এটি সুস্থ আৰু সবল জীৱনৰ বাবে খোজ কঢ়াটো নিতান্তই প্ৰয়োজনীয়। স্বাস্থ্য ৰক্ষাৰ মূলমন্ত্ৰটো হ’ল খোজ কঢ়া। খোজ কাঢ়িলে শাৰীৰিক তথা মানসিকভাৱে অতি সুস্থ আৰু সবল অনুভৱ কৰিব পৰা যায়। নিয়মিত ভাবে খোজ কাঢ়িলে অনেক ৰোগ প্ৰতিৰোধ কৰিব পাৰি। বিশেষকৈ ডায়বেটিছ, উচ্চ ৰক্তচাপ আদি ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰাত সহায় হয়। প্ৰতিটো সময়তে ৰিলেক্স, সচেতন মনৰ অধিকাৰী হ’বলৈ হ’লে নিতৌ খোজ কঢ়াটো অতিকৈ প্ৰয়োজন। নিয়মিত খোজ কঢ়াৰ অভ্যাসে আমাৰ মনটো সুখী ৰখাৰ লগতে মানসকি ভাৰসাম্য অটুট ৰখাত সহায় কৰে। ৰাতিপুৱাৰ ভাগত নিয়মিত ভাবে খোজ কঢ়াৰ উপকাৰীতা সমূহ হ'ল – খোজ কাঢ়িলে প্ৰকৃতিৰ লগত আমাৰ সম্পৰ্ক সুদৃঢ় হয় । নিয়মিত ভাবে এক ঘণ্টা সময় খোজ কাঢ়িলে অতি শীঘ্ৰে মেদবহুলতাৰ পৰা মুক্ত হ’ব পাৰি । উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয় । দেহৰ ওজন হ্ৰাস কৰাত সহায় হয় । শৰীৰৰ মাংসপেশী বিলাক অধিক মজবুত আৰু শক্তিশালী হয় । হাৰ্ট আৰু হাওঁফাওঁটোৰ কাৰ্যক্ষমতা বাঢ়ে আৰু দৈনন্দিন কাম-কাজখিনি অনায়াসে অকণো ভাগৰ নলগাকৈ পূৰ্ণোদ্যমে কৰি থাকিব পৰা যায় । শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত হয় । বহুমূত্ৰ ৰোগ নিৰ্মূল তথা নিয়ন্ত্ৰণ কৰিব পৰা যায় । অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি । বেক পেইনৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি । মানসিক চাপ দূৰ হয় আৰু মনলৈ নতুন উদ্যম আহে । লেখক: মৃদুল শইকীয়া উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ