ভাঙৰ পৰা তৈয়াৰ কৰা হয় মাৰিজুৱানা (Marijuana) নামৰ এবিধ নিচাযুক্ত দ্ৰৱ্য। আজি কালি যুৱচামৰ মাজত গুটকাৰ দৰে প্ৰিয় এই মাৰিজুৱানা। দুখীয়াৰ পৰা ধনীলৈকে , ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাং খায় যদিও শেষত গৈ বদনাম হয় ভোলানাথ শিৱৰ। পাৰ্বতীয়েও শিৱক কম ককৰ্থনা কৰিছিলনে , বোলো "আনক ধন ধাৰে দিলে সুদেমূলে পায়, ভঙুৱাক ধাৰে দিলে সমূলি হেৰাই"। অৱশ্যে আমাৰ ৰঙালী বিহুৰ দৰে পতা ভঙুৱা সকলৰ জাতীয় উৎসৱ হৈছে শিৱৰাত্ৰি। ঘোতা, চিলিম, বিড়ি, লাৰু , ভাং পাতৰ ভাজি , যাৰ যি মন যায় সেই দিনা নিজ ইচ্ছামতে খাব পাৰি। ভাং আয়ুৰ্বেদিক ঔষধ হিচাবে হেজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে। সঠিক পৰিমাণে ব্যৱহাৰ কৰিলে সুফল পোৱাৰ বিপৰীতে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ ক্ষতিসাধন কৰে। ভাঙৰ উপকাৰিতা -আধা চিলিম ভাঙৰ ধোৱা , ১-২ চামুচ পাতৰ ৰস অথবা ৮-১০ টা ভাঙৰ পাত ভাজি খালে অপকাৰ নকৰে। বৰং ঔষধ হিচাবে কাম কৰে । ভাং খালে কেঞ্চাৰ ৰোগৰ নতুন কোষ গঠনত বাধা দিয়ে। কেমোথেৰাপি লৈ থকা সময়ত কম পৰিমাণে ভাং খালে এই ৰোগ বৃদ্ধি হ'ব নোৱাৰে। ইতিমধ্যে দিল্লী এইমচত কৰা গৱেষণা মূলক পৰীক্ষাত প্ৰমাণিত হৈছে। ভাং খালে চকুৰ এবিধ জটিল ৰোগ গ্লৌক'মা হব নোৱাৰে। গ্লৌক'মা হলেও ঔষধৰ লগতে ভাং খালে সোনকালে আৰোগ্য হয়। আলজাইমা ৰোগ নিৰাময় হয়। শৰীৰৰ বিষ কমাই , আক্ষেপ বা কনভালচন ৰোগ ভাঙে নিৰাময়ৰ কৰিব পাৰে। ব্ৰেইনৰ ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিক সোনকালে আৰোগ্য হোৱাট সহায় কৰে। কেঞ্চাৰ ৰোগীয়ে কেমোথেৰাপি লৈ থকা সময়ত পাৰ্শ্বক্ৰিয়াৰ কাৰনে ওকালি আৰু শৰীৰৰ অত্যন্ত বিষ হয়। ভাং খালে ওকালি আৰু শৰীৰৰ বিষ কমকৈ হয়। ভাং খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়। ভাং খালে পুৰণি সংগ্ৰহণী বা কলাইটিছ ৰোগ ভাল হয়। ভাং খালে মাংসপেসীৰ বিষ , হাওঁফাওঁৰ মধ্যচ্ছদাৰ বিষ ভাল হয়। ভাং খালে মানসিক অস্থিৰতা , দু:চিন্তা আতৰ হয়, টোপনি ভাল হোৱাৰ উপৰিও কামত অধিক মনোযোগ দিব পাৰে। ভাঙৰ অপকাৰিতা - ভাং চিলিমত লৈ বেছিকৈ খালে উপকাৰ নহৈ অপকাৰ হোৱা দেখা পোৱা যায়। বেছিকৈ ভাঙৰ চিলিম টানিলে স্মৃতি শক্তি কমিবলৈ ধৰে। যিকোনো কামত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে। মস্তিষ্কৰ বিকাশত বাধা ওপজে। পুৰুষৰ শুক্ৰ গঠনত বাধা ওপজে কাৰণে বেছিকৈ ভাং খোৱা ব্যক্তি শুক্ৰহীনতাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা। বেছিকৈ চিলিম খোৱা ব্যক্তিৰ মনলৈ আত্মহত্যাৰ ভাৱ আহে আৰু ইয়াৰ পৰিণতি কি হ'ব পাৰে তাক নকলেও হ'ব। বেছিকৈ ভাং খালে ওকালি, বমি আৰু শৰীৰৰ জলশূণ্যতা বা ডিহাইড্ৰেচন হয়। সেয়েহে বেছিকৈ পিয়াহ লাগে। মহিলাই ভাং বেছিকৈ খালে মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হয়। গৰ্ভৱতীয়ে ভাং বেছিকৈ খালে গৰ্ভস্থ সন্তানৰ খতিসাধন হয় বাবে নিঃসকতিয়া বা মৃত সন্তান প্ৰসৱ কৰে। বেছিকৈ ভাং খালে হৃদস্পণ্ডন হঠাতে বঢ়াৰ কাৰণে হৃদঅভিঘাত বা ষ্ট্ৰোক হৈ মৃত্যু পৰ্যন্ত হব পাৰে। ভাঙৰ চিলিম বেছিকৈ খোৱা ব্যক্তিৰ হাওঁফাওঁৰ খতিসাধন হয়। ভাং বেছিকৈ খালে চিন্তা কৰিব পৰা শক্তি কমি যায়। সেয়েহে কি কাম কৰে নিজেই নাজানে। ভাং বেছিকৈ খালে অস্থিৰ হৈ পৰে। আটাইতকৈ জমনী কথাটো হল, ভাং বেছিকৈ খাই হাঁহিবলৈ আৰু হাঁহি ৰখাব নোৱাৰা হয়। লেখক: ডা:মনোজ কুমাৰ শইকীয়াফোন নং: 9435209704 উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ