চিকিৎসা বিজ্ঞানীসকলৰ মতে, মধ্যবিত্ত শ্ৰেণীৰ মানুহে অতি ভোজন কৰে। অৰ্থাৎ স্বাস্থ্যৰ ৰক্ষাৰ বাবে যিমান পৰিমাণৰ আহাৰৰ প্ৰয়োজন, তাতকৈ বেছিকৈপেটলৈ পঠিয়ায়। কিন্তু স্বাস্থ্য ৰক্ষাৰ প্ৰধান নিয়মটোৱে হ’ল কেতিয়াও সম্পূৰ্ণ ভোক পলুৱাই খাব নালাগে।

এনে অভ্যাসে বহু বেমাৰৰ পৰা আঁতৰত ৰাখে। পেট ভৰাই আহাৰ খোৱাৰ পৰিৱৰ্তে দিনটোত কম কমকৈ পাঁচবাৰমান আহাৰ খাব লাগে।

আনহাতে, আমি যদি ভাত-দাইল আৰু বিভিন্ন ধৰণৰ শাক-পাচলিৰ লগতে বতৰৰ ফল-মূল খাওঁ, তেতিয়া শৰীৰত কোনো ধৰণৰ ভিটামিনৰ অভাৱ নঘটে। দৈনন্দিন আহাৰতে সকলো ধৰণৰ ভিটামিন পোৱা যায়।

সৰ্বসাধাৰণ মানুহে বিশ্বাস কৰে যে মাজে মাজে উপবাস দিলে পেটটো ভালে থাকে। কিন্তু চিকিৎসা বিজ্ঞানে এই কথা বিশ্বাস নকৰে। মানুহৰ শৰীৰৰ কিছুমান অংগ জন্মৰ পৰা মৃত্যুপৰ্যন্ত অবিৰাম গতিত চলি থাকে। ইয়াৰ ভিতৰত হৃদপিণ্ড আৰু পাকস্থলী অন্যতম।

এই অংগবোৰ শৰীৰত এনেধৰণৰ কাম কৰাৰ উপযোগী কৰিয়ে গঠন হৈছে। সেয়ে উপবাসৰ অভ্যাসে এই অহৰহ কাম কৰি থকা অংগবোৰৰ ক্ষতিহে কৰে।

আহাৰ খোৱাৰ প্ৰথম নিয়মটোৱে হৈছে পৰিষ্কাৰ আৰু আনন্দদায়ক পৰিৱেশত খাবলৈ বহিব লাগে। মনত অযথা চিন্তা লৈ খৰধৰকৈ আহাৰ খোৱা অনুচিত। আহাৰ খোৱাৰ আগতে হাত দুখন ভালদৰে চাবোনেৰে ধুব লাগে- যাতে হাতত লাগি থকা বেমাৰৰ বীজাণু পেটলৈ নাযায়।

আহাৰ সদায় লাহে লাহে চোবাই খাব লাগে। এটা কথা মনত ৰখা উচিত যে আহাৰ গুড়ি কৰাৰ বাবে দাঁত দুপাৰি আমাৰ মুখতহে আছে, পেটত নাই।

সেয়েহে আহাৰ সদায় পেটলৈ পঠাওঁতে সহজে হজম কৰিব পৰাকৈ পঠাব লাগে। খৰধৰকৈ খোৱা মানুহৰ শৰীৰৰ ওজন বেছি হয়।

আনহাতে, তেওঁলোকৰ বহুমূত্ৰ ৰোগ হোৱাৰ সম্ভাৱনাও বেছি। আহাৰ খোৱা আধা ঘন্টা পিছতহে পানী খাব লাগে।

উৎস: নিয়মীয়া বাৰ্তা