কল খাই অজীৰ্ণ হ’লে সৈন্ধৱ লৱণ খালে উপকাৰ হয়। কঁঠাল খাই অজীৰ্ণ হ’লে কল খালে বা কঁঠালৰ গুটি এটা কেঁচাই চোবাই খালে ভাল হয়। বগৰী খাই অজীৰ্ণ হ’লে গৰম পানী খালে আৰাম পাব। বেছি জলা খাই অজীৰ্ণ হ’লে সৰিয়হৰ তেল(মিঠাতেল)খাই দিব উপকাৰ পাব। তেল বেছিকৈ খাই অজীৰ্ণ হ’লে ছাঁছিপাণ খাব। নাৰিকল খাই অজীৰ্ণ হ’লে চাউল কেইটামান চোবাই খাই দিব। মাছ খাই অজীৰ্ণ হ’লে জনি(আজোৱাইন)খালে উপকাৰ হয়। মাংস আৰু তেল-চৰ্বি থকা বস্তু খাই অজীৰ্ণ হ’লে কাজিনেমুৰ ৰস(এটাৰ সম্পূৰ্ণ ৰস)খাব। মিঠাই খাই অজীৰ্ণ হ’লে কেইটামান লং চোবাই খাই পানী খাই দিব। পিঠা আৰু ঘিউত বনোৱা বস্তু খাই অজীৰ্ণ হ’লে গৰমপানীত নেমুৰ ৰস মিহলাই খাব। গাখীৰ খাই অজীৰ্ণ হ’লে কেঁচা নহৰু চোবাই খাব। কমলা টেঙা খাই অজীৰ্ণ হ’লে গুড় খাওক। খিচিৰি খাই অজীৰ্ণ হ’লে সৈন্ধৱ লৱণ খাব লাগে। যিকোনো শাক খাই অজীৰ্ণ হ’লে সৰিয়হৰ গুড়ি খোৱা ভাল। যিকোনো কাৰণতে অজীৰ্ণ হৈ পেটৰ অসুখ হ’লে বজাৰৰ ঔষধ নাখাই সৰু চামুচৰ(চাহ চামুচ)১ চামুচ জনি শুকানে কেৰাহীত প্ৰায় ক’লা বৰণ ধৰাকৈ ভাজি লওক। তাৰ পিছত ১ গিলাচমান পানী লৈ ভজা জনিখিনি এটা পাত্ৰত উতলিবলৈ দিয়ক। উতলিপানীখিনিত ৰং ধৰিলে নমাই চেকি ঠাণ্ডা কৰি কুহুমীয়া হৈ থাকোতে খাই দিব। তৎক্ষণাৎ আৰাম পাব। উৎস: ইন্টাৰনেট।