ভাইৰাছক কিয় মধ্যাৱস্থা বুলি কোৱাৰ কাৰণ- ভাইৰাছসমূহ ইমানেই ক্ষুদ্ৰ যে সিহঁতক ইলেক্ট্ৰনিক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। ইহঁতৰ আকাৰ প্ৰায় ০.০২ৰ পৰা ০.২ মাইক্ৰমিটাৰ। কিন্তু ভাইৰাছবোৰে অইন কোনো জীৱকোষৰ ভিতৰত আশ্ৰয় ল’ব নোৱাৰালৈকে জড় পদাৰ্থৰ নিচিনাকৈ পৰি থাকে, আশ্ৰয়দাতা জীৱকোষৰ ভিতৰত সোমোৱাৰ লগে লগেহে জীৱিত পদাৰ্থৰ আচৰণ দেখুৱায়। আশ্ৰয়দাতা কোষৰ ভিতৰতহে ইহঁতৰ প্ৰজনন সম্ভৱ। সেইবাবে ইয়াক জড় আৰু জীৱৰ মধ্যাৱস্থা বুলি কোৱা হয়। সেয়ে আকাৰত অতি ক্ষুদ্ৰ হোৱা স্বত্ত্বেও বিজ্ঞানীসকলে ইহঁতক অণুজীৱৰ এটা ভাগ হিচাপে নাৰাখি বেলেগে ৰাখিছে। ভাইৰাছৰ পৰা হোৱা অপকাৰ আৰু উপকাৰঃ প্ৰকৃততে ভাইৰাছে উদ্ভিদ আৰু প্ৰাণীজগতৰ অশেষ অপকাৰ সাধন কৰে। অৱশ্যে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানীসকলে ইহঁতৰ পৰা কিছু উপকাৰো আদায় কৰিবলৈ সক্ষম হৈছে। অপকাৰঃ ভাইৰাছ মানুহ, পশু-পক্ষী আৰু উদ্ভিদৰ নানা ৰোগৰ কাৰক। মানুহৰ ইনফ্লুয়েঞ্জা, চৰ্দি, বসন্ত, পলিঅ’, পিঠাগালা, হেপাটাইটিছ বি (জণ্ডিছ), জলাতংক, এইডছ, চাৰ্ছ, ডেংগু, গৰু-ম’হৰ চবকা ৰোগ, গো-বসন্ত, কুকুৰ-মেকুৰীৰ জলাতংক আদি ভাইৰাছজনিত ৰোগ। আনহাতে ধঁপাতৰ মোজেইক ৰোগ, মটৰ-মাহৰ মোজেইক ৰোগ, গমৰ মোজেইক ৰোগ, কপাহ আৰু আলুৰ পাত পাকখোৱা ৰোগ আদি ভাইৰাছসৃষ্ট। উপকাৰঃ আধুনিক বিজ্ঞানীসকলে এই ৰোগ সৃষ্টিকাৰী ভাইৰাছবোৰৰ পৰা বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰিছে। এইবোৰ আগতীয়াকৈ মানুহ বা পশু-পক্ষীৰ দেহত প্ৰয়োগ কৰি বিভিন্ন ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পৰা হৈছে। বসন্ত, পলিঅ’, হেপাটাইটিছ, জলাতংক আদি ৰোগৰ প্ৰতিষেধক ছিটা ব্যৱহাৰ কৰি সহজেই এইবোৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। আজিকালি অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণতো ভাইৰাছ ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। (উৎসঃ জিজ্ঞাস)।