আজিকালি চুলি ৰং কৰাটো যুৱক-যুৱতীসকলৰ মাজত যথেষ্ট জনপ্রিয়। তেজৰঙা, বেঙুনীয়া, নীলা, চকলেট আদি বিভিন্ন ৰঙেৰে চুলিখিনি সজোৱাতো যুৱক-যুৱতীসকলৰ নতুন ফেশ্বন। পিছে চুলিত ৰং কৰাৰ পিছত চুলিৰ বিভিন্ন সমস্যাত ভোগা দেখা যায়। চুলি ৰং কৰাৰ পিছত ল’বলগীয়া কিছু সাৱধানতা হ’ল- প্রথমবাৰ কাৰণে যদি চুলি ৰং কৰিব তেনেহ’লে চুলি বিশেষজ্ঞ এজনৰ লগত কথা পাতিহে চুলি ৰং কৰিব। ভাল ব্ৰেণ্ডৰ ৰঙহে ব্যৱহাৰৰ কৰিব। বজাৰত বহুতো ৰং কৰা চুলিক সুৰক্ষা দিব পৰা কৰাৰ আগতে চেম্পুৰ ব্ৰেণ্ডটোৰ বিষয়ে ভালকৈ জানি ল’ব। কণ্ডিচনাৰ ব্যৱহাৰ কৰাটো খুবেই প্রয়োজন। ৰং কৰা চুলিৰ সুৰক্ষাৰ বাবে ডিপ কণ্ডিচনিং কৰিব। উফি থকা চুলিত ৰং নকৰিব। উফিমুক্ত হৈহে ৰং কৰিব লাগে। তিতা চুলিত কাহানিও ৰং নকৰিব। ছুইমিং পুল আদিত স্বাৱাৰ কেপ পৰিধান কৰিব। মূৰ নুধুলে চুলিত পানী নলগাব। চুলিত ৰং কৰা দুদিনলৈকে মূৰ নুধুব। প্রখৰ ৰ’দে চুলিৰ ক্ষতিসাধন কৰে। সেয়ে বাহিৰলৈ ওলালে মূৰত স্কাফ নাইবা ছাতিলৈহে ওলাব। এটা ৰঙ কৰাৰ পঁচিছদিন মান পিছত হে আৰু এটা ৰং লগাব। ৰং কৰা চুলিত হট অইল মাছাজ কৰিব। চুলি ভালে ৰাখে। প্ৰচুৰ পানী খাব। স্বাস্থ্যকৰ খাদ্য খাব। উৎস: গণ অধিকাৰ।