ঠাণ্ডাৰ দিন হওক অথবা গৰমৰ দিন, সকলো সময়তে পানী খোৱাৰ উপকাৰিতাৰ কথা আমি প্ৰায়েই শুনো।

বিশেষকৈ জ্যেষ্ঠজনৰ পৰা এয়াই উপদেশ পোৱা যায় যে দিনটোত পাৰ্যমানে পানী গ্ৰহণ কৰিলে শৰীৰ ভালে থাকে। কিন্তু শেহতীয়া গৱেষণাত স্পষ্ট হৈছে যে প্ৰয়োজনতকৈ অধিক পানী গ্ৰহণ কৰাৰ ফলত শৰীৰত কিছুমান জটিলতাই দেখা দিব পাৰে।

শৰীৰত পানীৰ পৰিমাণ বেছি হোৱাৰ ফলত ছডিয়ামৰ পৰিমাণ তীব্ৰ গতিত হ্ৰাস পাবলৈ ধৰে। ইয়াৰ ফলত মগজুত টেমুনাৰ সৃষ্টি হ’ব পাৰে আৰু সেয়া বাঢ়ি গৈ হাইপ’ট্ৰিমিয়াৰ আশংকা বৃদ্ধি পায়। একেদৰে প্ৰয়োজনতকৈ অধিক পানী গ্ৰহণে আমাৰ পাচন প্ৰক্ৰিয়াতো প্ৰভাৱ পেলায়।

দৰাচলতে পানীৰ পৰিমাণ বৃদ্ধি হ’লে আমাৰ খাদ্যবস্তু পাচনত সহায় কৰা পাচন ৰসে কাম কৰা বন্ধ কৰি দিয়ে। যাৰ বাবে খাদ্য হজম হোৱাত যথেষ্ট সময় লাগে আৰু ইয়াৰ বাবে পেটৰ বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

বহু সময়ত অত্যধিক পানী গ্ৰহণ কৰাৰ ফলত হৃদৰোগত আক্ৰান্ত ৰোগীসকলৰ হাৰ্ট এটাক হোৱাৰ আশংকা বৃদ্ধি পায়। বাইপাছ ছাৰ্জাৰী কৰা বহু ৰোগীক চিকিৎসকে পানী কমকৈ খাবলৈ পৰামৰ্শ দিয়ে। অত্যধিক পানী গ্ৰহণ কৰিলে আমাৰ বৃক্কত প্ৰভাৱ পৰে।

ইয়াৰ ফলত বৃক্কজনিত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পায়। ইয়াৰ উপৰি অত্যধিক পানী সেৱনে মানুহৰ টোপনিতো প্ৰভাৱ পেলায়।

অধিক পানী সেৱনৰ ফলত বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া হয় আৰু টোপনি সঠিকভাৱে নহয়।

কিমান পানী শৰীৰৰ বাবে প্ৰয়োজনীয় -

সুস্থ শৰীৰ এটাৰ গৰাকী হ’বলৈ দেহত পানীৰ পৰিমাণ সন্তুলিত হৈ থকাটো অত্যন্ত জৰুৰী। সাধাৰণভাৱে পৰিশ্ৰম কৰা লোকসকলে দৈনিক ৪ৰ পৰা ৫ লিটাৰ পানী গ্ৰহণ কৰিব লাগে।

আনহাতে, অধিক পৰিশ্ৰম কৰা লোকসকলে সেই অনুপাতে পানী গ্ৰহণ কৰিব লাগে।

উৎস: নিয়মীয়া বাৰ্তা