অদমনীয় বেগসমূহ নিজৰ ইচ্ছা অনুসৰি দমন কৰি ৰাখিব নালাগে। ইয়াক অৱজ্ঞা বা দমন কৰিলে শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। অদমনীয় বেগসমূহৰ বিসংগতিৰ বাবে হ'ব পৰা ৰোগ সম্পৰ্কে উল্লেখ কৰা হ'ল-

১)শৌচৰ বেগ: ইয়াৰ পৰা মূৰৰ বিষ, বেদনা, হৃদৰোগ, মলাশয়ৰ ৰোগ, কোষ্ঠকাঠিন্য আদি ৰোগ হ'ব পাৰে।

২)বীৰ্যৰ বেগ: অণ্ডকোষৰ বিষ, প্ৰস্ৰাৱত বাধা, নপুংসকতা, মানসিক দুশ্চন্তা।

৩)বমিৰ বেগ: পাকস্থলী, খাদ্য নলীৰ ৰোগ, কুষ্ঠ ৰোগ, খুজৱতী, অৰুচি, বদহজম, মুখমণ্ডলত ক'লা দাগ পৰা, ৰক্তহীনতা, চৰ্মৰোগ, জ্বৰ, চকুৰ ৰোগ।

৪)হাঁচিৰ বেগ: মূৰৰ বিষ, চকুৰ দুৰ্বলতা।

৫)উগাৰৰ বেগ: অৰুচি, হৃদৰোগ।

৬)ভোকৰ বেগ: যকৃতৰ ৰোগ, অৰুচি, দেহৰ ৰং সলনি হোৱা, মানসিক দুশ্চিন্তা।

৭)চকু পানীৰ বেগ: চকুৰ ৰোগ, হৃদৰোগ, অৰুচি, বদহজম, মূৰ ঘূৰণি।

৮)অপ্ৰাণ বায়ুৰ বেগ: পেটৰ ৰোগ, চকুৰ ৰোগ, হৃদৰোগ, পেটৰৰ বিষ।

৯)পিয়াহৰ বেগ: ভাগৰ লগা, শাৰীৰিক দুৰ্বলতা, হৃদৰোগ, শৰীৰ ক'লা পৰা।

১০) উশাহৰ বেগ: হাঁপানী, হাওঁফাওঁৰ ৰোগ, হৃদৰোগ, শাৰীৰিক দুৰ্বলতা, মানসিক উত্তেজনা বৃদ্ধি আদি।

লেখক: ৰংমন ৰংদৈ

উৎস: উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ