খুব বেছি গৰম পৰিলে শিশুৰ ছালত ফোঁহা, ঘামগাৰ, ঘামচি আদিয়ে দেখা দিয়ে। শিশুৰ ছাল অতি কোমল আৰু স্পর্শকাতৰ হয়; সেয়েহে ডাঙৰে নুভুগিলেও শিশুৱে ছালত উঠা ঘামচি, ফোঁহা আদিত আক্রান্ত হয়। গৰম পৰিলে শৰীৰত ঘাম ওলায় আৰু শৰীৰটো ঘামত তিতি থাকে। এনে ঘামত তিতা শৰীৰতে ভেঁকুৰ জাতীয় (ফাংগাচ) উপাদান বা জীৱাণুৰ জন্ম হয়। যাৰ ফলত শিশুটিৰ ছালত ঘামচি, ফোঁহা আদিৰ সৃষ্টি হয়। শিশুৰ ঘামচি নহ’বৰ বাবে তলত উল্লেখ কৰা সাৱধানতাবোৰ লোৱা উচিত। যিসকল শিশুৱে বেছিকৈ ঘামে তেওঁলোকৰ ঘামত তিতি যোৱা সাজ-পোছাকবোৰ সঘনে সলাই থাকিব। ঘৰৰ বাহিৰলৈ ফুৰিবলৈ গ’লে শিশুটিৰ বাবে উপৰুৱা সাজ-পোছাক কেইযোৰমান লৈ যাব। যিবোৰ শিশু শকত-আৱত হয়, সিহঁতৰ শৰীৰত বহুত ভাঁজ থাকে। শৰীৰৰ তেনেবোৰ ভাঁজত ঘাম আৰু মলি জমা হৈ থকাৰ কাৰণে তাত বেছিকৈ ঘামচি আৰু ফোঁহাৰ সৃষ্টি হয়। ঘামচিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে শিশুটিক যিমান পাৰে ঠাণ্ডা পৰিবেশত ৰাখক, সম্ভৱ হ’লে শীততাপ নিয়ন্ত্ৰিত কোঠাত ৰাখিব। শিশুটিক পৰিচ্ছন্ন অৱস্থাত ৰাখিবলৈ তাক নিয়মিতভাবে গা ধুৱাব। বহুতে ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ শিশুটিক উদংগাৰে ৰাখে। পিচে জনা উচিত যে শিশুটিক উদং শৰীৰৰে ৰাখিলে, তাৰ শৰীৰত ঘামচিৰ পৰিমাণ আৰু বেছিহে বাঢ়ি যাব। কোমল কপাহী কাপোৰৰ সাজ-পোছাকে শিশুটিৰ দেহৰ ঘাম শুহি ছালখনক ঘামচি মুক্ত কৰাতহে সহায় কৰে। গৰমৰ দিনত শিশুসকলৰ মূৰতো ফোঁহা আদি উঠে। তেতিয়া বহুতো পিতৃ-মাতৃয়ে শিশুটিৰ মূৰৰ চুলি খুৰাই পেলায়। পিচে চুলি খুৰাই পেলালেই ফোঁহা বা ঘামচিৰ সমস্যাৰ অন্ত নপৰে। সেয়েহে সেইবোৰক আগতীয়াভাৱে প্ৰতিৰোধ কৰিবলৈ ‘ইৰেথ্ৰ’মাইচিন’ লোচন ব্যৱহাৰ কৰক। ঘামচিৰ আকাৰ ডাঙৰ হ’লেও এনে লোচন ব্যৱহাৰ কৰিব পাৰিব। পিচে ঘামচি আৰু ফোঁহাৰ আকাৰ বেছি বাঢ়ি গ’লে বা সেইবোৰ পকি উঠিলে চিকিৎসকৰ পৰামর্শ অনুযায়ী শিশুটিক এণ্টিবায়টিক ঔষধ সেৱন কৰাওক। শিশুৰ ঘামচিব বাবে কেলামিলন লোচনো ব্যৱহাৰ কৰিব পাৰি। পিচে কেলামিলন লোচন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এটা নিয়ম আছে। শিশুটিক গা ধুওৱাৰ আধাঘণ্টা আগতে তাৰ শৰীৰত উক্ত লোচনবিধ সানিব। শিশুটিক গা ধুৱাওঁতে এই লোচনবোৰ তাৰ শৰীৰৰ পৰা ধুই আঁতৰাই পেলাওক। এনেকৈ দৈনিক দুবাৰকৈ শিশুটিৰ শৰীৰত কেলামিলন লোচন সানিলে ভাল ফল পাব। প্রিক্লি হিট্ পাউডাৰবোবেও ঘামচি নিৰাময় কৰাৰ ক্ষেত্ৰত সুফল দিয়ে। পিচে বজাৰত জধে-মধে পোৱা পাউডাৰবোৰ নিকিনি প্রকৃত প্রিক্লি হিট পাউদাৰ অথবা ভাল কোম্পানীৰ টেলকাম পাউডাৰহে কিনিব। আমাৰ শৰীৰৰ স্বাভাৱিকভাৱে সৃষ্টি হোৱা ঘামবোৰ ঘৰ্মগ্রন্থিৰ পৰা সৰু নলীৰে ছালৰ ওপৰলৈ উঠি আহে, ছালৰ তলত জমা হৈ থকা ঘামবোৰেই ঘামচিৰ ৰূপত আত্মপ্রকাশ কৰে। ঘামচিৰ সৃষ্টি হ’লে শৰীৰৰ ভিতৰৰ পৰা ঘামবোৰে ঠিকমতে ছালৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে। তাৰ লগে লগে শৰীৰটোত সৃষ্টি হোৱা উপৰুৱা তাপখিনি বাহিৰলৈ ওলাই অহাৰ কাৰণে বাধাগ্ৰস্ত হয়। তাৰ ফলত আমাৰ বেছিকৈহে গৰম লাগে, মূৰ ঘূৰায়, মূৰ বিষায়, বমি ভাব হয়, জ্বৰ জ্বৰ লাগে, শৰীৰত খজুৱতিৰ সৃষ্টি হয়৷ খজুৱাই থাকিলে ঘামচিত বীজাণুৰ সংক্রমণ (ইনফেক্চন) হয় আৰু অৱশেষত ঘামচিবোৰে সংক্রমিত হৈ একজিমাৰ ৰূপ ধাৰণ কৰে। বহু সময়ত ঘামচিবোৰ ফোঁহালৈ ৰূপান্তৰিত হয়। পিচে উল্লেখনীয় কথাটো হ’ল- ঘামচিয়ে কেতিয়াও নোমৰ গুৰিবোৰক সংক্ৰমিত নকৰে। ঘামচিত আক্রান্ত শিশুটি অথবা পূৰ্ণবয়স্ক লোক এজনেও তলত উল্লেখ কৰা সাৱধানতাবোৰ লোৱা উচিত: শীতল পৰিবেশত থাকিব লাগে। ঘৰত এয়াৰ কণ্ডিছনাৰ থাকিলে ভাল, পিচে ফেনৰ বতাহো উপকাৰী হয়। দিনটোত শীতল পানীৰে কেইবাবাৰো গা ধুব লাগে। শিশুসকলে বেবী টেলকাম পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। কপাহী কাপোৰৰ ঢিলা সাজ-পোছাক পিন্ধিব লাগিব। ঘামচি আক্রান্ত শৰীৰত কেলমিলন লোচন সানি কেইবা ঘণ্টা থকাৰ পিচত সেই লোচনবোৰ ধুই পেলাব লাগিব। পিচে এই কামটো তিনি বা চাৰিদিনৰ অধিক দিন নকৰাই উচিত। ঘামচিবোৰ ৰঙা পৰিলে চিকিৎসকৰ পৰামর্শ লওক। কিউৰিল মলমবিধ দিনে দুবাৰকৈ কিছুদিন সানিলে উপকাৰ পাব। যদিহে গৰমৰ কাৰণে শৰীৰত ফোঁহাৰ সৃষ্টি হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ এণ্টিবায়টিক ঔষধ মুখেৰেহে খাব লাগিব। উৎস: সাদিন।