সাধৰণ মূৰৰ বিষ -

এই বিসংগতি সৰ্বব্যাপী থকা এক সমস্যা। যিকোনো বয়সৰ লোকেই কেতিয়াবা নহয়, কেতিয়াবা মূৰৰ বিষত ভোগেই। মূৰৰ বিষ প্ৰকৃততে বহুতো ৰোগৰ লক্ষণৰ ৰুপত দেখা পোৱা যায়। মানসিক ৰোগৰ দৰে চিন্তা, শোক, ক্ৰোধ, অনিন্দ্ৰাৰ উপৰি শৰীৰৰ ৰোগ, যেনে- কোষ্ঠকাঠিন্য, দুৰ্বলতা, চাইনোচাইটিছ আদিৰ ফলতো মূৰৰ বিষ এক অন্যতম প্ৰধান লক্ষণৰুপে দেখা দিব পাৰে। শাৰীৰিক আৰু মানসিক দুয়ো প্ৰকাৰৰ ৰোগৰ কাৰণে পৰিবৰ্তিত দোষমুক্ত জীৱনশৈলীয়েই প্ৰধানকৈ দায়ী। যদি মূৰৰ বিষ দীৰ্ঘদিন ধৰি থাকে, তেনেহ’লে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাই মূল ৰোগটোৰ চিকিৎসা কৰাওক।

ঘৰুৱা দিহা –

*নহৰু তিনি-চাৰি ফোটা আধাচামুচ নিমখৰ লগত বটি মূল আহাৰৰ লগত খাওক। মূৰৰ বিষৰ পৰা উপশম পাব।

*তুলসীৰ পাত বটি লৈ কপালত লেপ দি থ’লে মূৰৰ বিষৰ পৰা উপশম পাব।

*একাপ গাখীৰত আধা চামুচ ইলাচীৰ গুড়ি মিহলাই খালে মূৰৰ বিষৰ পৰা ৰেহাই পাব।

*যদি অতিপাত গৰমৰ ফলত মূৰৰ বিষ হয়, তেতিয়া দুচামুচ ধনিয়া গুটি পানীৰ লগত বটি লৈ কপালত ভৰণ দি ৰাখিলে মূৰৰ বিষ নাইকিয়া হ’ব।

*এৰাহে মূৰৰ বিষ হৈ থাকিলে পুৱা শুই উঠিয়েই খালী পেটত এটা আপেল নিমখ লগাই চোবাই খাওক। মূৰৰ বিষ কমি যাব।

*পূৱা শুই উঠিয়েই একাপ গৰম গাখীৰত এখন জেলেপী তিয়াই খালে মূৰৰ বিষ ঠিক হৈ পৰে।

*একেৰাহে মূৰ বিষাই থাকিলে এটা জাতিলাও(পানীলাও) কাটি ভিতৰৰ অংশটো উলিয়াই লৈ মিহিকৈ বটি মূৰত ভৰণ দি থওক। মূৰৰ বিষ কমি আহিব।

*দালচেনি এডোখৰ মিহিকৈ বটি পানীৰে পেষ্ট এটা বনাই কপালত লেপ দি থওক। কিছু সময়ৰ পিছত মূৰৰ বিষ ভাল পাব।

*এগিলাচ গৰম পানীত এফাল গোল নেমু চেপি লৈ খালে মূৰৰ বিষৰ পৰা উপশম পাব।

*এচামুচ গুড় পানীত গুলি চেকি লৈ খালে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব।

*পানী লগাৰ বাবে মূৰৰ বিষ হ’লে ধনিয়া গুটি আৰু এডোখৰ মিচিৰি একেলগে এগিলাচ জোখৰ পানীত উতলাই আধাভাগ পানী থাকোতে নমাই লৈ চেকি খাই থাকিলে মূৰৰ বিষ নিৰাময় হয়।

*একেৰাহে মূৰৰ বিষ হৈ থাকিলে পুৰনা গুড়(অতিকমেও দুবছৰ পুৰণা) ১০ গ্ৰামৰ (দুচামুচ) লগত ৬ গ্ৰাম ক’লা তিল, আধাকাপ গাখীৰৰ সৈতে লাহে লাহে বটি লওক। এনেদৰে গুৰি কৰি লোৱা পোষ্টটোৰে সম্পূৰ্ণ মূৰটো আৰু কাণৰ লতিত লেপ দি থওক। আধাঘন্টাৰ পিছত মূৰৰ বিষ নাইকিয়া হ’ব।

*পিপলি এক গ্ৰাম, জালুক এক গ্ৰাম, যষ্ঠীমধু এক গ্ৰাম, শুকান আদা এক গ্ৰাম, একেলগে লৈ মিহিকৈ বটি ভাল মাখনত সিজাই লওক ।এতিয়া এই পেষ্ট নাকেৰে উজাই লওক। মূৰৰ বিষ নিৰাময় হ’ব।

*আধা চামুচ পৰিমাণত ধতুৰাৰ গুটি লৈ চোবাই থাকক আৰু লেলাউটি পেলাই থাকক। এই ব্যৱস্থাৰে পোন্ধৰ বছৰৰ পুৰণি মূৰৰ বিষো আৰোগ্য হয়।

*এমুঠি চাউল তিনিবাৰ গাখীৰত তিয়াই আৰু শুকুৱাই মিহিকৈ বটি লওক আৰু এচামুচ পৰিমাণত হাতত লৈ নাকৰ আগলৈ নি শুঙক। এই ব্যৱস্থাৰে আদকপালী মূৰৰ বিষ তৎক্ষণাত নিৰাময় হয়।

*যদি অত্যধিক গৰমৰ কাৰণে মূৰৰ বিষ হয়, তেনেহ’লে ৰঙালাওৰ শাহ কাটি উলিয়াই লৈ মিহিকৈ বটি কপাল আৰু মূৰত লেপ দি থওক। এনে কৰিলে মূৰৰ বিষ নাইকিয়া হ’ব।

মাইগ্ৰেণৰ বিষ –

*দৈ, ভাত আৰু মিচিৰি মিহলাই সূৰ্য্য উদয় হোৱাৰ আগতে খালে, সূৰ্য্যোদয়ৰ লগে লগে আৰম্ভ হোৱা মাইগ্ৰেণৰ মূৰৰ বিষ নিৰাময় হয়।

*দিনত দুৱাৰকৈ দৈ আৰু ভাত খাই থাকিলে মাইগ্ৰেণৰ ফলত হোৱা মূৰৰ বিষ আৰোগ্য হয়।

*দহ-বাৰটা মান লং সামান্য পানীৰ লগত মিহিকৈ বটি, সামান্য গৰম কৰি মূৰত লেপ দি থাকিলে মূৰৰ বিষ ভাল হয়।

*তিনি-চাৰিডোখৰ কেশৰ ঘিউৰ লগত বটি শুঙি থাকিলে মাইগ্ৰেনৰ বিষ নাইকিয়া হয় ।

*বিশুদ্ধ গৰুৰ গাখীৰৰ পৰা বনোৱা ঘিউ পূৱা-গধূলি নাকত টোপ টোপকৈ দিলে মাইগ্ৰেণৰ বিষ নিৰাময় হয় ।

*ডাঙৰ ইলাচিৰ বাকলি মিহিকৈ বটি সামান্য গৰম কৰি কপালত লেপ দিলে মাইগ্ৰেণৰ বিষ নাইকিয়া হয়।

*বেলি ওলোৱাৰ আগতে নাৰিকল আৰু গুড়ৰ লগত সৰু বুটমাহ এটাৰ সমান জোখৰ কৰ্পূৰ মিহলাই প্ৰতিদিনে পূৱা এৱাৰকৈ তিনিদিন খাই থাকিলে মাইগ্ৰেণৰ বিষ সম্পূৰ্ণ নিৰাময় হয়।

সন্ধিবাত, গোধা ৰোগ আৰু হাইড্ৰচিল ৰোগ –

পূৰঠ হৈ পকি যোৱা কদম বা বগা আকণৰ পাত দুখিলামান সংগ্ৰহ কৰি লওক ।এই পাতকেইখিলা শুকান তাৱা এখনত গৰম কৰি সহ্য কৰিব পৰাকৈ গৰমে গৰমে বাতবিষ, গোধা ৰোগ বা ফুলি উঠা অণ্ডকোষৰ ওপৰত ৰাখি সেক দিয়ক । প্ৰায় দহ মিনিট সময় সেক দিয়াৰ পিছত পাতকেইখিলা শৰীৰৰ সেই অংশবিলাকত গৰম কাপোৰ এখনেৰে বান্ধি ৰাখক । এনেদৰে কিছুদিন ব্যৱস্থা ল’লে ৰোগবিলাক নিৰাময় হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন