পৰিৱৰ্তিত খাদ্যাভাসে সৃষ্টি কৰা শাৰিৰীক সমস্যাসমূহৰ ভিতৰত এচিডিটি অন্যতম। বুকু জ্বলা-পোৰা, নিদ্ৰাহীনতা, টেঙা উগাৰ অহা আদি লক্ষণে দেখা দিয়াৰ লগে লগে বুজিব লাগিব যে শৰীৰত এচিডৰ পৰিমাণ বৃদ্ধি হ’ব ধৰিছে। এনে অৱস্থাত বিছনাত শুলে আমাশয়ত থকা এচিড ওপৰৰ ফালে বৈ আহি খাদ্যনলীৰ ক্ষতি কৰাৰ যথেষ্ট সম্ভাৱনাও থাকে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে, এচিডিটিৰ সমস্যাই গম্ভীৰ ৰূপ ল’লে পেটত কেন্সাৰ হোৱাৰ সম্ভাৱনাও থাকে। এচিডিটিৰ বাবে মূলত: আমাৰ খাদ্যাভাসেই জগৰীয়া। সময়মতে খাদ্য গ্ৰহণ নকৰা, বেচিকৈ মছলা, জ্বলা, তেল, ঘিউ থকা খাদ্য খোৱা, পানী কম পৰিমাণে খোৱা, চাহ-ক’ফী বেছিকৈ পান কৰা ইত্যাদি কাৰণতে এচিডিটিয়ে দেখা দিয়ে। সেয়েহে এচিডিটিৰ পৰা শৰীৰটোক আঁতৰাই ৰাখিবলৈ হ’লে খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰা জৰুৰী। এচিডিটিৰ পৰা দূৰত থাকিব বিচাৰিলে তলত দিয়া উপায়কেইটা অৱলম্বন কৰিব পাৰিব- ১) দৈনিক আঠ লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। পুৱা খালী পেটত দুগিলাচ পানী খোৱা উচিত। ২) নিশাৰ ভাগত পাতল আহাৰ গ্ৰহণ কৰক। সহজে হজম হোৱা খাদ্যহে নিশা খাব লাগে। ৩) খাদ্য তালিকাৰ পৰা মা-মছলা, জ্বলা, বেছি তেল, ঘিউ বাদ দিয়ক। মাংস কমাই খোৱা উচিত। তেনেদৰে ফাষ্ট ফুডৰ পৰা আতঁৰত থাকক। ৪) যিবোৰ বস্তু খালে আপোনাৰ সাধাৰণতে এচিডিটিয়ে দেখা দিয়ে, তেনে খাদ্য খাব নালাগে। ৫) খাদ্য হজম হ’বলৈ প্ৰায় তিনি ঘন্টা সময়ৰ প্ৰয়োজন হয়। সেয়েহে নিশা শুবলৈ যোৱাৰ তিনি ঘন্টা পূৰ্বেই এচিডিটিত ভোগা লোকসকলে খাদ্য গ্ৰহণ কৰা উচিত বুলি স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। কিয়নো নিদ্ৰাৰ পাছত শৰীৰৰ পাচন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। ৬) যেতিয়াই তেতিয়াই খাদ্য খোৱাৰ অভ্যাস থাকিলে সেয়া ত্যাগ কৰি নিৰ্দিষ্ট সময়তহে আহাৰ গ্ৰহণ কৰা উচিত। একেলগে বেছিকৈ খাদ্য খোৱাৰ পৰিৱৰ্তে কম পৰিমাণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে খাদ্য গ্ৰহণ কৰক। এনে কৰিলে খোৱা খাদ্য সহজে হজম হ’ব। ৭) চাহ-কফী বেছিকৈ খোৱাৰ অভ্যাস থাকিলে পৰিমাণ হ্ৰাস কৰক। দিনটোত দুই বা তিনি কাপতকৈ অধিক চাহ আৰু একাপতকৈ অধিক ক’ফী পান কৰা অনুচিত, যদিহে আপোনাৰ এচিডিটিৰ সমস্যা আছে। লিখক: দিব্যজ্যোতি ভূঞা, নিয়মীয়া বাৰ্তা।