গোৰোহাৰ কাষৰ ক’লা চামনি নিৰ্মূলৰ উপায় - ভৰিৰ ক’লা চামনি আঁতৰাবলৈ নেমু আৰু কমলাৰ বাকলি এমুঠি নিমখৰ লগত মিক্সিত পেষ্ট তৈয়াৰ কৰি ল’ব। দুয়োখন ভৰি পানীৰে ধুই লোৱাৰ পিচত এই মিশ্ৰণৰ দ্বাৰা ঘঁহি ঘঁহি ধুই দিব। বেছি ক’লা দাগ হ’লে নিতৌ এনেদৰে কৰিলে ভাল ফল পাব। ভৰিৰ বিষ আঁতৰাবলৈ - দিনৰ দিনটো থিয় হৈ কাম কৰাৰ পিচত যথেষ্ট ভাগৰ লাগে। নিশা কেতিয়াবা ভৰিৰ বিষত টোপনিয়েই নাহে। এনেক্ষেত্ৰত কুহুমীয়া নিমখ পানীত ভৰিৰ তিওৱাৰ পিচত ভৰি দুখন গৰম পানীত তিওৱা টাৱেলৰ দ্বাৰা মচিব। পিচত ঘেঁহুৰ আটাৰ লগত হোৱাইট ৱাইন প্ৰয়োজন অনুসৰি আৰু এচামুচ হালধি পাউদাৰ মিহলাই ভৰিত লগাব। ২০ মিনিটমান ৰাখিব। শুকান ছালৰ ভৰিৰ যতন: শুকান ছালৰ ভৰিৰ বাবে এটা পকা কল পিটিকি ল’ব। ইয়াৰ লগত মৌ দুই চামুচ মিহলাই গোটেই ভৰি দুখনত লগাব। ২০ মিনিটৰ পিচত মালিচ কৰি ধুই দিব। ফলত দুয়োখন ভৰি সেমেকি যাব। নাৰিকল আৰু মছলাৰে ভৰিৰ প্ৰলেপ - ভৰি মিহি, কোমল কৰাৰ বাবে এই প্ৰলেপ তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰি। আধা কাপ নাৰিকল ৰুকি ল’ব। একাপ ওটমিল, দুই চামুচ বাদাম বটি ল’ব। ইয়াৰ লগত ডালচেনি, জীৰা, ধনিয়াৰ গুটি মিশ্ৰণ কৰি প্ৰলেপ কৰিব। এতিয়া ভৰি দুখন ঘঁহি ঘঁহি ধুই দিব। নিয়মিত কৰিলে ভৰি পৰিষ্কাৰ হ’ব। ফটা ভৰিৰ বাবে: ফটা ভৰিৰ বাবে স্ক্ৰাবৰ দ্বাৰা ঘঁহি ভৰিৰ ফটাৰ মাজত থকা লেতেৰাসমূহ পৰিষ্কাৰ কৰি ল’ব। পিচত নিমখ, নেমুৰ ৰস, গোলাপ জল আৰু ঘি সমানে মিহলাই ভৰিত লগাই থ’ব। পিচত মালিচ কৰি ধুই দিব। মাখন মিহলাই মালিচ কৰিব। ভৰি মিহি কৰাৰ বাবে - ভৰি মিহি কৰাৰ বাবে ছিয়া বাটাৰ আৰু ক’কা বাটাৰ মিহলাই সমানে ঘৰতে কৰা ঘি মিহলাব। উক্ত মিশ্ৰণ নিশা ভৰি ধুই মালিচ কৰি পুনৰ ধুই ল’ব। সদায় কৰিলে ক্ৰমান্বয়ে ভৰি মিহি আৰু কোমল হ’ব। উৎস: দেওবৰীয়া সম্ভাৰ