সুন্দৰ আৰু কান্তিময় চেহেৰাৰ বাবে মূল্যবান প্ৰসাধন সামগ্ৰীৰ সলনি আহাৰ্য দ্ৰব্য ব্যৱহাৰ কৰিব পাৰি। দেহ সৌন্দৰ্যৰ বাবে পুষ্টিকৰ আহাৰ আৰু বিশুদ্ধ পানী সেৱন অতি আৱশ্যকীয়। ইয়াৰ লগতে বিশুদ্ধ বায়ু সেৱন, ঋণাত্মক চিন্তা-ভাৱনা মনৰ পৰা আতঁৰাই পেলোৱা, আৰাম দায়ক বস্ত্ৰ পৰিধান কৰা, লঘু ব্যায়াম কৰা আৰু মছলা যুক্ত আহাৰ পৰিহাৰ কৰা উচিত। গাৰ ৰং উজ্জ্বল কৰি ৰাখিবলৈ পুৱা কেচাঁ গাখীৰ ছালত সানিব লাগে আৰু সামান্য শুকোৱাৰ পিছত নিমখেৰে ঘঁহিব লাগে। ইয়াৰ ফলত ছালত জমা হোৱা ময়লা আৰু মৃত কোষ ওলাই আহিব। ইয়াৰ পিছত কুহুমীয়া পানীৰে ধুই নেমু আৰু মৌৰ মিশ্ৰণ গোটেই গাত সানি কুহুমীয়া পানীৰে গাটো ধুই পেলাব লাগে। আধা চামুচ চিৰঞ্জী (বাদাম জাতীয় ফল) দুচামুচ গাখীৰত তিয়াই পেষ্ট তৈয়াৰ কৰি ছালত লগাব লাগে আৰু শুকাই গ’লে কুহুমীয়া পানীৰে ধুই পেলাব লাগে। নিয়মিত ডেৰ মাহ কৰাৰ পিছত ছাল চক্চকীয়া উজ্জ্বল হৈ পৰে। শুকান ছালো ই মোলায়েম কৰি তোলে। বেচন, হালধি, নেমু, দৈ আৰু গোলাপ জল মিহলাই লেপন তৈয়াৰ কৰি সপ্তাহত এবাৰ লগাব লাগে। এই লেপন ফেচপেক হিচাপে ব্যৱহাৰ কৰি অথবা সমগ্ৰ শৰিৰৰ ছালত সানি গাটো ধুই পেলাব। এই লেপন তৈলাক্ত ত্বকৰ বাবে বিশেষ ভাৱে উপকাৰী। যৱ ধানৰ আটা, পিহা হালধী আৰু সৰিয়হৰ তেল পানীৰ সৈতে মিশ্ৰিত কৰি প্ৰতি দিনে শৰীৰত মালিচ কৰি গৰম পানীৰে গাটো ধুই পেলালে ক’লা ছাল উজ্জ্বল হৈ পৰে। এমুঠি যৱ ধানৰ আটা এখন ৰুমালত বান্ধি লৈ কেচাঁ গাখীৰত তিয়াই গা ধোৱাৰ আগেয়ে সপ্তাহত কমেও তিনি দিন মলইচ কৰিলে ছালৰ ৰং উজ্জ্বল হয় আৰু ছালৰ অপৰিষ্কাৰ ভাব আতঁৰে। প্ৰত্যেক দিনে স্নানৰ সময়ত এই বিধি প্ৰয়োগ কৰিবলি বিশেষ অসুবিধা নহয়। চাৰি চামুচ মুলতানি মাটি, দুচামুচ মৌ, দুচামুচ দৈ আৰু এচামুচ নেমুৰ ৰস মিহলাই ছালত লগাই আধা ঘণ্টা থৈ দিব লাগে। ইয়াৰ পিছত কুহুমীয়া পানীৰে গাতো ধুই বৰফ ঘঁহিব লাগে। ছাল খন কোমল আৰু উজ্জ্বল কৰাত সহায় কৰে। তিঁয়হৰ ৰসেও ছালৰ ক’লা ভাব দূৰ কৰে। কেৱল তিয়ঁহৰ ৰসো ছালত লগাব পাৰি। অথবা মৌৰ দৰে অন্য যৌগ মিশ্ৰণ কৰিও লগাব পাৰি। দুচামুচ তিয়ঁহৰ ৰস আধা চামুচ নেমুৰ ৰস আৰু এচিকুট হালধি মিশ্ৰণ কৰি মুখত লগাই আধা ঘণ্টাৰ পিছত ধুই পেলাব লাগে। ছালৰ বিভিন্ন দাগ নিৰাময় আহাৰ্য সামগ্ৰীৰে ছালত পৰা দাগ নিৰাময় কৰিব পাৰি। ইয়াৰ বাবে প্ৰয়োজনীয় কেই পদ আহাৰ্য দ্ৰব্য এনে ধৰণৰ– বিলাহী (১) নিতৌ ৰাতিপুৱা এগিলাচ বিলাহীৰ ৰসত নিমখ, জিৰা আৰু জালুকৰ গুৰি মিহলাই খাব লাগে আৰু ছালত ছালত নাৰিকলৰ পানী লগাব লাগে। (২) ছালৰ ক’লা দাগ আতঁৰাবলৈ বিলাহীৰ ৰসত গাজৰ তিয়াই দাগ পৰা ঠাইত ঘঁহিব লাগে। আলু আলু সিদ্ধ কৰি বাকলি ছালত ঘঁহিলে শালমইনাত উপকাৰ পোৱা যায়। জায়ফল (১) জায়ফল কেচাঁ গাখীৰত তিয়াঁই দহটা জালুকৰ সৈতে পিহি শালমইনা হোৱা ঠাইত লগালে শালমইনা নিৰাময় হয়। নেমু (১) নমুৰ বাকলি শুকুৱাই গুৰি কৰি ডিঙি আৰু কান্ধত সানিলে সেই অংশৰ ক’লা ভাব আতঁৰে। (২) নেমুৰ ৰস আৰু মৌ মিহলাই সানিলে ছালৰ হেৰুওৱা উজ্জ্বলতা ঘূৰি আহে। (৩) নেমুৰ ৰস, গাখীৰৰ সৰ আৰু সামান্য বেচন মিহলাই সানিলে ছাল মসৃণ হয়। (৪) সুমথিৰা টেঙাৰ গুটি সুকুৱাই চূৰ্ণ কৰি লৈ ইয়াৰ সৈতে নাৰিকল তেল আৰু সামান্য গোলাপ জল মিহলাই সানিলে ছাল কোমল হয়। (৫) নেমু অথবা সুমথিৰা গুটিৰ চূৰ্ণ গাখীৰৰ সৈতে মিহলাই সানিলেও ছালৰ বিভিন্ন দাগ আতঁৰে। ছাল চাফা কৰা মাস্ক এক ডাঙৰ চামুচ মুলতানি মাটি, তিনি ডাঙৰ চামুচ দৈ, এক চাহ চামুচ মৌ মিহলাই লেপন তৈয়াৰ কৰি ছালত লগাব লাগে। ইয়ে ছাল খন অভ্যন্তৰৰ পৰা চফা কৰি আনে। ছালৰ মৃতকোষ আৰু ময়লা আতঁৰায়। তৈলাক্ত ছালৰ বাবে মাস্ক এক ডাঙৰ চামুচ মুলতানি মাটি, তিনি ডাঙৰ চামুচ সুমথিৰাৰ ৰস মিহলাই লগাব লাগে। এই লেপনে ছালৰ অতিৰিক্ত তেল ভাব আতঁৰোৱাৰ লগতে ছালৰ বিভিন্ন দাগ নাইকিয়া কৰে। ডিপ ক্লিনজিং মাস্ক এক ডাঙৰ চামুচ বুটৰ গুৰিৰ সৈতে গাখীৰ মিহলাই মুখত মালিচ কৰিব লাগে। বিছ মিনিট পিছত মুখ খন ধুই পেলাব লাগে। ইয়াৰ পিছত দুঘণ্টা সময় মুখত কোনো ধৰণৰ মেক-আপ লগাব নালাগে। প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা তৈয়াৰ কৰা এনে ধৰণৰ মাস্ক হানিকাৰক নহয়। মাস্ক লগোৱাৰ সময়ত পাতল ভাৱে ছালত যি মালিচ কৰা হয় তাৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু ছাল সতেজ যেন হৈ পৰে। হালধি (১) বটি লোৱা হালধি আৰু ক’লা তিল সমান মাত্ৰাত পিহি লৈ এচামুচ পানী মিহলাই মুখত সানি ৰাতি শুই থাকিব লাগে। ৰাতিপুৱা মুখ খন ধুই পেলালে মুখৰ ক’লাচোম আতঁৰে। (২) গাখীৰৰ সৰৰ সৈতে হালধি মিহলাই সানিলেও ছালত পৰা ক’লাচোম, শালমইনাৰ দাগ আতঁৰে। অৱশ্যে ই শুকান ছালৰ বাবেহে উপযোগী। নিম ছালত হোৱা ফোঁহা, ব্ৰ্ণ আদিৰ দাগ আঁতৰাবলৈ নিম গছৰ পাত পিহি লগাব লাগে। দৈ ছাল শুকান, অমসৃণ হৈ পৰিলে ঠায়ে ঠায়ে চোম পৰাৰ দৰে দাগ হ’লে অথবা শালমইনাৰ বাবে ছালৰ সৌন্দৰ্য হ্ৰাস পালে মুখ আৰু দেহৰ ছালত দৈ মালিচ কৰিব। শুকাবলৈ ধৰিলে গাটো ধুই পেলাব। তুলসী তুলসীৰ পাত বটি সামান্য নেমুৰ ৰস মিহলাই লেপন লগালে ছালত পৰা ক’লা দাগ আতঁৰে। সুমথিৰা সুমথিৰাৰ বাকলি শুকুৱাই গুৰি কৰি পানী মিহলাই ছালত ঘঁহিলে ছাল মোলায়েম হৈ পৰে। পানী লাউ পানী লাউৰ সতেজ বাকলি পিহি লৈ ছালত সানিলেও ছাল উজ্জ্বল হয়। মেথি মেথি গছৰ পাত পিহি লেপন লগালে ছালৰ দাগ নাইকিয়া হয়। পাত সংগ্ৰহ কৰিবলৈ অসুবিধা হ’লে মেথি দানা গাখীৰত তিয়াই পিহি লগালেও একে ফল পোৱা যায়। সৰিয়হ চাৰি চামুচ সৰিয়হ ৰাতি পানীত এনেদৰে তিয়াই থওক যাতে সৰিয়হ খিনিয়ে পানী খিনি শুহি লয়। ইয়াৰ পিছত সমান পৰিমাণৰ চিৰঞ্জী গাখীৰেৰে সৈতে মিহলাই পিহি গাত সানক। ছাল চক্চকীয়া হৈ পৰিব। নেমু, গাখীৰ এচামুচ নেমুৰ ৰসৰ লগত এচামুচ গাখীৰ মিহলাই ৰাতি ডিঙিত সানি পোন্ধৰ মিনিট পিছত ধুই পেলাব লাগে। ডিঙিৰ ছাল চফা আৰু মোলায়েম হৈ পৰে। নেমুৰ ৰস দুচামুচ সামান্য গাখীৰৰ সৰ আৰু বেচন বা ময়দা মিহলাই ছালত সানিলে ছালৰ উজ্জ্বলতা বাঢ়ে। তিয়ঁহ-নেমু তৈলাক্ত ছালৰ পৰা অতিৰিক্ত তেল ভাৱ দূৰ কৰিবলৈ চাৰি টুকুৰা তিয়ঁহ পিহি ৰস উলিয়াই আধা চামুচ নেমুৰ ৰস আৰু আধা চামুচ গোলাপ জল মিহলাই ১৫ মিনিট সময় ছালত লগাই থ’ব লাগে। অনুজ্জ্বল হৈ পৰা তেলেতীয়া ছালৰ বাবে উপযোগী। বুট, গাখীৰ, হালধি আধা কাপ গাখীৰত দুই ডাঙৰ চামুচ দাইল ৰাতিটো তিয়াই থৈ ৰাতিপুৱা পিহি পেলাব লাগে। গাখীৰ খিনি মিহলাই তাত সামান্য হালধি আৰু ছয় ফোটা নেমুৰ ৰস মিহলাই ছালত সানিব লাগে। এই পেক সপ্তাহত তিনি বাৰ লগাব লাগে। সুমথিৰাৰ পেক দুচামুচ সুমথিৰাৰ শুকান বাকলিৰ গুৰি, দুচামুচ বেচন, এচামুচ দৈ, এচামুচ গাখীৰ, এচামুচ গোলাপ জল, এচামুচ নাৰিকল তেল আৰু সামান্য নেমুৰ ৰস ভালকৈ ঘূটি লৈ ছালত সানি শুকাবলৈ দিব লাগে। ইয়াৰ পিছত ঘিউ সানিব লাগে। সপ্তাহত তিনি দিনকৈ দুমাহ এই পেক লগালে ছাল পৰা সকলো ধৰণৰ দাগ দূৰ হয়। ১০০ গ্ৰাম সুমথিৰাৰ বাকলি ছাঁত শুকুৱাই মিহি চূৰ্ণ কৰি সমান মাত্ৰাত বজৰাৰ আটা, দহ গ্ৰাম হালধি, সামান্য নেমুৰ ৰস- এই সকলোবোৰ পানীৰে আটাৰ দৰে মথি লৈ গাত ঘঁহিব লাগে। ছাল মসৃণ, কোমল হৈ পৰাৰ লগতে ৰ’দে পোৰা দাগ আতঁৰে। দৈ ৰ’দৰ কু-প্ৰভাৱ আতঁৰআবৰ বাবে দৈ এবিধ ভাল উপায়। সুমথিৰাৰ ৰসৰ সৈতে দৈ মিহলালে এবিধ উৎকৃষ্ট ক্লিনজাৰ হৈ পৰে। শালমইনা হ’লে দৈৰ সৈতে চাউলৰ গুৰি মিহলাই লগাব লাগে। মুলতানি মাটি মুলতানি মাটি অতি মিহিকৈ চূৰ্ণ কৰি পানীৰে মিহলাই এটি লেপ তৈয়াৰ কৰি সপ্তাহত দুদিন মুখত সানিলে ছালৰ সতেজ ভাব ঘূৰি আহে। মচুৰ মচুৰ দাইল ৰাতি তিয়াই থৈ পিছদিনা মিহিকৈ বটি সৰু এচামুচ দৈৰ সৈতে মিহলাই ছালত সানিব লাগে। শুকাই যোৱাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাব লাগে। চয়াবিন আৰু মচুৰ দাইল তিনি চামুচ কৈ ৰাতি তিয়াই থৈ পিছদিনা মিহিকৈ পিহি কেচাঁ গাখীৰৰ লগত মিহলাই সানিব লাগে। মচুৰ দাইল ঘিউত ভাজি গুৰি কৰি থৈ দিব লাগে। পুৱা-গধুলি গাখীৰৰ সৈতে এই গুৰি মিহলাই কেইদিন মান একেৰাহে মুখত সানিলে ছাল উজ্জ্বল হৈ পৰে। অলপ মচুৰ দাইল, গোলাপৰ শুকান পাপৰি কেইটা মান আৰু চন্দৰ গুৰি অলপ ৰাতি তিয়াই থৈ ফুলি উঠাৰ পিছত মিহিকৈ পিহি ল’ব লাগে। ইয়াৰ পিছত মিহিকৈ পিহি ল’ব লাগে। ইয়াৰ পিছত পাতলকৈ এই মিশ্ৰণ গাৰ ছালত ঘঁহি ঘঁহি এৰুৱাই পেলাব লাগে। ইয়াৰ পিছত আধা ঘণ্টা সময় পাতল ৰ’দত থাকি কুহুমীয়া পানীৰে গাটো ধুই পেলাব লাগে। মূলা সতেজ মূলা পিহি কাপোৰত চেকি ৰস উলিয়াই ইয়াৰ সৈতে সমান মাত্ৰাৰ মাখন মিহলাই ল’ব লাগে। ঘৰুৱা লোচন এটি তৈয়াৰ হ’ব। গা ধোৱাৰ আগতে গোটেই শৰীৰত এই লোচনৰ লেপন লগাই কিছু সময় পিছত গাটো ধুই পেলাব লাগে। কল এটা পকা কল মিহিকৈ ফেটি তাৰ লগত দুচামুচ গোলাপ জল, চাৰি ফোটা গ্লিচাৰিণ মিহলাই ল’ব লাগে। ছাল শুকান হ’লে মেক-আপ কৰাৰ আগতে মুখত এই মিশ্ৰণেৰে মালিচ কৰি কুহুমীয়া পানীৰে মুখ খন ধুই পেলাব লাগে। আলু মুখত চোম পৰিলে বা শালমইনাৰ দাগ থাকিলে কেচাঁ আলু, গ্লিচাৰিণ তিনি ফোটা, গোলাপৰ পাপৰি কেইটামান পিহি লৈ তিনি মিনিট সময় দাগৰ ওপৰত ঘঁহিব লাগে। কিছুদিন ধৰি এই মিশ্ৰণ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। চাউল চাউলৰ গুৰি পানীৰে মিহলাই লৈ পেষ্ট তৈয়াৰ কৰি সামান্য চন্দনৰ গুৰি, পিহা হালধি আৰু দুচামুচ গোলাপ জল ঢালি ভালদৰে ফেটি ল’ব লাগে। ইয়াৰ পিছত আধা ঘণ্টা সময় ৰ’দত থৈ দিব লাগে। মেক-আপ কৰাৰ আধা ঘণ্টাৰ আগতে এই মিশ্ৰণ ঘঁহি ঘঁহি লগাব লাগে। ইয়াৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাব লাগে। অমিতা অমিতাত থকা খনিজ লৱণে ছালৰ অতিৰিক্ত তেল আতঁৰ কৰাত সহায় কৰে। পকা অমিতাৰ সাহ মিহিকৈ পিহি পেষ্ট তৈয়াৰ কৰি গাত ঘঁহি পোন্ধৰ মিনিট পিছত কুহুমীয়া পানীৰে ধুই পেলাব লাগে। যদি ছাল শুকান হয় তেন্তে অমিতাৰ শাহৰ সৈতে গোলাপ জল, চন্দনৰ গুৰি আৰু হালধি মিহলাই ল’ব লাগে আৰু ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। গাজৰ গাজৰ পিহি ৰস উলিয়াই চন্দনৰ গুৰি, বেচন আৰু গোলাপ জল মিহলাই পেষ্ট তৈয়াৰ কৰি ছালত ঘঁহি কিছু সময়ৰ পিছত ধুই পেলাব লাগে। শাৰীৰিক সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰা এনে ধৰণৰ ঘৰুৱা উপাদানৰ এটা বিশেষ বৈশিষ্ট্য এয়ে যে ই অত কম খৰচী আৰু সহজলভ্য। তদুপৰি এই দ্ৰব্যৰে তৈয়াৰ কৰা মিশ্ৰণৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। লেখিকা: ৰেবা বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন