আমি সদায়ে খাই হজম কৰা খাদ্য দ্ৰব্যয়ো কেতিয়াবা কিবা কাৰণত হজম নহৈ মনত অশান্তি দিয়ে। তেনেকুৱা অৱস্থাত এনেদৰে ব্যৱস্থা লওঁক- কেতিয়াবা মুখৰ জুতিৰ কাৰণে বেছি বস্তু খোৱা হয়। তেনে এবিধ বস্তু হ’ল মিঠাই জাতীয় বস্তু। মিঠাই খাই অজীৰ্ণ হ’লে কেইটামান লং চোবাই পানী খাই দিলে ভাল পোৱা যায়। বগৰী খাই যদি আপোনাৰ হজম হোৱা নাই গৰম পানী খাই দিয়ক। সৈন্ধৱ লৱণ খাওঁক যদি খিচিৰি খাই আপোনাৰ অজীৰ্ণ হৈছে। তেল খাই অজীৰ্ণ হ’লে ছাছিপান খাওঁক। আপুনি পিঠা আৰু ঘিউত বনোৱা বস্তু বেছি খাইছে নেকি? সেইবোৰ খাই হজম হোৱা নাই নেকি? তেনেহ’লে গৰম পানীত নেমুৰ ৰস পেলাই খাওঁক। সোনকালে হজম হ’ব। যদি কল খাই অজীৰ্ণ হৈছে সৈন্ধৱ লৱণ খাওঁক। কেতিয়াবা কঁঠাল খাই হজম হোৱা নাই যদি এটা কল বা কঁঠাল গুটি এটি চোবাই খাওঁক। কমলা খাই হজম নহ’লে গুড় অলপ খাই দিয়ক। আৰাম পাব। শাক খাই অজীৰ্ণ হ’লে সৰিয়হৰ গুড়ি খাওঁক। সোনকালে হজম হ’ব। জ্বলা খাই অজীৰ্ণ হ’লে মিঠাতেল খাওঁক। দ্ৰুতগতিত আৰাম পাব। চাউল কেইটামান চোবাই খাওঁক যদি নাৰিকল খাই আপোনাৰ হজম হোৱা নাই। পেটত হজম শক্তি কমিলে আজিকালি সহজতে বজাৰত পোৱা হজ মোলাৰ বড়ি ব্যৱহাৰ কৰিব পাৰে। চৰ্বি জাতীয় অৰ্থাৎ মাংস আদি খাই হজম নহ’লে নেমুৰ ৰস খাই দিয়ক। আৰাম পাব। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।