প্ৰতিদিনে শোৱাৰ পূৰ্বে পৰিষ্কাৰকৈ ধুব। কোমল কাপোৰেৰে মচিব আৰু ভৰিৰ পতা দুখনত ঘা লাগিছে নেকি চাব। ঢিলা জোতা পিন্ধিব। জোতাৰ ভিতৰত যাতে গজাল বা শিলৰ টুকুৰা নাথাকে চাই ল’ব। জোতা সদায় পিছবেলাহে কিনিব আৰু চিলাই থকা মোজা নিপিন্ধিব। জুই বা হিটাৰৰ তাপ লওঁতে সাৱধান ল’ব, ভৰিত গৰম পানীৰ বেগ লৈ নুশুব। প্ৰতিদিনেই কুহুমীয়া গৰম পানীৰ সেক ল’ব। পাৰ্যমানে ভৰি দুখনক আঘাতৰ পৰা নিৰাপদে ৰাখিব। নখ কাটোতে সাৱধান হ’ব ব্লেডৰ সলনি নেইল কাটাৰ ব্যৱহাৰত অগ্ৰাধিকাৰ দিব। কৰ্ন কেপ লগাব লগা হ’লে চিকিৎসকক সুধি ল’ব। ভৰিত ফোঁহা বা ঘা লাগিলে চিকিৎসকক অৱগত কৰাব। নিয়মীয়াকৈ ভৰিৰ ব্যায়াম কৰিব। ব্যায়ামে ভৰিৰ ৰক্ত চলাচল প্ৰক্ৰিয়াক স্বাভাৱিক ৰখাত সহায় কৰে। উৎস: নিয়মীয়া বাৰ্তা