বিষ মানৱ জীৱনৰ নিত্য সংগীৰ দৰে। প্ৰায় সকলো মানুহে জীৱনৰ কোনোবা সময়ত এবৰলৈ হ’লেও বিষৰ অভিজ্ঞতালাভ কৰে। বিষ স্বয়ং কোনো ৰোগ নহয়, ৰোগৰ উপসৰ্গহে মাথোন। বিভিন্ন ধৰণৰ বিষৰ ভিতৰত মূৰৰ বিষ অন্যতম। মূৰৰ বিষৰ কাৰণ- প্ৰকৃতি, স্থিতি আৰু ৰোগীৰ অৱস্থা অনুসৰি চিকিৎসা কৰিলে ৰোগ দূৰ হয়। মূৰৰ বিষত আহাৰৰ এক ভূমিকা আছে। স্নেহ যুক্ত পদাৰ্থ কমকৈ সেৱন কৰিলে চকু ঢেলা হয়, মস্তিষ্কৰ ৰুক্ষতা উৎপন্ন হয় আৰু ইয়াৰ বাবে মূৰৰ বিষ হয়। এনে বিষত মাখন, ঘিউ আদি চৰ্বিযুক্ত পদাৰ্থ অধিক মাত্ৰাত সেৱন কৰিলে সুফল পোৱা যায়। শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ ফলত সৃষ্টি হোৱা মূৰৰ বিষত পৰ্যাপ্ত জিৰণিয়ে বিষ দূৰ কৰে। টোপনি সকলো ধৰণৰ বিষয় এক মহৌষধ। অনিদ্ৰা, কোষ্ঠ কাঠিন্য, অম্লপিত্ত আদি বিভিন্ন কাৰণত হোৱা মূৰৰ বিষত নিম্ন লিখিত দ্ৰব্যবোৰ ব্যৱহাৰ কৰিব পাৰি। ইউকেলিপ্টাচ অইল জ্বৰৰ বাবে হোৱা মূৰৰ বিষয়ত এই বিধ তেল কপালত মালিচ কৰিলে আৰাম পোৱা যায়। নেমু গাখীৰ নিদিয়া চাহত নেমু ৰস চেপি খাব লাগে। নমু গছৰ পাত সৰু সৰু কৈ কুটি বা ৰস উলিয়াই শুঙিলে মূৰৰ বিষত ভোগা লোকৰ বিষ দূৰ হয়। আপেল এটা বা দুটা আপেল নিমখ সানি ৰাতিপুৱা খালী পেটত খাব লাগে। ইয়াৰ পিছত গৰম পানী বা গৰম গাখীৰ খাব লাগে। এনেদৰে ২০ দিন মান খালে ৰোগ আৰো৯গ্য হয়। নাৰিকল শুকান নাৰিকলৰ গুৰি আৰু মিচিৰি ৰাতিপুৱা সূৰ্য উঠা আগতে খালে মূৰৰ বিষ নহয়। গাজৰ গাজৰৰ ৰস ১৮৫ গ্ৰাম, বীট পালেঙৰ ৰস ১৫০ গ্ৰাম, তিঁয়হৰ ৰস ১২৫ গ্ৰাম খালে মূৰৰ বিষ ভাল হয়। তেতেলি ৫০ গ্ৰাম তেতেলি এগিলাচ পানীত তিয়াই ভালদৰে মথি চেনি মিহলাই চেকি ৰাতিপুৱা-গধূলি খালে গৰমৰ বাবে হোৱা মূৰৰ বিষ ভাল হয়। ফালচা পিত্ত প্ৰকোপৰ বাবে হোৱা মূৰৰ বিষত চৰবত পুৱা-গধূলি খালে সু-ফল পোৱা যায়। পিঁয়াজ সকলো ধৰণৰ মূৰৰ বিষ- বিশেষকৈ প্ৰচণ্ড গৰমৰ বাবে হোৱা বিষত পিঁয়াজ পিহি ভৰিত লগাব লাগে আৰু ইয়াৰ ৰস শিঙিব লাগে। নহৰু আধকপালি ৰোগত নহৰু পিহি কাণৰ পতাত লগাব লাগে। নহৰুৰ এনে লেপন সাৱধানে লগাব লাগে যাতে ঠাই টুকুৰা ফুলি নাযায়। অলপ সময় লগাই ঠাই খিনি ধুই চাফা কৰি পেলাব লাগে। যিফালে মূৰৰ বিষ হয় সেই অংশত দুয়োটা নহৰুৰ ৰস লগাব লাগে আৰু দুয়োটা নহৰু চোবাই খাব লাগে। উৰদ গৰমৰ বাবে হোৱা মূৰৰ বিষত এই বিধ দাইল পিহি লেপন লগাব লাগে। ঘিউ ৰাতি শোৱাৰ সময়ত ভৰিৰ তলুৱাত ঘিউৰে মালিচ কৰিলে হঠাত হোৱা মূৰৰ বিষ ভাল হয়। সৰিয়হৰ তেল ঠাণ্ডা পানী বা বতাহ আদিৰ বাবে হোৱা মূৰৰ বিষত নাক, কাণ, নাভি আৰু হাত-ভৰিৰ তলুৱাত সৰিয়হৰ তেল মালিচ কৰিব লাগে। চাহ যেতিয়া নাকেৰে পানী বয় আৰু ঠাণ্ডাৰ বাবে মূৰৰ বিষ হয় তেতিয়া গৰম চাহ বা কফি খালে আৰাম পোৱা যায়। চফ এচামুচ চফ চোবাই গাখীৰ খাব লাগে। পুৰণি মূৰৰ বিষৰ ৰোগীয়ে নিতৌ দুবাৰকৈ খাব লাগে। ঘেঁহু ঘেঁহুৰ আটা জুইত পেলাই ইয়াৰ ধোঁৱা শুঙিব লাগে। ইয়াৰ দ্বাৰা চৰ্দি, জ্বৰ, চাইনাচাইটিচ, সুৰ্যোদয়ৰ সময়ত হোৱা মূৰৰ বিষ ভাল হয়। এনে ধোঁৱা পুৱা-গধুলি তিনি মিনিট সময় শুঙিব লাগে। লং (১) লং পিহি লেপন লগালে মূৰৰ বিষ শীঘ্ৰে নোহোৱা হয়। ইয়াৰ তেলো লগাব পাৰি। (২) পাঁচটা লং পিহি একাপ পানীত উতলাই আধা কাপ হ’লে নমাই লৈ চেনি মিহলাই খালে মূৰৰ বিষ ভাল হয়। হিং চৰ্দিৰ বাবে হোৱা মূৰৰ বিষত হিং পানীত গুলি কপালত লেপন লগাব লাগে। জালুক তিনিটা মান ডাঙৰ বেজী এটাত বিন্ধাই লৈ জুইত পুৰি ইয়াৰ ধোঁৱা শিঙিব লাগে।ইয়াৰ দ্বাৰা বাতজ মূৰৰ বিষ ভাল হয়। পদিনা পদিনা পিহি কপা, কাণৰ লতিত লেপন লগাব লাগে। ধনিয়া গৰমৰ বাবে হোৱা মূৰৰ বিষত (১) শুকান ধনিয়া ১০ গ্ৰাম, গুটি নথকা শুকান আমলখি ৫ গ্ৰাম, এটা মাটিৰ পাত্ৰত এগিলাচ পানীত ৰাতি তিয়াই থ’ব লাগে। ৰাতিপুৱা বস্ত্ত খিনি ভালকৈ মথি চেকি লৈ পানী খিনি খাব লাগে। (২) মূৰৰ বিষত – বিশেষকৈ অত্যাধিক পিত্তৰ বাবে হোৱা মূৰৰ বিষত ধনিয়া পিহি মূৰত লগালে আশাতীত সুফল পোৱা যায়। (৩) হজমৰ গণ্ডগোল বা আধকপালি ৰোগৰ বাবে হোৱা মূৰৰ বিষত শুকান আদা পানীৰে সৈতে পিহি সামান্য গৰম কৰি লেপন লগাব লাগে। আৰম্ভণিতে সামান্য গ্বলন হ’লেও মূৰৰ বিষ ভাল হয়। ইলাচি ইলাচি পিহি লেপন লগাব পাৰি বা ইঅয়াৰ চূৰ্ণ শুঙিব পাৰি। তেজপাত ডালেৰে সৈতে তেজপাত মিহিকৈ পিহি লেপন লগালে মূৰৰ বিষ ভাল হয়। জাইফল চৰ্দিৰ বাবে হোৱা মূৰৰ বিষত জাইফল পিহি কপালত লেপন লগাব পাৰে। দালচেনি দালচেনি পানীৰে সৈতে পিহি কাণৰ লতিত লেপন লগালেও সুফল পোৱা যায়। তুলসী তুলসীৰ পাত ছাঁত সুকুৱাই পিহি লৈ ইয়াৰ গোন্ধ শুঙিব লাগে আৰু তুলসীৰ পাতৰ ৰসৰ সৈতে সমান মাত্ৰাত নেমুৰ ৰস খাব লাগে। তৰমুজ গৰমৰ বাবে মূৰৰ বিষ হ’লে তৰমুজৰ শাহ খিনি পাতল কাপোৰ এখন লৈ ৰস খিনি চেপি উলিয়াই মিচিৰি মিহলাই খাব লাগে। মাইগ্ৰেন বা আধকপালী এই ধৰণৰ বিষ সাধাৰণতে মূৰৰ এফালে হয়। এই ধৰণৰ বিষ পোন্ধৰ দিনৰ পৰা এমাহৰ অন্তৰে অন্তৰে তীব্ৰ ভাৱে হয় আৰু প্ৰথমতে মূৰৰ এটা অংশত আৰম্ভ হৈ মূৰৰ সম্পূৰ্ণ এফাল আক্ৰান্ত হয়। কেতিয়াবা গোটেই মূৰটো আৰু কান্ধ লৈকে বিষ বিয়পি পৰে। এনে ধৰণৰ মূৰৰ বিষত টানকৈ কাপোৰ বান্ধি, নিৰিবিলি ঠাইত শুই, মালিচ কৰি কিছু আৰাম পোৱা যায়। এনে ৰোগীয়ে অধিক শ্ৰ্ম, কোষ্ঠ কাঠিন্য, অজীৰ্ণ আদি এৰাই চলিব লাগে। তেল, ঘিউত ভজা বস্ত্ত, চাহ, কফি আদি উত্তেজক দ্ৰব্য সেৱন কৰা অনুচিত। চকুত বেছি জোৰ পৰিবলৈ দিব নালাগে। তলত দিয়া খাদ্য দ্ৰব্য বোৰ এনে ধৰণৰ মূৰৰ বিষৰ বাবে উপকাৰী। আঙুৰ আঙুৰৰ ৰস নিতৌ একাপ সূৰ্য উঠাৰ আগতে খালে এফালে হোৱা মূৰৰ বিষ ভাল হয়। গাখীৰ সূৰ্য উদয়-অস্তৰ সময় অনুসৰি যদি মূৰৰ বিষৰ হ্ৰাস-বৃদ্ধি গ্ঘটে, তেন্তে সূৰ্যোদয়ৰ আগতে গৰম গাখীৰ আৰু জেলেপি আদি মিঠাই খাব লাগে। দৈ যদি মূৰৰ বিষ ৰ’দ উঠাৰ পিছত লাহে লাহে বৃদ্ধি হ’বলৈ ধৰে তেন্তে (১) পুৱা সূৰ্যোদয়ৰ আগতে দৈ-ভাত মিহলাই খাব লাগে। (২) দৈ, ভাত আৰু মিচিৰি মিহলাই খাব লাগে। ঘিউ আঠকপালী বিষত ঘিউঅৰ গোন্ধ শুঙিব লাগে। হিং হিং পানীত গুলি লৈ শুঙিব আৰু কপালত লেপন লগাব লাগে। নিমখ আধা চামুচ নিমখ, আধা চামুচ মৌ মিহলাই খালে আশাতিত সুফল পোৱা যায়। শুকান আদা শুকান আদা পানীত তিয়াই পিহি লৈ কপালত লেপন লগাব লাগে। সৰিয়হৰ তেল মূৰৰ যিটো ফালে মূৰৰ বিষ হয় সেই ফালৰ নাকৰ ফুটাত চাৰি টোপাল সাৰিয়হৰ তেল লৈৰ্নাকেৰে উজাব লাগে। গুড় ১২ গ্ৰাম গুড়, ৬ গ্ৰাম ঘিউ মিহলাই খাব লাগে। জালুক জালুক ১২ গ্ৰাম চোবাই খাই ৩০ গ্ৰাম ঘিউ খাব লাগে। মৌ কেতিয়াবা তীব্ৰ মূৰৰ বিষত ৰোগীয়ে বমি কৰে আৰু ইয়াৰ পিছত ৰোগীয়ে আৰাম পায়। নিতৌ আহাৰ খোৱাৰ সময়ত দুচামুচ মৌ খালে এনে ধৰণৰ বিষ নহয় কেতিয়াবা বিষ হ’লেও দুচামুচ মৌ খালে বিষ ভাল হয়। তুলসী পুৱা-গধূলি তুলসীৰ সতেজ পাত পিহি মৌ মিহলাই খাব লাগে। চেনি ৬০ গ্ৰাম চেনি, ১৫০ গ্ৰাম পানীত মিহলাই খাব লাগে। আঠুঁৰ বিষ তিয়ঁহ আঠুঁৰ বিষ দূৰ কৰিবলৈ আহাৰত অধিক মাত্ৰাত তিঁয়হ আৰু এফোটা নহৰু খাব লাগে। আলু বিভিন্ন কাৰণত হোৱা আঠুঁৰ বিষত কেঁচা আলু পিহি কেই দিনমান লেপন লগাব লাগে। সৰতোলা গাখীৰ বেছিকৈ সৰতোলা গাখীৰ বা মাখন তোলা গাখীৰ চেনি আৰু গৰুৰ ঘিউ লৈ ভালদৰে মিহলাই গৰম কৰি সামান্য ঘিউ দিয়া আটা মাৰি ৰুটি বনাই ৰাতিপুৱা খালী পেটত খাব লাগে। তেল, অতিৰিক্ত মছলা আৰু টেঙা জাতীয় বস্ত্ত খাব নালাগে। কঁকালৰ বিষ নেমু এচামুচ নেমুৰ ৰস, এচামুচ নহৰুৰ ৰস, দুচামুচ পানী মিহলাই পুৱা-গধুলি খালে কঁকালৰ বিষ ভাল হয়। মেথি কঁকালৰ বিষত মেথি শাক খোৱা ভাল। খেজুৰ কঁকালৰ বিষত পুৱা-গধুলি খেজুৰ খাব লাগে। ঘেঁহু ১২ গ্ৰাম ঘেঁহুৰ ছাইৰ লগত সমান মাত্ৰাত মৌ মিহলাই খালে কঁকাল আৰু গাঁঠিৰ বিষ ভাল হয়। ঘেঁহুৰ ৰুটি এখন বনাই এফালে সেকি এফালে কেঁচাকৈ ৰাখিব। কেঁচা ফালে তিল তেল সানি বিষ হোৱা অংশত বান্ধি দিব লাগে। বিষ ভাল পাব। জাইফল জাইফল পানীৰ সৈতে পিহি লৈ তিল তেল মিহলাই গৰম কৰিব। গৰম হোৱাৰ পিছত ঠাণ্ডা কৰি কঁকালত মালিচ কৰিব লাগে। আদা আদাৰ ৰসৰ লগত ঘিউ মিহলাই খালে কঁকালৰ বিষত আৰাক পোৱা যায়। পেটৰ বিষ বিভিন্ন কাৰণত পেটৰ বিষ হ’ব পাৰে। সাধাৰণতে খাদ্য হজম নহ’লে খাদ্য পেটৰ বিষ হয়। যিকোনো পেটৰ বিষত গৰম পানীৰ সেক ল’লে আৰাম পোৱা যায়। পেটৰ বিষত উপকাৰী বিভিন্ন খাদ্য দ্ৰব্যবোৰ এনে ধৰণৰ- মেথি দুচামুচ মেথি দানা নিমখ মিহলাই গৰম পানীৰে গুলি খাব লাগে। একেৰাহে দহ-বাৰ দিন খালে ভাল ফল পোৱা যায়। চফ চফ আৰু সৈন্ধৱ নিমখ মিহলাই পিহি লৈ গৰম পানীৰে গলিয়াই খাব লাগে। জালুক জালুক, শুকান আদা সমান সমান মাত্ৰাত পিহি পুৱা-গধুলি গৰম পানীৰে খাব লাগে। ৰঙা জলকীয়া ৰঙা জলকীয়া পিহা গুড়ৰ লগত মিহলাই খালে পেটৰ বিষত আৰাম পোৱা যায়। নিমখ এগিলাচ পানীত আধা চামুচ নিমখ মিহলাই খালে শৰীৰৰ ব্যাপ্ত হৈ থকা অনাৱশ্যকীয় তত্ত্ব বাহিৰলৈ ওলাই যায় আৰু পেটৰ বিষ ভাল হয়। সৰু ইলাচি সৰু জাতৰ ইলাচি পিহি মৌৰ লগত মিহলাই খালে পেটৰ বিষত সুফল পোৱা যায়। দালচেনি গেচৰ বাবে পেটৰ বিষ হ’লে সামান্য পৰিমাণে দালচেনি খাব লাগে। অধিক মাত্ৰা হানি কাৰক। পানী ৰাতিপুৱা খালী পেটত গৰম পানী খালে কোষ্ঠ কাঠিন্য, বদ হজমী দূৰ হয়। এই পানীত নেমু চেপি ল’লে গেচ আতঁৰে। ডালিম ডালিমৰ দানাৰ লগত জালুক আৰু নিমখ মিহলাই কমেও দহ দিন খাব লাগে। মৌ কোনো খাদ্যবস্ত্ত খোৱাৰ পিছত যদি পেটৰ বিষ হয় তেন্তে একেৰাহে কিছুদিন মৌ খালে ৰোগ আঁতৰে। নেমু (১) ১২ গ্ৰাম নেমুৰ ৰস, ৬ গ্ৰাম আদাৰ ৰস আৰু ৬ গ্ৰাম মৌ একাপ পানীত মিহলাই খাব লাগে। (২) নেমুৰ ভিতৰত ক’লা নিমখ, জালুক আৰু জীৰা গুড়ি ভৰাই গৰম কৰি দহ-পোন্ধৰ দিন খালে কৃমিৰ বাবে হোৱা পেটৰ বিষ ভাল হয়। আদা (১) শুকান আদাৰ গুৰি এক গ্ৰাম, সামান্য হিং আৰু সৈন্ধৱ লৱণ গৰম পানীৰে খাব লাগে। (২) শুকান আদাৰ গুৰি আৰু সৈন্ধৱ লৱণ এগিলাচ গৰম পানীত মিহলাই খালে বদহজম, কোষ্ঠ কাঠিন্যৰ বাবে হোৱা পেটৰ বিষ ভাল হয়। শিলিখা শিলিখা চূৰ্ণ এচামুচ গৰম পানীৰে খাব লাগে। সপ্তাহত দুবাৰ এনে চূৰ্ণ খালে পাচন তন্ত্ৰ শক্তি শালী হয়। মধুৰিআম পেটৰ বিষত মধুৰীআমৰ কোমল পাত পিহি পানীত মিহলাই খালে আৰাম পোৱা যায়। নহৰু পাঁচ ফোটা নহৰুৰ ৰস নিমখৰ সৈতে মিহলাই খাব লাগে। ধনিয়া (১) পেটৰ বিষত ধনিয়াৰ চৰবত উপকাৰী। একাপ পানীত দুচামুচ ধনিয়া গুটিৰ গুৰি মিহলাই গৰম কৰি খাব লাগে। (২) শিশুৰ বদ হজমৰ বাবে পেটৰ বিষ হ’লে এচামুচ ধনিয়া আৰু চাৰি ভাগৰ এচামুচ শুকান আদা পানীত উতালাইখুৱাব লাগে। পদিনা (১) ৩ গ্ৰাম পদিনা, জিৰা, হিং, জালুক, নিমখ- এই আটাইবোৰ পিহি গৰম পানীৰে খালে পেটৰ বিষ ভাল হয়। (২) শুকান পদিনাৰ গুৰি আৰু সমান মাত্ৰাত চেনি মিহলাই গৰম পানীত মিহলাই খাব লাগে। হিং হিং গৰম পানীত গুলি লৈ নাভিৰ আশে-পাশে লেপন লগাব লাগে আৰু অতি সামান্য পৰিমাণে কোনো খাদ্যবস্ত্তৰ লগত খাব লাগে। মূলা মূলাৰ ৰসত নিমখ আৰু জালুক মিহলাই খালে পেটৰ বিষ ভাল হয়। সৰিয়হ সৰিয়হ পানীৰ সৈতে পিহি পাতল কাপোৰ এখনত থৈ পেটৰ ওপৰত লেপন লগাব লাগে আৰু দহ মিনিট পিছত আতঁৰাই দিব লাগে। আজোৱান বা জনি (১) জনি ২ গ্ৰাম আৰু নিমখ এক গ্ৰাম গৰম পানীৰে খালে পেটৰ বিষ ভাল হয়। (২) ১৫ গ্ৰাম জনি, ৫ গ্ৰাম সৈন্ধৱ লৱণ আৰু আধা গ্ৰাম হিং- তিনিওটাই পিহি এটা বটলত থৈ দিয়ক। পেটৰ বিষ হ’লে আধা চামুচ গৰম পানীৰে খাওক। (৩) দুচামুচ জনি, আধা দুচামুচ জিৰা, দুচামুচ সৈন্ধৱ নিমখ – আটাওবোৰ পিহি বটল এটাত থৈ দিব লাগে। পেটৰ বিষ হ’লে এগিলাচ পানীত দুচামুচ এই মিশ্ৰণ আৰু নেমুৰ ৰস মিহলাই খাব লাগে। বদহজম, গেছ আদিৰ বাবে হোৱা বিষত উপকাৰী। গাঁঠিৰ বিষ সন্ধিশোথ ৰোগত আক্ৰান্ত ব্যক্তি সাধাৰণতে কোষ্ঠ কাঠিন্যৰ বলি হয়। সেয়ে এনে ৰোগীয়ে এনে খাদ্য গ্ৰহণ কৰা উচিত যাতে কোষ্ঠ কাঠিন্য নহ্য়। ৰোগীয়ে তেল, ঘিউ, মাখন আদিত ভজা বস্ত্ত পৰিহাৰ কৰা উচিত। তেনেদৰে ভাত খোৱাও অনুচিত। ভাতৰ সলনি ৰুটি খাব লাগে। ব্যঞ্জনত অত্যন্ত গৰম মছলা ব্যৱহাৰ কৰা অনুচিত। শুকান আদা, জালুক, জিৰা, লং তথা দালচেনিৰ দৰে মধ্যম বৰ্গৰ মছলাৰ প্ৰয়োগ লাভ দায়ক। আচাৰ, তেতেলি, চিৰিকা, ভিনেগাৰ দিয়া দিয়া খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত। এনে ৰোগীৰ বাবে সু-ফল দায়ক কেই বিধ মান খাদ্য দ্ৰব্য এনে ধৰণৰ- নেমু ঋতু অনুযায়ী ঠাণ্ডা বা গৰম পানীৰে নিতৌ নেমুৰ ৰস সেৱন কৰা উপযোগী। সোৱাদৰ বাবে ইয়াত মৌ মিহলাই ল’ব পাৰি। কিছুমান শাক যেনে – পালেং, ভতুৱা বা জিলমিল আদি এই ৰোগৰ বাবে অপকাৰী। পানী লাউ, তিঁয়হ, আখড়োট উপকাৰী। ঘেঁহু ঘেঁহু পাতৰ ৰস খোৱাটো এই ৰোগৰ বাবে অতি উপকাৰী। দৈ আমবাত ৰোগৰ বাবে দৈ হানি কাৰক। সতেজ মিঠা দৈ অলপ মাত্ৰাত দুপৰীয়া আহাৰৰ লগত খাব পাৰে। মাংস, মচুৰ দাইলো হানি কাৰক। যিকোনো খাদ্য শস্যৰ অংকুৰিত বীজ আমবাতৰ ৰোগীৰ বাবে লাভজনক। বিলাহী গাঁঠিৰ বিষৰ ৰোগৰ বাবে বিলাহীৰ ৰস উপকাৰী। পদিনা ৫০ টা পদিনাৰ পাত বা আধা চমুচ শুকান পদিনাৰ গুৰি এগিলাচ পানীত উতলাই দিনত দুবাৰকৈ খালে গাঁঠিৰ বিষৰ ৰোগীয়ে আৰাম পায়। গাজৰ গাজৰ, তিঁয়হ, বিট তিনিওটঅৰ ৰস সমান মাত্ৰাত ম ইহলাই খালে সন্ধি দথলৰ বিষত শজে আৰাম পোৱা যায়। তিনিও বিধ পাচলি সহজ লভ্য নহ’লে অকল এবিধ পাচলি – বিশেষকৈ গাজৰৰ ৰস খালেও সু-ফল পোৱা যায়। আলু কেঁচা আলু পিহি আঙুলিত লগাই থ’লে গাউটৰ বিষত আৰাম পোৱা যায়। পিঁয়াজ পিঁয়াজৰ ৰস আৰু সৰিয়হৰ তেল সমানম্মাত্ৰাত লৈ বিষ হোৱা ঠাইত মালিচ কৰিব লাগে। নহৰু (১) এফোটা নহৰু একাপ পানীত ৰাতি তিয়াই লৈ পিছ দিনা পিহি লৈ পানী খিনিৰে সৈতে খাব লাগে। ইয়াৰ পিছত এচামুচ মাখন খাব লাগে। এনেদৰে এসপ্তাহ খোৱাৰ দ্বিতীয় সপ্তাহত দুফোটা আৰু তৃতীয় তিনি ফোটা নহৰু লৈ একেৰাহে খাই থাকিলেবাত বিষত আৰাম পোৱা যায়। (২) নহৰু পিহি তিল তেলৰ লগত মিহলাই খালেও বাত ৰোগত সু-ফল পোৱা যায়। (৩) আধা চামুচ নহৰুৰ ৰসত এচামুচ গৰম ঘিউ মিহলাই পুৱা-গধুলি দুবাৰ খালে আমবাত দূৰ হয়। মেথি (১) মেথগি গুটিৰ গুৰি ঘিউত ভাজি পিহি লৈ সৰু সৰু বড়ি তৈয়াৰ কৰি পুৱা-গধুলি খালে গাঁঠিৰ বিষত সু-ফল পোৱা যায়। (২) গুড়ৰ সৈতে মেথি গুটিৰ গুৰি পগাই খালেও ভাল হয়। (৩) মেথি চাৰি চামুচ তিয়াই অংকুৰিত কৰি পানীৰে সৈতে খাব লাগে। আদা গাঁঠিৰ বিষত আদাৰ ৰস ঘিউ অথবা মৌ মিহলাই খাব লাগে। দহ গ্ৰাম শুকান আদা ১০০ গ্ৰাম পানীত উতলাই ঠাণ্ডা হ’লে সোৱাদ অনুসৰি মৌ বা চেনি মিহলাই খাব লাগে। মৌ সন্ধিৰ বিষৰ ৰোগীয়ে দীঘলীয়া সময় গুৰি দৈনিক খাদ্য তালিকাত মৌ সন্নিবিষ্ট কৰিব লাগে। তুলসী তুলসীৰ পাত সিজাই ইয়াৰ ভাপ বাতগ্ৰস্ত ঠাইত লগাব লাগে আৰু তুলসী পাত, ঘিউ আৰ উজালুক মিহলাই খাব লাগে। বীট বীটৰ ৰস বাত বিষৰ বাবে উপকাৰী। মাটিমাহ ৬০ গ্ৰাম মাটিমাহ এক লিটাৰ পানীত উতলাই চাৰি ভাগৰ এভাগ পানী হ’লে নমাই সামান্য সৈন্ধৱ নিমখ আৰু আধা চামুচ শুকান আদাৰ গুৰি মিহলাই খাব লাগে। তিল তেল গাঁঠিৰ বিষত তিল তেল মালিচৱ কৰিব লাগে। বায়ু দোষৰ বাবে গাঁঠিৰ বিষ হ’লে শুকান আদাৰ ২০ গ্ৰাম, আখৰোট ৪০ গ্ৰাম আৰু ক’লা তিল ১৬০ গ্ৰাম চূৰ্ণ কৰি ১০০ গ্ৰাম গুড়ৰ লগত মিহলাই পুৱা-গধুলি ২০-২০ গ্ৰাম মাত্ৰাত খাব লাগে। নিমখ নিমখ তাৱাত সেকি লৈ কাপোৰত বান্ধি বিষ হোৱা ঠাইত সেক দিব লাগে। অ আজোৱান বা জনি আজোৱান (জনি) তেল বিষ হোৱা ঠইত মালিচ কৰিব লাগে। এনে তেল সজ লভ্য নহ’লে তিল তেলত আজোৱান উতলাইও লগাব পাৰি। (২) এচামুচ আজোৱান (জনি) চূৰ্ণ কৰি সামান্য নিমখ মিহলাই পুৱা খালী পেটত খাব লাগে। (৩) দুগিলাচ পানীত দুচামুচ জনি আৰু দুচামুচ নিমখ মিহলাই উতলাই লৈ গৰম কাপোৰ এখন সেই পানীত তিয়াই বিষ হোৱা ঠাইত সেক ল’ব লাগে। লেখক: ডাঃ নীলাক্ষি দেৱচৌধুৰী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন