শালমনৰ আগমন হ’লেই ভয় খাই যিহকে তিহকে লগাবলৈ আৰম্ভ কৰি দিয়ে । আজি হালধি, কাইলৈ ফাৰ্মাচীৰ পৰা অহা ক্ৰীম, পৰিহিলৈ বেচন, তাৰ পিছদিনালৈ ক্লিনজাৰ । আৰু এনেদৰে ক্ৰমে চলি গৈ থাকে । মানুহে যি কয় তাকে ব্যৱহাৰ কৰিও ফল নধৰে । ডাক্তৰ, বিউটি ক্লিনিকি একোৱেই কামত নিদিয়ে । লগাই থাকিলে ঠিক হয়, এৰিলে আকৌ টপকৈ ফুটি ওলায় । খঙতে চিকুটি, খুঁচি পূঁজ-তেজ উলিয়াইও শান্তি নেপায় । কেনেবাকৈ শুকালেও ক’লা দাগ , দ গাঁত, নিস্তেজ ছাল- মুখখনলৈ মুঠতে চাব নোৱাৰি ।

আয়ুৰ্বেদে বিশ্বাস কৰে যে শালমন ত্ৰিদোষৰ তাৰতম্য ঘটাৰ বাবে দেখা দিয়ে । শালমন শৰীৰৰ ভিতৰত উৎপন্ন খোৱা সমস্যাৰ বহিপ্ৰকাশ মাথোন । পঞ্চ মহাভূতৰ তথ্যৰ আধাৰত ত্ৰিদোষ, ধাতু, সমীকৰণৰ আধাৰত গূঢ় কাৰণ বিচাৰি উলিয়াই শালমনৰ চিকিৎসা কৰে । ইয়াৰ বাবে পথ্য খোৱা আহাৰ, জীৱন-প্ৰকৰণ, প্ৰলেপ, স্নান আদিৰ ওপৰত গুৰুত্ব দিয়ে ।

আয়ুৰ্বেদৰ মতে মানুহৰ ত্ৰিদোষ আৰু ধাতু পৰিৱৰ্তন হ’লেহে শালমন ওলায় । শালমন ওলোৱাৰ কাৰণে পিত্তদোষ আৰু ৰক্ত ধাতুৰ অসমতুলতা । গৰ্ভাৱস্থা, কুমাৰীত্ব বা তেনে কোনো কাৰণত থাইৰয়ড, ফাৰ্টিলিটি চিকিৎসা আদি কাৰণত ছালত পিত্ত বাঢ়ে । ৰক্ত ধাতু অপৰিষ্কাৰ হ’লে ছালত শালমন ওলায় । কেতিয়াবা অৱশ্যে অখাদ্য, গৰম খাদ্য, মছলা, তৈলাক্ত খাদ্যয়ো পিত্ত বঢ়ায়, ৰক্ত অপৰিষ্কাৰ কৰে । শোৱা-খোৱাও অনিয়ম হ’লেও পিত্ত সলনি হৈ দূষিত হয় । ইয়াৰ উপৰিও বেছিকৈ ৰাসায়নিক চৰবত সেৱন, মনৰ-মস্তিষ্কৰ উগ্ৰতা, উদাসীনতা, হিংসা আদি কাৰণতো শালমন ওলাব পাৰে । বৰ্তমান দেখা যায় পৰিৱেশৰ অশুদ্ধতা, যিকোনো দ্ৰব্য ব্যৱহাৰৰ ফলত শালমন ওলায় ।

শালমন ভাল কৰিবলৈ প্ৰথমে দোষমুক্ত হ’ব লাগে । ৰক্ত ধাতু পৰিষ্কাৰ কৰিব লাগে । বহু লোকৰ জন্মগতভাৱে শৰীৰত তাপ বা অগ্নিৰ প্ৰকোপ বেছি থাকে । তেওঁলোকৰ শালমন ওলোৱাৰ সম্ভাৱনা অধিক মাত্ৰাত থাকে । সেইবাবে বেছি সাৱধানে থাকিব লাগে ।

শালমন সৰুকৈ ওলাব পাৰে বা ঘন ঘনকৈ থোপাকৈ বা বহলকৈ ওলাব পাৰে । সাধাৰণতে পেটৰ সমস্যা থাকিলে ডাঙৰকৈ ওলাই থাকে । চুলিত উফি থাকিলে সৰু সৰুকৈ ওলায় । স্ত্ৰীৰোগ বা প্ৰসূতিৰ সমস্যা থাকিলে ৰঙাকৈ এটা-দুটা ওলায় । কেতিয়াবা পেটত পেলু থাকিলেও শালমন ওলাই থাকে । বহুতৰ চল্লিশোৰ্দ্ধত শালমন ওলাই থকা দেখা যায় । চাফ-চিকুণতাৰ অভাৱতো বহুতৰ শালমন ওলাই থাকে । শালমন ভাল কৰিবলৈ সাধাৰণতে আয়ুৰ্বেদত তলত দিয়া বনৌষধিসমূহ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া আছে ।

১) নিম :-

ইয়াৰ এণ্টিচেপ্টিক গুণ আছে, যিয়ে শালমনবোৰ ভাল কৰিব পাৰে । ইয়ে ছালখনক এক উজ্জ্বলতা প্ৰদান কৰাতো সহায় কৰে ।

২) হালধি :-

শালমন হ্ৰাস কৰাত সহায় কৰে । দাগবোৰো আঁতৰ কৰে । অতিৰিক্ত তেল আঁতৰাই লয় । বেক্টেৰিয়া নাশ কৰে ।

৩) তুলসী :-

ছাল বহল হৈ পৰা নোমছিদ্ৰবোৰ সংকুচিত কৰে । বীজাণুমুক্ত কৰে, দাগ গুচাই ছালৰ ৰং পৰিষ্কাৰ কৰে ।

৪) পট’লাই :-

ছালৰ টক্সিন বা দূষিত দ্ৰব্য আঁতৰ কৰে । ছালৰ নোমছিদ্ৰত থকা ব্লক বা মলি আঁতৰ কৰে । ছাল পৰা দূষিত দ্ৰব্য আঁতৰায় ।

৫) নীলা পদুম (উৎপলা):-

ছালৰ তেল নি:সৰণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে । যাৰ ফলত শালমন আৰু বৰ শালমন ওলোৱা বন্ধ হয় । ছালখন মিহি হয় ।

৬) দেৱদাৰু :-

ছালৰ কিছুমান গুৰুতৰ সমস্যা ভাল কৰাত সহায় কৰে । ডাঙৰকৈ শালমন ফুলি গলগন্ধ ওলালে ইয়ে ভাল কৰে । লগতে সোনকালে ভাল হোৱাত সহায় কৰে ।

৭) অশ্বগন্ধা:-

অত্যন্ত বেছি পৰিমাণত এন্টি অক্সিডেণ্ট থকাৰ বাবে ছালখন ৰক্ষা কৰে মুক্ত দূষিত পদাৰ্থসমূহৰ পৰা । ছালৰ ৰং-ৰুপ উজ্জ্বল কৰে । সক্ৰিয় কৰি তোলে কমনীয়তা । ছালখন বীজাণুৰ পৰা ৰক্ষা কৰি ৰাখে, ফলত শালমন আদি নহয় ।

৮) চজিনা:- পাতবোৰত যথেষ্ট পৰিমাণত লো, এণ্টিচেপ্টিক, শান্ত কৰিব পৰা গুণ থাকে । ৰক্ত পৰিষ্কাৰ কৰে । ছালো পৰিষ্কাৰ কৰে । ছালৰ যৌৱন অৱস্থা অটুট ৰাখে । দেখাত ভাল লগা হয় ।

৯) সৰিয়হৰ খলিহৈ :-

ইয়াক লগালে খজুৱতি নোহোৱা হয়, দাগ আঁতৰে, সৰু-বৰ শালমন ভাল হয় । ছালখন শীতল কৰি তোলে ।

১০) তেজপাত :-

ইয়াৰ পৰা ওলোৱা তেজত Xanthoxylin থাকে । ইয়াৰ বাবে ছাল পৰিষ্কাৰ হয় । ছালখনৰ পৰা শালমন, গুটি, বৰশালমন আঁতৰে । উজ্জ্বলতা বাঢ়ে । ইয়াক লগালে বিষ নোহোৱা হয় । কেতিয়াবা শালমন হ’লে বৰ বিষায় । তেতিয়া ইয়াৰ প্ৰয়োগ কৰিব পাৰে ।

১১) ধনিয়া :-

সতেজ পাতবোৰ শালমন, ক’লামূৰীয়া, বৰশালমন আদিৰ বাবে বৰ গুণকাৰী । ইয়াক ব্যৱহাৰ কৰিলে খাদ্যপ্ৰাণ ‘গ’, বিটা কেৰ’টিন, এণ্টি এক্সিডেণ্ট লাভ কৰে ছালখনে । ফলত ছালখন স্বচ্ছ হয়, বীজাণুমুক্ত হয় । ৰং ভাল হয় ।

১২) বৃন্দাবন :-

এই বন ব্যৱহাৰ কৰিলে ছালৰ পৰা শালমন আঁতৰে । কেতিয়াও নহয় । শালমনৰ পিছত হোৱা ক’লা দাগো আঁতৰে । খৰ হ’লেও ইয়াক ব্যৱহাৰ কৰিব পাৰে ।

উপৰোক্ত দ্ৰব্যসমূহৰ যিকোনো এবিধ নিৰ্বাচন কৰি ব্যৱহাৰ কৰিব । সকলোখিনি একেলগে সোনকালে ভাল পোৱাৰ আশাতে নলগাব । আয়ুৰ্বেদৰ দৰৱ এবাৰত এটাহে ব্যৱহাৰ কৰিব লাগে আৰু খৰধৰকৈ ফল পোৱাৰ বাঞ্চা কৰিব নেলাগে ।

লেখিকা :- মধুমিতা শইকীয়া

উৎস :- নন্দিনী