প্ৰকৃতিত এনেকুৱা বহুতো বস্তু আছে যিবোৰৰ কিছুমানে বাতনাশ কৰিব পাৰে, কিছুমানে পিত্তনাশ আৰু কিছুমানে কফনাশ কৰিব পাৰে। কিন্তু বাত, পিত্ত আৰু কফ এই তিনিওটা একেলগে নাশ কৰিব পৰা বস্তু প্ৰকৃতিত দুৰ্লভ।প্ৰকৃতিত বাত,পিত্ত আৰু কফ এই তিনিওটা একেলগে নাশ কৰিব পৰা সৰ্বোত্তম ফল হৈছে আমলখি। ইয়াৰ পিছত ক্ৰমান্বয়ে শিলিখা আৰু ভোমোৰা। এই আমলখি, ভোমোৰা আৰু শিলিখা লগলগাই ত্ৰিফলা বনোৱা হয়। মহৰ্ষি বাগভটে কেৱল ত্ৰিফলাৰ ওপৰতেই ১২০ ৰো অধিক সুত্ৰ লিখিছে। তেওঁৰ সুত্ৰ মতে ত্ৰিফলা বনোৱা পদ্ধতি হ'ল- শিলিখাঃ ভোমোৰাঃ আমলখি=১০:২০: ৩ এই অনুপাতত বনোৱা ত্ৰিফলাৰ গুণ অদ্ভুত। সাধাৰণতে বজাৰত পোৱা ত্ৰিফলা সম অনুপাতত মিহলাই বনোৱা হয়। ত্ৰিফলাৰ আশ্বৰ্যজনক গুণ - ত্ৰিফলা ৰাতিপুৱাভাগত বা ৰাতিও খাব পাৰি । কিন্তু, ইয়াৰ পৰিণাম বেলেগ বেলেগ। ৰাতিপুৱা ত্ৰিফলা খোৱাৰ উপকাৰিতাঃ ১) আমাৰ শৰীৰৰ বাবে লাগতিয়াল পোষকতত্ব যেনে-- ভিটামিন C, ভিটামিন A, Multinutrents ইত্যাদি পোৱা যায়। ২)ত্ৰিফলাই এন্টিঅক্সিডেন্টৰ কাম কৰে । বিশেষকৈ ইয়াত থকা আমলখি এবিধ বহুত ভাল এন্টিঅক্সিডেন্ট। ৩) ত্ৰিফলাই মেদ হ্ৰাস কৰে। ৪)ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ৫) চাল, চুলি আৰু চকুৰ ৰোগত উপকাৰী। খোৱাৰ নিয়মঃ ৰাতিপুৱা এক চামুচ ত্ৰিফলাৰ গুড়িৰ লগত এক চামুচ মৌ বা অলপ গুৰ ভালদৰে হাতেৰে মিহলাই লৈ খাব লাগে। খোৱাৰ পিছত আধাকাপ গৰম পানী খাব লাগে। এনেকৈ খালিপেটত বা খোৱাৰ পিছতও লব পাৰে। ৰাতি ত্ৰিফলা খোৱাৰ উপকাৰিতাঃ ৰাতি ত্ৰিফলা খালে পেট পৰিস্কাৰ হয়। গেছ, এচিডিতি,বদহজম কমে। কোষ্ঠকাঠিন্যতা সম্পূৰ্ণ নিৰ্মূল হয়। খোৱাৰ নিয়মঃ এক চামুচ ত্ৰিফলা গুড়ি এক গিলাচ গৰম পানীৰ লগত ৰাতি শোৱাৰ আগতে খাব লাগে।। ত্ৰিফলা একেৰাহে ২/৩ মাহ খোৱাৰ পিছত ২০ দিন মানৰ বিৰতি দিয়াটো জৰুৰী । লেখক :- হেমন্ত গোস্বামী উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ