যৌন ক্ৰিয়াৰ দ্বাৰা মানুহে কেনেকৈ দেহৰ সৌন্দৰ্য বৰ্ধনত সহায় কৰে তাৰ বিস্তৃত ব্যাখ্যা ডাঙি ধৰিছে। লেখকৰ ভাষামতে- “যৌন ক্ৰিয়াক অন্যতম প্ৰাকৃতিক “বিউটি” বুলি কোৱা হয়। বৈধভাবে যৌনক্ৰিয়াই মনত অপাৰ আনন্দ আৰু শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ সঞ্চালন ক্ৰিয়াত সহায় কৰি শৰীৰ আৰু মন সুস্থ-সবল কৰাত সহায় কৰিব পাৰে। যৌন ক্ৰিয়া যৌন ক্ৰিয়া বুলি ক’লে আলিংগন, চুম্বন, স্পৰ্শ, সহবাস আদিকে বুজোৱা হৈছে। যৌনক্ৰিয়া কৰোতে বিপৰীত লিংগৰ দুয়োপক্ষৰ- আন্তৰিকতা, সহযোগিতা, প্ৰফুল্লতা, বিশ্বাস, ধৈৰ্য আদি থাকিবই লাগিব। যৌনক্ৰিয়াৰ ফলত শৰীৰত অৰ্থাত সৌন্দৰ্যত কেনেদৰে প্ৰভাব পৰে নিয়মীয়াকৈ যৌনক্ৰিয়াই, অন্ততঃ সপ্তাহত এদিনকৈ সফল যৌনক্ৰিয়া কৰিলে মানসিক সমস্যা দুৰ হয় আৰু মানসিক স্বাস্থ্য বহুখিনি সবল হয়। ষ্ট্ৰেছ হৰমোন এড্ৰিনালিৰ নিঃসৰণ বন্ধ হৈ মানসিক চিন্তাৰ পৰা মুক্ত হৈ মন প্ৰফুল্ল হৈ পৰে। প্ৰফুল্ল মনে সৌন্দৰ্যত সোণত সুৱগা চৰোৱাৰ দৰে হয়। যৌনক্ৰিয়াৰ ফলত মহিলাৰ শৰীৰত দুগুণ পৰিমাণৰ ইষ্ট্ৰোজেন হৰমোন নিঃসৰণ হয়, যাৰ ফলত শৰীৰৰ ছাল কোমল হয় আৰু চুলি চিকচিকীয়া হয়। বয়স হ’লে ছালত যি বলিৰেখা পৰে, সেই বলিৰেখা প্ৰতিৰোধ হয়। যৌনক্ৰিয়াৰ ফলত ছাললৈ তেজৰ সঞ্চালন বেছি হয় আৰু ছালৰ কোষবিলাকলৈ অক্সিজেন অধিক পৰিমাণ সৰবৰাহ হয়। যাৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। যৌনক্ৰিয়াই মাংসপেশী সবল কৰে। যৌনক্ৰিয়াৰ ফলত এবাৰত 200ৰ পৰা 600 কেলৰি শক্তি ক্ষয় হয়। গতিকে যৌন ক্ৰিয়া সঠিকভাবে আৰু নিয়মীয়াকৈ কৰিলে মেদবহুলতাৰ পৰা ৰক্ষা পৰি দেহ লাহী আৰু সুন্দৰ কৰি ৰাখিব পাৰি। নিয়মীয়াকৈ যৌনক্ৰিয়া কৰিলে উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিৰ পৰা ৰক্ষা পাব পাৰি। ইংৰাজীত এষাৰ কথা আছে – “Kiss each day, keep dentist away” অৰ্থাত প্ৰত্যেকদিনাই চুম্বন কৰিলে দাঁতৰ চিকিৎসাৰ পৰা আঁতৰত ৰাখে। চুম্বন কৰাৰ সময়ত মুখৰ পৰা ছেলাইভা তৈয়াৰ হয়। ইয়াৰ ফলত দাঁত, দাঁতৰ ফাঁকৰ মাজত জমা হোৱা খাদ্যৰ সৰু সৰু কণিকাবোৰ বাহিৰ ওলাই আহে। এনেদৰে দাঁতৰ মাজত জমা হোৱা এচিডৰ পৰিমাণ হ্ৰাস হয়। এনে হোৱাৰ কাৰণে দাঁতৰ ক্ষয়ৰোগ প্ৰতিৰোধ হয়। যৌনক্ৰিয়াৰ ফলত দেহত কিছুমান ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। যৌনক্ৰিয়াৰ ফলত দেহৰ লসিকা গ্ৰন্থি সক্ৰিয় হোৱাৰ ফলত গ্ৰন্থিৰ পৰা বাহিৰ হোৱা ৰসে বেক্টেৰিয়া আৰু বিষাক্ত দ্ৰব্যসমূহ বিনাশ কৰে। যাৰ ফলস্বৰূপে বহুমূত্ৰ ৰোগ প্ৰতিৰোধ হয়। আন্তৰিকতাপূৰ্ণ বিপৰীত লিংগৰ আলিংগনে বৃদ্ধাৱস্থাত হোৱা বহু ৰোগ নাইকীয়া কৰিব পাৰে। বাৰ্ধক্যৰ পৰা দুৰত ৰাখিব পাৰে, প্ৰেমমূলক বিপৰীত অলিংগনে বৃদ্ধাৱস্থাত হোৱা স্মৃতিশক্তি হ্ৰাস প্ৰতিৰোধ কৰি সবল কৰাত সহায় কৰে। টেনচনৰ কাৰণে মগজুৰ ৰক্তবাহী নলিকাবিলাক যেতিয়া সৰু হৈ পৰে তেতিয়া মুৰত সাংঘাটিক ধৰণৰ বিষ হব পাৰে। এনে বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্যতম সহজ উপায় হ’ল যৌনক্ৰিয়া কৰা। কাৰণ যৌনক্ৰিয়াৰ ফলত ঠেক হৈ পৰা ৰক্তবাহী নলিকাবিলাক স্বাভাৱিক অৱস্থালৈ যায় আৰু ঠিকমতে তেজৰ চলাচল অব্যাহত ৰাখে। চল্লিশ বছৰৰ অধিক হোৱা লোকৰ, বিশেষকৈ মহিলাৰ হাড়বিলাক ঠুনুকা হয় আৰু দুৰ্বল হয়। যাক অষ্টিঅ’পৰ্’ছিছ বুলি কোৱা হয়। নিয়মিত সহবাসে ইষ্ট্ৰ’জেন হৰমোন নিঃসৰণ কৰাত সহায় কৰে আৰু এই হৰমোনে অষ্টিঅ’পৰ’ছিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। মানসিক উদ্বেগ আৰু অস্বস্তিৰ উপশম ঘটোৱাত প্ৰেম-প্ৰীতি আৰু যৌনক্ৰিয়াই সহায় কৰে। যৌনক্ৰিয়া চলি থকা সময়ত সুগন্ধিযুক্ত ফোৰোমা নামৰ এবিধ হৰমোন অধিক নিঃসৰিত হয় , যিয়ে বিপৰীত লিংগৰ আকৰ্ষণ বঢ়ায় আৰু যৌনক্ৰিয়াত সুখ অনুভৱ কৰাত সহায় কৰে। ফলত দেহ-মন অনন্দিত আৰু পুলকিত হয় আৰু ছালৰ উজ্জ্বলতা দুগুণে বাঢ়ে। যৌনক্ৰিয়াৰ ফলত স্তনদ্বয় বা দেহৰ আন অংগ মালিচ কৰাৰ ফলত তেজ ঠিকমতে সঞ্চালন হয়। কোমল হয় আৰু স্নায়ু সবল হয়। যিসকল নাৰীয়ে সপ্তাহত এবাৰকৈ যৌনক্ৰিয়া কৰে তেওঁলোকৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হৈ থাকে। যৌনক্ৰিয়া বিশেষকৈ সহবাস হ’ল ভাল ব্যয়াম। এই ব্যায়ামে দেহ সুস্থ ৰখাত সহায় কৰে। বিশেষকৈ বহুমুত্ৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰে, ভোক বঢ়ায়। হাওঁফাওঁ শক্তিশালী কৰে। ইজনে সিজনক ভালপোৱা, আন্তৰিকতা গাঢ়তা বাঢ়ে”। গ্ৰন্থখনত যৌন শক্তি অটুট ৰখাৰ বাবে অসংখ্য বনৌষধি বিধি দিছে , তাৰ মাজৰে এটা উল্লেখ কৰিলো- “আমলখি ছাঁত শুকুৱাই এটা বৈয়ামত ভৰাই থ’ব লাগে যাতে বৈয়ামৰ ওপৰফালে প্ৰায় 1 ইঞ্চিমান খালী থাকে। এতিয়া গোটেই বৈয়ামটোৰ ভিতৰত বৈয়ামৰ খালী থকা অংশলৈকে মৌ ভৰাই বতাহ ভিতৰত সোমাব নোৱাৰাকৈ সাঁফৰখন বন্ধ কৰি প্ৰায় এমাহ ৰাখিব লাগে। ইয়াৰ পিচত নিতৌ একোটাকৈ সেই আমলখি খালে শৰীৰত যথেষ্ঠ শক্তি পোৱা যায়। শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। বৃদ্ধ অৱস্থালৈকে যৌন শক্তি অটুট থাকে।” লেখক: দেৱব্ৰত গগৈ উৎস: সাহিত্য.অৰ্গ