যদি পাই তেনেহ'লে দুটামান কথা জানি থওক - ব্ৰইলাৰ মূৰ্গী স্বাস্থ্যৰ বাবে অপকাৰী। জেনেটিক ইঞ্জিনীয়াৰিং পদ্ধতি প্ৰয়োগ কৰি এই মূৰ্গী উৎপাদন কৰা হয়। সেয়েহে এই মাংসত আৰ্ছেনিক পদাৰ্থ উপলব্ধ যি শৰীৰৰ ভীষণ ক্ষতিসাধন কৰিব পাৰে। তাৰোপৰি সোনকালে ডাঙৰ হোৱাৰ উপৰিও ওজন বাঢ়িবলৈ এন্টিবায়টীক নিয়মিত ভাৱে ব্ৰইলাৰ মূৰ্গীক খুউৱা হয়। সেয়েহে ব্ৰইলাৰ মূৰ্গী খালে আৰ্ছেনিক আৰু এন্টিবায়টীক আমাৰ শৰীৰত প্ৰবেশ কৰে। ফলস্বৰূপে বেক্টেৰিয়াৰ এন্টিবায়টীক ৰেজিষ্টেন্ট ক্ষমতা বাঢ়ি যায় আৰু বেক্টেৰিয়া জনিত ৰোগ হলে ঔষধ খালেও বেমাৰ ভাল নহয়। তাৰোপৰি সদায় এই মাংস খালে লিভাৰ চিৰচিছ , কিডনী ৰোগ আৰু উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা থাকে। ব্ৰইলাৰ মূৰ্গীক কোম্পানী কিছুমানে ভিটামিন যোগান ধৰে , কিন্তু প্ৰকৃততে ই ভিটামিন হয়নে নহয় সন্দেহ জনক । সম্ভৱ এইবোৰ ষ্টেৰইদ , যাৰ বাবে অতি সোনকালে ডাঙৰ হয় । ব্ৰইলাৰ মূৰ্গীৰ দেহত অত্যাধিক মঙহ বৃদ্ধি হয় যদিও কেলছিয়াম আৰু আন খনিজ পদাৰ্থৰ অভাৱত হাড়বোৰ ঠুনুকা হৈ পৰে। সেয়েহে ঠেং দুটা ভঙাৰ বাবে লৰচৰ কৰিব নোৱাৰি একে ঠাইতে বহি থাকে। মুঠতে কবলৈ গলে ব্ৰইলাৰ মূৰ্গী মাংসতকৈ আলুপিটিকা বেছি উপকাৰী।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ