উচ্চ ৰক্তচাপ উচ্চ ৰক্তচাপ এক নীৰৱ ঘাটক বোলা হয়। কাৰণ বহু সময়ত উচ্চ ৰক্তচাপৰ লক্ষণ দেখা নিদিয়াকৈ বহুত দিন ধৰি থকিব পাৰে। যেতিয়া ই হৃদয়, বৃক্ক, চকু ইত্যাদি অংগ সমূহ নষ্ট কৰে তেতিয়া সাধাৰণ পৰীক্ষা কৰোতেহে ধৰা পৰে। সেই বাবে নিয়মিত ৰক্তচাপ পৰীক্ষা কৰা প্ৰয়োজন। উচ্চ ৰক্তচাপ হৈছে বুলি কেতিয়া ক’ব? যেতিয়া ৰক্তচাপ ১৩৫-৮৫ মিঃ মিঃ পাৰা স্তম্ভ বা (Hg) ৰ ওপৰত থাকিব, তেতিয়া ৰক্তচাপ বৃদ্ধি হৈছে বুলি ক’ব পাৰে। কেৱল এবাৰ পৰীক্ষাত ৰক্তচাপ বঢ়াটো প্ৰমাণ পালেই নহয়, দুবাৰ, তিনিবাৰ পৰীক্ষা কৰাৰ পিছতহে ৰক্তচাপ বঢ়া বুলি নিশ্চিতকৈ ক’ব পাৰি। উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কাৰ বেছি ই বংশগত ৩৫ বছৰ বয়সৰ ওপৰৰ পুৰুষ বা মহিলা আহাৰত নিমখ বেছিকৈ খোৱা ব্যক্তি। বেছি মাত্ৰাত সুৰা আৰু মদ্যপান কৰা ব্যক্তি। মেদ বহুল ব্যক্তি। মহিলাৰ ক্ষেত্ৰত জন্ম নিয়ন্ত্ৰক বড়ি দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা মহিলা। শাৰীৰিক পৰিশ্ৰম মুঠেই কমকৈ কৰা ব্যক্তি। মাত্ৰাধিক ছাগলী-গাহৰি আদিৰ মাংস খোৱা লোক। চিন্তা-ভাৱনাৰ মাত্ৰা বেছি হোৱা ব্যক্তি। উচ্চ ৰক্তচাপ কেনেকৈ আতঁৰাই ৰাখিব? উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাৰ বহুতো উপায় আছে। যদি উচ্চ ৰক্তচাপ পুৰণা হয়। তেনেহ’লে ধমনী আৰু হৃদযন্ত্ৰৰ ভিতৰত কিছু পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তনৰ বাবে উচ্চ ৰক্তচাপ কমাই ৰখাটো কঠিন হৈ পৰে। তথাপিও চেষ্টা এৰিব নালাগে। আপুনি যদি মেদবহুল, প্ৰথমতে শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰক। ব্যায়াম কৰক। নিৰামিষ আহাৰত গুৰুত্ব দিয়ক। মদ্যপান আৰু ধূমপান পৰিত্যাগ কৰক। আহাৰত নিমখৰ মাত্ৰা কমাই দিতক। বেছি নিমখ থকা খাদ্যবস্ত্ত আচাৰ, পাপৰ, ছিপচ ইত্যাদি পৰিহাৰ কৰক। জন্ত্তৰ মাংস বাদ দিঅয়ক। ৰন্ধা বঢ়াৰ বাবে ভেষজ তেল (Vegetable oil) ব্যৱহাৰ কৰক। যদি আপুনি উচ্চ ৰক্তচাপৰ বাবে ঔষধ সেৱন কৰে, তেন্তে ঔষধ বন্ধ নকৰিব। ডাক্তৰৰ পৰামৰ্শ মতেহে বন্ধ বা সলনি কৰিব। মানসিক চিন্তা-ভাৱনা দূৰ কৰিবলৈ ঈশ্বৰৰ শৰণাপন্ন হওক। যোগাভ্যাস কৰক। ধ্যান কৰিব পাৰে। মনত ৰাখিব ফল-মূল: কল, সুমথিৰা, আঙুৰ আদিত পটাছিয়াম থাকে, যি উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে ভাল। শাক-পাচল : পালেং, বিন, স্কোৱাচ, বাঁহগাজ, সেউজীয়া শাক-পাচলি ইত্যাদিয়ে উচ্চ-ৰক্তচাপ কমাই ৰাখে। অ’মেগা ৩ কোটি এচিড (Omega -3- Fatty acis): এই ফেটি এচিড বিধ চাৰ্ডিন, টুনামাছ, বাহু, ইলিচ মাছ আদিত থাকে, যি উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ভাল। খাদ্য প্ৰাণ গ : খাদ্য প্ৰাণ ‘গ’ ই উচ্চ ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰে। শাক-পাচলি যেনে- চজিনা, লাই, লফা, চুকা শাক আৰু ফল-মূল- কমলা, আমলখি, নেমু আদিত খাদ্য প্ৰাণ ‘গ’ থাকে। কেলচিয়াম আপেল, আঙুৰ, গাখীৰ, গাখীৰৰ পৰা উৎপাদিত খাদ্য বস্ত্তত কেলচিয়াম থাকে, যি উপযুক্ত পৰিমাণত খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাত বাধা দিয়ে। উৎস: খাদ্য আৰু পৰিপুষ্টি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট