লক্ষণ: গেছট্ৰাইটিছ(Gastritis) বা আমাৰ মূখৰ ভাষাত গেছটিকৰ মূল লক্ষণ বিলাক হ’ল.....ভোক কমি অহা,ওকালি,বমি,মূৰবিষ,পেটৰ ওকত-পাকত আৰু পেটৰ বিষ ইত্যাদি। আন উপসৰ্গ কিছুমান হৈছে নিশাহত দূৰ্গন্ধ,জিভাত বগা চামনি পৰা,সোৱাদ নোপোৱা বা মূখখন তিতা-তিতা লাগি থকা,লেলাউটি বেচিকৈ ওলোৱা,প্ৰসাৱ কমকৈ হোৱা, গাটো সহজ অনুভৱ নোহোৱা,মানসিকভাবে হতাশাত ভোগা,পায়খানা সাধাৰণ অৱস্থাতকৈ ঢিলা বা কঠিন হোৱা ইত্যাদি। কিছুমান পুৰণি গেছট্ৰাইটিছত ৰোগীৰ হৃদপিণ্ডৰ ওচৰে-পাজঁৰে জ্বলা-পোৰা কৰে,আহাৰ খোৱাৰ পিচত তলপেট গেঁঠেলা মাৰি ধৰা যেন লাগে আৰু বহুতৰ খাদ্যনলীত mucus জমা হোৱাৰ ফলত ডায়েৰিয়াত ভোগাও দেখা যায়। কাৰণ: একেলগে বহুত বিধ খাদ্য মিহলাই খোৱা, ভালকৈ সিজোঁৱা খাদ্য নোখোৱা,বেচিকৈ খোৱা,কাঢ়াকৈ চাহ-কফি-পানীয় বাৰে বাৰে খাই থকা,চ’চ যুক্ত আহাৰ বা কৃটিম সোৱাদ আৰু preservative মিহলি কৰা ৰেডীমেড পেকেট বা হোটেল-বেকাৰীৰ খাদ্যবোৰ বোৰ খোৱা। মানসিক চিন্তা,টেনশ্ব্যন,বেদনা,কিছুমান দৰৱ নিয়মিত ৰূপত ব্যৱহাৰ কৰি থকা ইত্যাদি।আজিকালি অতি মাত্ৰাত কীটনাশক দৰৱ ব্যৱহাৰ কৰা শাক-পাচলিবোৰ ভালকৈ নোধোৱাকৈ খোৱাটোও এই ৰোগৰ প্ৰধান কাৰণ হৈ পৰিছে। ঘৰুৱা চিকিৎসা: (১) নাৰিকলৰ পানীয়ে গেছট্ৰাইটিছত উত্তম কাম কৰে। ই পাকস্থলীক প্ৰয়োজনীয় জিৰণি দিয়ে, ভিটামিন আৰু মিলাৰেলৰ উচিত যোগান ধৰে।আক্ৰান্ত পাকস্থলীয়ে পুনৰ আগৰ ভাল অৱস্থালৈ ঘূৰি আহিব পাৰে যদি দিনটোত এবাৰো নাৰিকলৰ পানী খোৱা হ’য়। (২) আনটো উত্তম উপায় হ’ল ভাত ঘেলঘেলিয়াকৈ(Rice gruel) বনোৱা মণ্ড একাপকৈ যদি দিনে দুবাৰ খোৱা হ’য়। লগত অন্য একো খাব নালাগে। কেঁচা আলু ৰস খালেও উত্তম ফল পোৱা যায়। মাত্ৰাটো হ’ল আহাৰ খোৱাৰ আধা ঘন্টা আগতে আধাকাপ ৰস দিনে ২ বা ৩ বাৰ। (৩) নহৰু বাকলি নোগুচোৱাকৈ ক’ম জুইত তেল নিদিয়াকৈ ভাজিঁ ল’ব লাগে।তাৰ পিচত বাকলি এৰুৱাই ভালকৈ চোবাই খাই এগিলাচ পানী খাব লাগে। (৪) গাখীৰ ভালকৈ ঘূটি বাটাৰ মিল্কখিনি ল’ব লাগে।ইয়াৰ লগত কেচাঁ জিৰা গুৰি মিহলাই প্ৰতি নিশা খাব লাগে। (৫) পেটটোক জিৰণি দিবলৈ খাদ্যৰ সৈতে কেৱল গৰমপানীহে খাব লাগে। ই পেটৰ ভিতৰত toxic condition অৰ ফলত হোৱা জ্বলনি-পোৰণিক ক্ষান্ত কৰাৰ লগতে পায়খানা কোমল আৰু খোলোচা কৰাত সহায় কৰে। (৬) যি অতিকৈ কোষ্ঠকাঠিন্যতাত ভূগিছে তেওঁ গৰমপানীৰ এনিমা (enema) ল’ব লাগে(পায়ূয়েদি পেটৰ ভিতৰলৈ inject কৰা এক পদ্ধতি)। (৭)গৰমপানী বটলত ভৰাই বা অন্য কিবা ব্যৱস্থাৰে পেটৰ ওপৰত গৰম সেক ল’ব লাগে। ই পেটৰ ভিতৰখনক উত্তেজিত কৰি পায়খানা খোলোচা হোৱাত সহায় কৰিব। পায়খানা খোলোচা হ’লে এই সমস্যা বহুখিনি আতঁৰি যায়।(৮) প্ৰনায়াম,যোগাসন, খৰকৈ খোজঁকঢ়া,সাতুঁৰা ধৰণৰ ব্যায়াম বোৰ কৰিব লাগে। পৱনমুক্তাসন গেছট্ৰাইটিছৰ এটা উত্তম আসন। (নাজানিলে কাৰোবাৰ পৰা শিকি ল’ব)।(৯) দিনটোত অতি কমেও ৮-১০ গিলাচ পানী খাব লাগে। আহাৰৰ সতে পানী খোৱাৰ অভ্যাস বাদ দিয়ক। অন্তঃত আহাৰৰ আগত বা আহাৰৰ আধা ঘন্টামান পিচতহে পানী খাওঁক। আহাৰৰ সতে পানী খালে পানীয়ে আহাৰ হজম কৰা অম্লখিনিক পনীয়া কৰি দিয়ে আৰু আহাৰক উপঙাই দি হজমৰ প্ৰক্ৰিয়াক লেহেম কৰি তোলে।(১০) আহাৰত শাক-পাচলি বৃদ্ধি কৰক।ফলমূল,বাদামজাতীয় খাদ্যবোৰক প্ৰধান্য দিয়ক।শাক-পাচলি কাটি কূহুমীয়া গৰম পানীত নিমখ দি অন্তঃত ২ ঘন্টা তিয়াই ৰাখক। পিচত ভালকৈ ধূইহে বনাব। লিখক: ইমৰান হুছেইন