মই যেতিয়া সৰু আছিলো আইতাই ককাক ভাত খাবলৈ দিওঁতে ককাই মজিয়াত পীৰাখন পাৰি বহি লৈ এক পিতলৰ ঘটিটোৰ পৰা অকণমান পানী হাতত লৈ পানীখিনি কেঁচা মজিয়াত দলিয়াই দিছিল।

এয়া আছিল প্ৰায় পয়ত্ৰিছ বছৰ আগৰ কথা।এতিয়াও এনে ধৰণে হাত ধুৱা ব্যক্তি বিৰল নহয়। চিকিৎসা বিজ্ঞানৰ ক্ৰমবিকাশত ধৰা পৰিছে যে আমাৰ হাতদুখনে বহু বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰাত মুখ্য ভূমিকা লয়।

সেয়েহে অকণমান সাৱধানতাই আপোনাক বহুত বেমাৰৰ পৰা বচাই ৰাখিব পাৰে। কিন্তু সমস্যাটো হৈছে তাতেই ,যেতিয়া আপুনি এজন শিক্ষিত ব্যক্তি আৰু আপুনি হাত ধুৱা প্ৰক্ৰিয়াটো ভাল দৰে নাজানে।পাৰ্টি আদিত হাত ধুওতে মই প্ৰায়েই লক্ষ্য কৰো যে বেছিভাগ ব্যক্তিৰ হাত ধুৱাৰ প্ৰক্ৰিয়াৰ বিসঙ্গতি আছে। মই এটি সমীক্ষা কৰি চাইছিলো আৰু কেইজনমান ব্যক্তিক হাত ধুবলৈ দিছিলো। প্ৰায় 50 জন ব্যক্তিৰ আটাইকেইজনৰেই হাত ধুৱাৰ প্ৰক্ৰিয়া ঠিক হোৱা নাছিল।

ইয়াৰ পৰা এইটোৱেই প্ৰতিপন্ন হৈছিল যে সমাজৰ বেছিভাগ ব্যক্তিয়েই হাত কেনেকৈ ধুব লাগে নাজানে।আমি প্ৰায় ভাগ ব্যক্তিয়েই কি খোৱা উচিৎ, কি খাব নালাগে আদি ভালদৰে জানো কিন্তু এই সামান্য কথাখিনিৰ ওপৰত কোনো দিনেই গুৰুত্ব আৰোপ নকৰো।

অপৰিস্কৃত হাতৰ পৰা কি ৰোগ হব পাৰে?

১)যিকোনো কৃমি ৰোগ হব পাৰে।ৰোগীৰ পেটৰ বিষ আৰু পাতল পাইখানা হব পাৰে।

২)ডায়েৰীয়াৰ মুখ্য বীজাণু vibrio cholera, salmonela, E coli আদি পেটত প্ৰৱেশ কৰিব পাৰে।salmonela নামৰ বেক্টেৰিয়াৰ পৰা টাইফয়ড জ্বৰো হয়।

৩)অপৰিস্কৃত হাতেৰে এণ্টামিবা, জিয়াৰদিয়া আদি পৰজীৱী পেটত প্ৰৱেশ কৰিব পাৰে যাৰ ফলত পেটৰ কামোৰনী হৈ অলপ অলপ কৈ বিজলুৱা পাইখানা হব পাৰে।

৪)কেতবোৰ ভাইৰাছ যেনে noro virus ৰ ফলত বমিৰ লগতে পাতল পাইখানা হব পাৰে।

৫)fungus জাতীয় ৰোগ এজন ব্যক্তিৰ এঠাইৰ পৰা আন এঠাইলৈ বা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব পাৰে।

৬)কেতবোৰ শ্বাস ৰোগৰ বীজাণু যেনে pneumococcus বেক্টেৰিয়া, influenza virus ও বিয়পিব পাৰে আপোনাৰ অপৰিস্কৃত হাতৰ ফলত।

হাতখন আপুনি কেনেদৰে পৰিষ্কাৰ কৰিব?

বিশ্ব স্বাস্থ্য সংস্থাই হাত পৰিষ্কাৰকৈ ধুবলৈ তলৰ পদ্ধতি কেইটা অৱলম্বন কৰিবলৈ কৈছে।

১)পানীৰ টেপটো খুলি হাত দুখন ভিজাই লব।এইবাৰ চাবোন ভালদৰে দুই হাতৰ তলুৱাত ঘঁহি ফেন উঠাই লওঁক।

২)এইবাৰ এখন হাতৰ তলুৱাৰে আনখন হাতেৰে ওপৰ অংশ ঘঁহি থাকি এখন হাতৰ আঙুলি আন খন হাতৰ আঙুলিৰ ফাঁকেৰে সুমুৱাই ঘঁহি থাকক।এনেদৰে আনখন হাতটো কৰক।

৩)এইবাৰ দুয়োখন হাতৰ বুঢ়া আঙুলি ঘঁহি ঘঁহি চাফা কৰক।

৪)ইয়াৰ পিছত দুয়োখন হাতৰ আঙুলি কোচাই লক কৰাৰ দৰে কৈ চাফা কৰক।

৫)এতিয়া এখন হাতৰ আঙুলি একগোট কৰি আনখন হাতেৰে তলুৱাত ঘঁহি ঘঁহি চাফা কৰক।

৬)এতিয়া চাফা পানীৰে হাতখন ধুওক।

মনত ৰাখিব লগীয়া কেইটামান কথা -

১)হাতখন ধুৱা হোৱাৰ পিছত কেতিয়াও কাপোৰত মচিব নালাগে যদিহে আপুনি খাদ্য গ্ৰহণ কৰিবলৈ গৈ আছে।শুকান টিছু পেপাৰেৰে মছিলে কোনো অসুবিধা নহয়।

২)পানীৰ টেপটো খাদ্য গ্ৰহণ নকৰা হাটখনৰে বন্ধ কৰিব কিয়নো ইয়াটো বীজাণু থাকিব পাৰে।

৩)যদিহে আপোনাৰ ঘৰত টেপৰ পানীৰ ব্যৱস্থা নাই তেন্তে অন্য ব্যক্তিৰ সহায়ত মগেৰে পানী ব্যৱহাৰ কৰিব।

ওপৰৰ কথাখিনি কঠিন যেন লাগিছে যদিও অভ্যাসত পৰিণত কৰিলে অতি উজু হৈ পৰিব। হয়তো আপোনৰ মনত এনেকুৱা ভাৱ ও আহিব পাৰে যে আপুনি এনেদৰে হাত কেতিয়াও নুধুৱে আৰু কোনোদিনে এনেকুৱা ৰোগটো ভূগা নাই।

ইয়াৰ উত্তৰত কব লাগিব যে হয়তো আপোনাৰ হাতত বীজাণু নাছিল বা যিখিনি আছিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সঠিক বাবেই নিষ্ক্ৰিয় হৈ গ'ল।

তথাপি আমাৰ ব্যস্ততা পূৰ্ণ জীৱনত হাত দুখন বহু সংস্পৰ্শলৈ আহে। আপুনি ব্যৱহাৰ কৰা মোবাইল, কলমটো, টকাৰ নোটকেইখন, আদিয়েও বহুতো বীজাণু যোগান ধৰে। সেয়েহে অকণমান সাৱধানতাই আপোনাক বহু ৰোগৰ পৰা বচাব পাৰে।শেষত এটাই কথা কম আপুনি নিজেও হাত ধুব শিকক আৰু আনকো শিকাওক।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- ৮৬৩৮২১১৭১