অনিদ্ৰা বিভিন্ন কাৰণত হ’ব পাৰে। বিশেষকৈ কিবা কাৰণত মগজু অস্থিৰ হ’লে, অধিক ভোজন, উত্তেজনা, উপবাস, মানসিক চিন্তা, ভৰিৰ ৰোগ, কৃমি দিনত বেছিকৈ শুলে আদি কাৰণে অনিদ্ৰা হয়। বিভিন্ন ঔষধ, যোগাযোগ, প্ৰাণায়াম আদিৰ যোগেদি এই ৰোগ নিৰাময় কৰিব পাৰি। ৰাতিপুৱা এগিলাচ পানীত এমুঠি চাউল তিয়াই ৰাখক। ৰাতি শুবলৈ লওঁতে পানীখিনি খালে ভাল টোপনি আহে। যদি কৃমিৰ বাবে অনিদ্ৰা হৈছে তেন্তে ধনিয়া তিওঁৱা পানীৰ লগত মৌ মিহলাই খাব লাগে। সুফল পোৱা যায়। শুবলৈ যোৱাৰ আগতে হাত-ভৰি ধুই, গাটো তিতা কাপোৰেৰে মোহাৰি ল’লে ভাল টোপনি আহিব। নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰক। মছলাযুক্ত, তেল জলা আদি সম্পূৰ্ণ ত্যাগ কৰি লঘূপাকী আহাৰ খালে অনিদ্ৰাৰ পৰা হাত সাৰিব পাৰি। কোমল তালপাতৰ ডাল জুইত সেকি চেপি ৰস উলিয়াই ল’ব লাগে সেই ৰস সন্ধ্যা দুচামুচকৈ খালে ভাল টোপনি আহে। আমলখি, কেঁচা গাখীৰৰ সৈতে বটি তাত অলপ মাখন মিহলাই কপালত লগাই থ’ব লাগে। এই সন্ধিয়া সময়ত লগাব লাগে। অনিদ্ৰা দূৰ হয়। কলমৌ শাকৰ ৰস খালে মানসিক দুচিন্তা আঁতৰে আৰু ভাল টোপনি আহে। অনিদ্ৰা দূৰ কৰা যোগাসনকেইটা হ’ল- ১) হলাসন, ২) মৎস্যাসন, ৩) সৰ্বাংগসন, ৪) অৰ্ধশীৰ্ষসন, ৫) শৱাসন লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।