ্টঃ ২ চামুচ ভোমোৰাৰ চূৰ্ণৰ লগত ২ চামুচ মৌ মিহলাই খালে শ্বাস কষ্টত উপকাৰ পোৱা যায়। চুলি সৰাঃ ৫-৬টা ভোমোৰা ৩ কাপ পানীত সিজাই সেই পানী ছেকি লৈ তাত নাৰিকল বটা আৰু মেথি বটা মিহলাই চুলিত সানিলে চুলি সৰা বন্ধ হ’ব আৰু চুলি ক’লাও হ’ব। এইদৰে প্ৰায় এমাহ ব্যৱহাৰ কৰিব লাগিব। পুনৰ্ণবাঃ শোথ ৰোগঃ এটুকুৰা পুনৰ্ণবাৰ শিপা ৪-৫টা জালুকৰ সৈতে বটি প্ৰতিদিন ৰাতিপুৱা খালে ৭ দিনতে শোথ ৰোগ ভাল হ’ব। ৰক্তপ্ৰদৰ আৰু পাণ্ডু ৰোগঃ ১ কাপ পুনৰ্ণবাৰ ৰসৰ সৈতে ২ চামুচ মৌ মিহলাই প্ৰতিদিন ৰাতিপুৱা খালে ১৫ দিনতে ৰক্তপ্ৰদৰ আৰু পাণ্ডু ৰোগ ভাল হ’ব। বেৰিবেৰিঃ প্ৰতিদিন ৰাতিপুৱা একাপকৈ পুনৰ্ণবাৰ ৰস ২০ দিন খালে বেৰিবেৰি ৰোগ ভাল হ’ব। বাহকঃ পুৰণি শ্বাস-কফঃ ২ গ্ৰাম বাহকৰ ছাল চূৰ্ণৰ সৈতে ২ চামুচ মৌ মিহলাই প্ৰতিদিন ৰাতিপুৱা খালে এমাহতে শ্বাস-কফ ৰোগ নিৰাময় হ’ব। মেহ ৰোগঃ ২ গ্ৰাম বাহকৰ ছাল চূৰ্ণ প্ৰতিদিন এবাৰকৈ ২৫ দিন খালে মেহ ৰোগ নিৰাময় হ’ব। ক্ষয়ৰোগ আৰু কুষ্ঠঃ ২৫ গ্ৰাম বাহকৰ ছাল ৪ কাপ পানীত সিদ্ধ কৰি তাৰ সৈতে ২ চামুচ মৌ মিহলাই প্ৰতিদিন ৰাতিপুৱা এবাৰকৈ এমাহ খালে ৰোগ ভাল হ’ব। কাহঃ ২০-২৫টা বাহকৰ পাত, ৫ গ্ৰাম কণ্টিকাৰী পাত, ৫-৬টা পিপলি, ৫-৬টা জালুক, ৫০ গ্ৰাম মিছিৰি একেলগে মিহলাই ১ লিটাৰ পানীত সিদ্ধ কৰিব। সেই পানী ২৫০ গ্ৰামমান হ’লে নমাই থৈ তাৰ সৈতে ২ চামুচ মৌ মিহলাই প্ৰতিদিন এবাৰকৈ খালে ৭ দিনতে কাহ ভাল হ’ব। হালধীঃ মচকা খালেঃ এক চামুচ হালধী, এক চামুচ চূণ আৰু এক চামুচ লোণ মিহলাই ২৫০ গ্ৰাম পানীত গৰম কৰি, মিশ্ৰণটো যেতিয়া লেওৰ নিচিনা হ’ব সেইখিনি নমাই থৈ গৰম থাকোতেই মচকা খোৱা ঠাইত লগালে বিষ আৰু ফুলাটো কমিব। এইদৰে তিনিদিন লগাব লাগিব। লিভাৰৰ দোষঃ দুই চামুচ কেঁচা হালধীৰ ৰসৰ সৈতে ২ চামুচ মৌ মিহলাই এমাহ খালে লিভাৰৰ দোষ নাশ হয়। খোনা ৰোগঃ কেঁচা হালধী শুকাই গুড়ি কৰি তাৰে এচামুচ ঘিউত ভাজি দিনে দুবাৰকৈ ভাতৰ লগত খালে খোনা ৰোগ ভাল হয়। এইদৰে ১৫ দিন খাব লাগিব। স্বৰভঙ্গ (মাত ভঙা)ঃ এক গিলাচ গৰম পানীত ৪ চামুচ হালধী গুড়ি আৰু ২ চামুচ চেনি মিহলাই চৰ্বত কৰি খালে ডিঙিৰ স্বৰ স্বাভাৱিক হয়। কৃমিঃ কেঁচা হালধীৰ ৰসত সামান্য লোণ মিহলাই ৰাতিপুৱা খালী পেটত ৭ দিন খালে কৃমি নাশ হয়। দেহৰ উজ্জ্বলতাঃ তেল-হালধী গাত ঘঁহি স্নান কৰিলে দেহৰ উজ্জ্বলতা বাঢ়ে। মুখৰ লাৱণ্যঃ কেঁচা হালধীৰ সৈতে মচুৰ দালি বটি গাখীৰৰ সৈতে মিহলাই মুখত সানিলে মুখৰ লাৱণ্য ঘূৰি আহে। এইদৰে এমাহ সানিব লাগিব। আমবাত বা এলাৰ্জীঃ নিমপাত, কেঁচা হালধী আৰু শুকান আমলখি একেলগে বটি তাৰ ৰস প্ৰতিদিন ৰাতিপুৱা এচামুচকৈ এমাহ খালে আমবাত ভাল হয়। কলমৌ শাকঃ স্তনদুগ্ধ বৃদ্ধিঃ ভাতৰ লগত ২০-২৫ দিন কলমৌ শাক খালে স্তনদুগ্ধ বৃদ্ধি হয়। প্ৰমেহ ৰোগঃ এক কাপ এৱাঁ গাখীৰৰ সৈতে ২ চামুচ কলমৌ শাকৰ ৰস মিহলাই প্ৰতিদিন ৰাতিপুৱা এবাৰকৈ খালে ৰোগ দূৰ হয়। হাম বসন্তঃ কলমৌ শাকৰ জোল খালে হাম বা বসন্তৰ গুটি ওলাই আহে। কাঁটাখুতুৰাঃ ৰক্তপিত্তঃ কাঁটাখুতুৰাৰ শিপাৰ লগত মৌ মিহলাই প্ৰতিদিন ৰাতিপুৱা চোবাই খালে ১০ দিনতে ৰক্তপিত্ত নাশ হ’ব। শ্বেত প্ৰদৰঃ কাঁটাখুতুৰাৰ শিপা প্ৰতিদিন ৰাতিপুৱা কুঁহিয়াৰৰ গুড়ৰ সৈতে চোবাই খালে ৭ দিনতে শ্বেত প্ৰদৰ ভাল হ’ব। অৰ্শঃ কাঁটাখুতুৰাৰ শিপা বটি অৰ্শত প্ৰলেপ দিলে তেজ পৰা বন্ধ হ’ব। তেজ গ্ৰহণীঃ ২০ গ্ৰাম কাঁটাখুতুৰাৰ শিপাৰ সৈতে ৪-৫টা জালুক বটি প্ৰতিদিন ৰাতিপুৱা এবাৰকৈ ১০ দিন খালে তেজ গ্ৰহণী ৰোগ ভাল হ’ব। (উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।