আশোক এবিধ চিৰ সেউজীয়া বহুবৰ্ষজীৱী গছ। ইয়াৰ পাতৰ ৰং ডাঠ সেউজীয়া। পাতবোৰ বহল। ফুলৰ ৰং ৰঙা। ইয়াৰ বাকলি আৰু ফুল ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। অশোক গছক হিন্দুসকলে পৱিত্ৰ বৃক্ষ হিচাপে জ্ঞান কৰে। অশোকৰ কিছুমান ঔষধি গুণ - জুয়ে পুৰিলে অশোক গছৰ ছালৰ লেপ তৈয়াৰ কৰি পোৰা অংশত লগালে আৰাম পোৱা যায়। ছাল নিমজ কৰিবলৈ অশোকৰ গুটি থেতেলিয়াই ৰস উলিয়াই লগালে ৰুক্ষ ছাল নিমজ হয়। জৰায়ুৰ বিভিন্ন ৰোগৰ বাবে অশোকৰ ছাল উপকাৰী। পাথৰি ৰোগত অশোকৰ গুড়ি পানীৰে খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে। অশোকৰ ছাল শ্বেত প্ৰদৰ ৰোগৰ বাবেও উপকাৰী। ইয়াৰ ছালৰ গুড়ি আধা গ্ৰামৰ লগত অকণমান জেতুকাৰ ৰস মিহলাই দিনে ১-২ বাৰকৈ খালে উপকাৰ পোৱা যায়। অশোকৰ ছাল থেতিলিয়াই গৰম পানীত এবাটি তিয়াই পুৱা সেইখিনি চেকি সেই পানী ২-৩ চামুচকৈ খালে বুকুৰ ধপধপনি কমে। লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)