প্লীহা বৃদ্ধ(খাপৰি বঢ়া) ৰোগ - দীৰ্ঘদিন ধৰি যদি কোনো ৰোগীয়ে টাইফয়ড, মেলেৰিয়া জ্বৰ আদি ৰোগত ভুগি থাকে, তেনেহ’লে তেওঁৰ প্লীহা ক্ৰমে দূষিত হৈ পৰে আৰু ইয়াৰ আকাৰ বাঢ়িবলৈ ধৰে। এনেদৰে আকাৰ বঢ়া প্লীহা ক্ৰমে কঠিন হৈ পৰে। প্লীহা বৃদ্ধিৰ কাৰণে ৰোগীৰ পাচন ক্ৰিয়া আৰু ৰক্ত শোধন ক্ৰিয়াও দুৰ্বল হৈ পৰে। লক্ষণ - ওপৰ পেটৰ বাওঁফালে বাঢ়ি অহা প্লীহা টেমুনাৰ ৰূপত অনুভৱ কৰিব পাৰি। ওপৰৰ পৰা হাতেৰে সামান্য হেঁচা প্ৰয়োগ কৰিলে বিষায়। ভোক কমি যায়, শৰীৰ আৰু মুখমণ্ডল হালধীয়া হয়, পেট ফুলি থাকে, শৰীৰ দুৰ্বল অনুভৱ হয়, অনবৰতে অস্বস্তি লাগি থাকে। ঘৰুৱা চিকিৎসা দিহা - প্লীহা বৃদ্ধিৰ কাৰক ৰোগৰ চিকিৎসা কৰাওক। লগে লগে প্লীহা বৃদ্ধিৰ কাৰকৰ পালন তলত উল্লেখ কৰা চিকিৎসাৰ দিহাবোৰ পালন কৰিবলৈ চেষ্টা কৰক। ৫ গ্ৰাম ডালিমৰ পাত আৰু তাৰ লগত নিশাদল(এমোনিয়াম ক্লোৰাইড) এক গ্ৰাম মাত্ৰাত লৈ মিহিকৈ বটি লওক। এই মিশ্ৰণ এচামুচ পৰিমাণত পুৱা আৰু গধূলি দুয়োবেলা গৰম পানীৰ লগত খুৱাওক। প্লীহা বৃদ্ধি এসপ্তাহত কমি যাব। কুমলীয়া মূলা এটা চকল চকলকৈ কাটি লৈ তাৰ ওপৰত এমোনিয়াম ক্লোৰাইডৰ(নিশাদল) গুড়ি ছটিয়াই ৰাখি পুৱা খালী পেটত সেই সেই মূলাৰ টুকুৰাবোৰ খাওক। পিঁয়াজ এটা চকল চকলকৈ কাটি তাত সৈন্ধৱ লৱণ, ক’লা নিমখ আৰু ভিনেগাৰ ঢালি খাওক। প্লীহাৰ বৃদ্ধি বন্ধ হ’ব। এচামুচ পিপলিৰ গুড়ি, শিলিখা সিজোৱা পানী চাৰি চামুচ মিহলাই বা গৰুৰ গাখীৰৰ লগত মিহলাই পুৱা-গধূলি খাওক। আধাগ্ৰাম হালধি গুড়ি পুৰণি গুড়ৰ লগত পুৱা-গধূলি খাবলৈ দিয়ক। পলাশৰ পাত এখিলাৰ ওপৰত সৰিয়হ তেল লগাই বাঢ়ি অহা প্লীহাৰ ওপৰত বান্ধি থওক। এনেদৰে একেৰাহে বান্ধি ৰাখিলে প্লীহা বহি যাব। এটা পকা অমিতা টুকুৰা-টুকুৰকৈ কাটি লৈ তাৰ ওপৰত নিশাদল এক গ্ৰাম ছটিয়াই দিনত এবাৰকৈ ৰোগীক খাবলৈ দিয়ক। কেৰেলা এটাৰ গুটিবোৰ এৰুৱাই বাকী অংশ পটা বা মিক্সিত বটি তাৰ ৰস উলিয়াই এচামুচ পৰিমাণত পুৱা আৰু গধূলি এবাৰকৈ ৰোগীক খাবলৈ দিয়ক। আধাকাপ অমিতা এটা বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি এসপ্তাহ ধৰি ভিনেগাৰত ডুবাই থওক। এই অমিতা এসপ্তাহৰ পিছত ৫০ গ্ৰাম পৰিমাণত দিনে এবাৰকৈ ৰোগীক খাবলৈ দিয়ক। এটা পকা অমিতা কাটি বাকলি গুচাই টুকুৰাবোৰ ২৪০ গ্ৰাম পৰিমাণত লৈ মৌৰ লগত ৰোগীক খাবলৈ দিয়ক। ১০০ গ্ৰাম পকা আমৰ ৰসৰ লগত আধা চামুচ শুকান আদাৰ গুড়ি মিহলাই পুৱা খালী পেটত ৰোগীক খাবলৈ দিয়ক। কাহ - ডিঙি, কন্ঠনলী আৰু শ্বাসনলী বা হাওঁফাওঁত কিবা সংক্ৰমণ হ’লে কাহ হ’ব পাৰে। শ্বাসনলীত শ্লেষ্মা কলাত জীৱাণু বা ভাইৰাছৰ সংক্ৰমণৰ ফলত ফুলি উঠিলে শ্লেষ্মাৰ সঞ্চালন বন্ধ হৈ পৰে আৰু তাৰ ফলত শ্বাস প্ৰণালী শুকান হৈ পৰে। তেতিয়াই কাহ হয়। কিন্তু দুই তিনিদিনৰ পিছত যেতিয়া শ্বাসতন্ত্ৰৰ শ্লেষ্মা আৱৰণ ফুলি উঠিব, তেতিয়া শ্লেষ্মা স্ৰাৱ অতিমাত্ৰা বৃদ্ধি পায় আৰু কফৰ ৰূপত বাহিৰলৈ ওলাই আহিবলৈ বিচাৰে। তেতিয়াই প্ৰচণ্ড কাহ হয়। কিডনিৰ শোথ, যক্ষ্মা আৰু হাওঁফাওঁৰ অন্য ৰোগৰ ফলতো কাহৰ প্ৰকোপ বৃদ্ধি পায়। পানী লগা ৰোগ অৱহেলা কৰিলে, শ্বাসপ্ৰণালীৰ সংক্ৰমণ বৃদ্ধি পায়। শীত কালত শৰীৰত বেছি ঠাণ্ডা লগালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ’লেও কাহ হ’ব পাৰে। শিশু আৰু বৃদ্ধকালত যিহেতু ৰোগ প্ৰতিৰোধ শক্তি কমি থাকে, সেয়ে তেওঁলোকৰ মাজতো কাহৰ প্ৰকোপ বেছি হোৱা দেখা যায়। লক্ষণ - শুকান কাহ হ’লে ডিঙিত সুৰসুৰণি বাঢ়ে। কফযুক্ত কাহৰ লগত কফ ওলায়। বাৰে বাৰে কাহ হৈ থাকিলে ডিঙি আৰু বুকুত বিষ হ’ব পাৰে। ঘৰুৱা চিকিৎসা - দুটা লং মুখত লৈ চুহি থাকক। পিপলিৰ গুড়ি এভাগৰ লগত তাৰ দুগুণ পৰিমাণত সৈন্ধৱ লৱণ মিহলাই বটল এটাত টানকৈ সাঁফৰ মাৰি থৈ দিয়ক। এই গুড়িৰ আধা চামুচ পৰিমণাত পুৱা আৰু গধূলি গৰম পানীৰ লগত মিহলাই খাওক। এক গ্ৰাম সৰু পিপলিৰ গুড়ি এচামুচ মৌৰ লগত মিহলাই চেলেকি খাই থাকক। দিনটোত দুবাৰ। পিপলি এচামুচ পানীৰ লগত বটি অকণমান ঘিউৰ লগত গৰম কৰি তাৰ লগত সামান্য পৰিমাণে সৈন্ধৱ লৱণ মিহলাই একেৰাহে দুদিন আগবেলা খুৱাব। ২৫০ গ্ৰাম তিল এক লিটাৰ পানীত উতলাই, চাৰি ভাগৰ এভাগ পানী থাকোতে নমাই লৈ তাত এচামুচ মিচিৰি মিহলাই ২ ৰ পৰা ৪ চামুচ মাত্ৰাত দিনটোত তিনিবাৰকৈ ৰোগীক খাবলৈ দিয়ক। লং আৰু কথথাৰ(পাণ দোকানত পাব) গুড়ি সমান মাত্ৰাত লৈ মৌ মিহলাই একোটা মটৰ মাহৰ সমান বড়ি বনাই প্ৰতি এঘন্টাৰ মূৰে মূৰে ৰোগীক চুহি খাবলৈ দিয়ক। তুলসী, আদা আৰু পিঁয়াজৰ ৰস আধা চামুচ মিহলাই মৌৰ লগত ৰোগীক চেলেকি খাবলৈ দিয়ক। সৰিয়হৰ তেল বা খাঁটি ঘিউ গৰম কৰি তাৰ লগত সামান্য পৰিমাণে সৈন্ধৱ লৱণ মিহলাই দিনত দুই-তিনিবাৰকৈ ৰোগীৰ বুকুত সানিবলৈ দিয়ক। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন